তুমি পুৰুষ, মই নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

তুমি পুৰুষ, মই নাৰী

 


তুমি পুৰুষ, মই নাৰী 


                                        নাছিৰ আহমেদ 

                            শিমলাবাৰী, গোৱালপাৰা


তুমি পুৰুষ,

মই নাৰী।


তুমি পৰম পূজনীয় দেউতা,

সাক্ষাৎ পৰম ব্ৰহ্ম শিক্ষাগুৰু,

বাৎসল্য প্ৰেমৰ ধাৰা ভ্ৰাতৃ,

স্বৰ্গীয় নন্দন কানন বন্ধু বা প্ৰেমিক,

পৃথিৱীৰ ধাৰক-বাহক সন্তান,

প্ৰজাপতিৰ নিৰ্ৱন্ধ স্বামী।


মই জন্মদায়িনী মাতৃ,

স্নেহ-বন্ধন ভগ্নী,

অকৃত্ৰিম মমতা ভৰা বান্ধৱী বা প্ৰেমিকা,

 উৰ্বৰ শস্যৰ পথাৰ বা চিৰ প্ৰৱাহিনী নৈ পত্নী,


তুমি পুৰুষ,

মই নাৰী।


তুমি একচ্ছত্ৰী সম্ৰাট,

সাম্ৰাজ্যবাদী,

স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ অধিকাৰী,

নিপুণ অভিনেতা,

শ্ৰেষ্ঠ ক্ৰীড়াবিদ,

মহা যাদুকৰ,

সুৰৰ স্ৰষ্টা 

 সৃষ্টিকাৰী,

ধ্বংসকাৰী 

ৰক্ষক,  ভক্ষক

সংহাৰকাৰী,

লুণ্ঠনকাৰী,

প্ৰলোভনকাৰী,

নিৰ্যাতনকাৰী,

হিংস্ৰ দানৱ, 

মুখাধাৰী,

বলাৎকাৰী,

অবিবেচক,

মিথ্যা ন্যায়ধীশ,

উত্তেজক দ্ৰব্য সংবাদ দাতা,


তুমিয়েই পৰম সত্তা,

ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ,

ঈশ্বৰ, আল্লাহ,গড ,

লাখ লাখ অৱতাৰী পুৰুষ 

আল্লাহৰ প্ৰেৰিত নবী,


হে পুৰুষ,

তোমাৰ প্ৰকৃত স্বৰূপ

নাৰী যুগে যুগে তোমাৰ হাতত


লাঞ্চিতা, বঞ্চিতা, শোষিতা,

ধৰ্ষিতা, চিৰ বন্দিনী।


মই নাৰী 

মোৰ একমাত্ৰ পৰিচয় –

পুঁজিপতিৰ  উলঙ্গ বিজ্ঞাপন,

ৰাজনীতিবিদৰ আসন সংৰক্ষিতা,

স্বামীগৃহৰ হাতৰ পুতলা,

ক্ৰীড়াবিদৰ খেলৰ সামগ্ৰী,

বজাৰৰ পণ্য সামগ্ৰী,

ঘৰে ঘৰে ৰঙচঙীয়া কাগজেৰে মেৰিয়াই ৰখা 

মহা দূৰ্মূল্যৰ হীৰাৰ আঙঠি !


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages