গ্ৰামাঞ্চলৰ যুৱক-যুৱতীৰ উত্তৰণত গ্ৰাম্য ক্ৰীড়া সংস্থাৰ ভূমিকা
ড° দেৱজিৎ পেগু
পৰিচয়মূলক সূচনাঃ
মানৱ সভ্যতা-সংস্কৃতিৰ এক অনন্য অংগ হৈছে গাঁও। বুদ্ধিবৃত্তিশীল সামাজিক জীৱ হিচাপে মানুহে অনাদি কালৰ পৰাই সমাজ পাতি বসবাস কৰি আহিছে আৰু সমাজৰ সামগ্ৰিক উন্নয়নৰ হেতু সমাজত বসবাস কৰা ব্যক্তিত্বসম্পন্ন ব্যক্তিসকলে আন্তৰিকতাৰে প্ৰয়াস কৰে। একোখন গাঁওত মানুহে এক সৰ্বাংসুন্দৰ নীতি-আদৰ্শেৰে সমাজ পাতি বসবাস কৰা পৰিলক্ষিত হয়। এই নীতি-আদৰ্শৰে মানুহে সাধ্যানুসাৰে সমাজৰ উন্নয়নত অৰিহনা যোগাই আহিছে। ব্যক্তিৰ শাৰীৰিক আৰু বৌদ্ধিক উত্তৰণত ক্ৰীড়া সংস্থাৰ বিশেষ ভূমিকা আছে। শাৰীৰিক সুস্থতাই ব্যক্তিৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত অনিবাৰ্যভাৱে সহায় কৰে। সুস্থ দেহত সুস্থ মন আৰু সুস্থ মনৰ গৰাকীজনে বৌদ্ধিক উত্তৰণ ঘটাই মানৱ জীৱনক মূল্যৱান আৰু মহিয়ান কৰি তোলে। ব্যক্তিৰ উত্তৰণত ক্ৰীড়া সংস্থাৰ বিশেষ ভূমিকা পালন কৰা পৰ্যবেক্ষিত হয়। গাঁওৰ যুৱক-যুৱতীক সুস্থ পৰিৱেশ দি গাঁওৰ সৰ্বাংগীন বিকাশত গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাই প্ৰয়াস কৰা দেখা যায়। নতুন প্ৰজন্মক সঠিক পথ প্ৰদৰ্শন আৰু চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্ম সংস্থাপন লাভ কৰাৰ বাবে যি বৌদ্ধিক সুস্থতা আৰু শাৰীৰিক সক্ষমতাৰ প্ৰয়োজন; এই প্ৰয়োজনবোৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা পূৰণ কৰিব পৰা যায়। কিয়নো -
যুৱ শক্তি মহান শক্তি
যুৱক যুৱতীৰ নৱ জাগৰণ
গাঁওৰ সৰ্বাংগীন উন্নয়নৰ আভাস।
নৱ প্ৰজন্মৰ সঠিক পথৰ গতি
মানৱতাৰ উৎকৰ্ষতাৰ মতি
গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাৰ
আছে বহু ইতিবাচক দৃষ্টি।
জাগিব লাগিব, জগাব লাগিব
মনুষ্যৰ সুপ্ত প্ৰতিভা
জ্ঞানৰ আলোকেৰে আলোকিত কৰিব লাগিব গ্ৰামাঞ্চল।
কুসংস্কাৰ আৰু অন্ধবিশ্বাস নিৰ্মূল কৰি
কৰিব লাগিব সভ্যতাৰ বিজয় যাত্ৰা
গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাই কৰিব দূৰ
মাদক দ্ৰব্যৰ সেৱন আৰু নিচাসক্ত নীচ মানসিকতা।
হে যুৱ শক্তি,
উঠক! জাগক! লক্ষ্যস্থান
নোপোৱা পৰ্যন্ত নৰ’ব থমকি।
তোমাৰ আলোক যাত্ৰাৰ সদা সহযাত্ৰী
গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থা।
অসম তথা ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীঃ
মহান মানৱ মহাত্মা গান্ধীয়ে মত ব্যক্ত কৰিছিল যে ভাৰতবৰ্ষৰ আত্মা গাঁওতে আছে। ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়ন মানে গাঁওসমূহৰ উন্নয়ন। গ্ৰামাঞ্চলৰ গাঁওবোৰ স্বাভাৱিকতে প্ৰাকৃতিক ৰীতি-নীতি আৰু গাঁওবোৰত বৰ্তি থকা সাতামপুৰুষীয়া সামাজিক ৰীতি-নীতি, পৰম্পৰা আৰু প্ৰথা ইত্যাদিৰে চালিত হয়। পিতৃ-মাতৃ তথা অভিভাৱকৰ অহৈতুকী মৰম-চেনেহ, ওচৰ-চুবুৰীয়াৰ পাহৰিব নোৱাৰা আদৰ-চেনেহেৰে লালিত পালিত গাঁওৰ সন্তান তথা নতুন প্ৰজন্ম। মুকলি পথাৰত সেউজ দুবুৰীৰে আবৃত খেলপথাৰত ভিন্ন খেল-ধেমালিৰে ডাঙৰ দীঘল হয় গ্ৰামাঞ্চলৰ সন্তান। ধূলিৰ লগত খেলি আপোন পাহৰা গাঁওৰ ল’ৰা-ছোৱালীয়ে জীৱনৰ জটিলতা অনুভৱ নকৰাকৈ জীৱনৰ শৈশৱ আৰু কৈশোৰ কাল অতিবাহিত কৰে নৈসৰ্গিক পৰিৱেশত।
ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসমৰ দ্বিতীয় সৰ্ববৃহৎ খিলঞ্জীয়া ভূমিপুত্ৰ তথা জনজাতীয় জনগোষ্ঠী মিচিং অধ্যুষিত গ্ৰামাঞ্চলত শৈক্ষিক পৰিৱেশ বাৰুকৈ অভাৱ দেখা যায়। গুণগত শিক্ষা দিয়াৰ বাবে গাঁও অঞ্চলত উন্নত আন্তঃগাথঁনি সম্পন্ন শিক্ষানুষ্ঠান অতি বিৰল। অতি পৰিতাপৰ বিষয় যে, আজিৰ একবিংশ শতিকাতো মিচিং অধ্যুষিত অধিকাংশ অঞ্চলত যাতায়ত আৰু যোগাযোগৰ বাবে উন্নত মানদণ্ডৰ ৰাস্তা নাই আৰু গুণগত শিক্ষা আহৰণৰ বাবে কোনো উন্নত গুণ বিশিষ্ট তথা উন্নত মানদণ্ডৰ প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ বিদ্যালয় আৰু মহাবিদ্যালয় পৰিলক্ষিত নহয়। যিবোৰ চৰকাৰী শিক্ষানুষ্ঠান আছে, সেইবোৰো কোনো চৰকাৰী নীতি-নিয়ম যথাযথভাবে নমনাকৈ চলি আছে আৰু এই শিক্ষানুষ্ঠানবোৰৰ শিক্ষক সকলেও অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰাৰ পৰিবৰ্তে গাঁওবাসীৰ নিৰক্ষৰতা আৰু অজ্ঞানতাৰ সুবিধা লোৱা দেখা যায়। এই শিক্ষানুষ্ঠানবোৰত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে আধুনিকতাৰ লগত খাপ খোৱাই জীৱন যাপন কৰিব পৰা শিক্ষা আশা কৰিব নোৱাৰি। এনে পৰিৱেশত ডাঙৰ দীঘল হোৱা হেতু গ্ৰামাঞ্চলৰ একাংশ যুৱক-যুৱতী শাৰীৰিকভাৱে বলবান আৰু সুঠাম হ'লেও মানসিক উৎকৰ্ষতা আৰু বৌদ্ধিক পৰিপক্কতা হোৱা দেখা নাযায়। ইতিবাচক আৰু আশাব্যঞ্জক কথাটো হৈছে যে শাৰীৰিক, মানসিক আৰু বৌদ্ধিকভাবে সুস্থ একাংশ যুৱক-যুৱতী তথা সমাজহিতৈষী একাংশ অভিভাৱকে গাঁওৰ সৰ্বাংগীন উন্নয়নৰ হকে বিভিন্ন প্ৰগতিশীল পৰিকল্পনা ৰূপায়নৰ হেতু সততে অহোপুৰুষাৰ্থ কৰা পৰিলক্ষিত হয়। গ্ৰামাঞ্চলৰ কিছু সচেতন আৰু সজাগ অভিভাৱকে নিজৰ সন্তানৰ উজ্জ্বল ভবিষ্যতৰ বাবে গুণগত শিক্ষা সাধ্যানুসাৰে দিয়া প্ৰয়াস কৰে। এই ইতিবাচক প্ৰচেষ্টাত গ্ৰামাঞ্চলৰ একাংশ যুৱক-যুৱতীৰ মানসিক আৰু বৌদ্ধিক উত্তৰণত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু এই ক্ষেত্ৰত মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠনবোৰেও গ্ৰামাঞ্চলত সুস্থ পৰিৱেশ দিয়াৰ বাবে সাংগঠনিক মঞ্চত অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে। ইয়াৰ ফলত গ্ৰামাঞ্চলৰ বহু যুৱক-যুৱতী শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ হৈ শৈক্ষিক, সাংস্কৃতিক, ভাষা-সাহিত্য ইত্যাদি ক্ষেত্ৰত নিজ সহজাত প্ৰতিভাৰে কৰ্ম সংস্থাপন হৈছে আৰু চৰকাৰৰ উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে আৰু দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰা সাম্প্ৰতিক সময়ত সংখ্যাত তাকৰ হ'লেও গ্ৰামাঞ্চলত দেখিবলৈ পোৱা যায়।
গ্ৰামাঞ্চলৰ নতুন প্ৰজন্মক সঠিকভাৱে আগুৱাই নিলে অনাগত দিনত মহা মানৱ মহাত্মা গান্ধীৰ সপোনৰ ভাৰতবৰ্ষ বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে। কু-ভাৱনা আৰু কৃত্ৰিম ধাৰনাই গ্ৰামাঞ্চলৰ যুৱক-যুৱতীৰ মন-মস্তিষ্কত কমকৈ দেখা যায় আৰু এই যুৱক-যুৱতীক সঠিক পথেৰে উপযুক্ত শিক্ষা আৰু Training-ৰে আগুৱাই নিলে গ্ৰামাঞ্চলৰ সামগ্ৰিক ৰূপান্তৰ সাধন কৰি মানৱ সভ্যতা-সংস্কৃতিৰ সকলো ক্ষেত্ৰ যেনে আৰ্থ-সামাজিক, সাংস্কৃতিক, ভাষা-সাহিত্য, ৰাজনৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় ইত্যাদি ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ সম্ভাৱনা অনাগত দিনত আশা কৰিব পৰা যায়।
যুৱক-যুৱতীৰ সামগ্ৰিক উত্তৰণত ক্ৰীড়া সংস্থাৰ ভূমিকাঃ
সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ ক্ষেত্ৰত ক্ৰীড়াই মানুহক অনাদি কালৰ পৰা বিশেষ ভূমিকা লোৱা পৰ্যবেক্ষিত হয়। ৰোগ-ব্যাধিয়ে মানুহক শাৰিৰীক অসুস্থতা, মানসিক অশান্তি দিয়াৰ লগতে আৰ্থিকভাৱে কোঙা কৰা দেখা যায়। অতি আশাপ্ৰদ কথাটো হ’ল যে, ক্ৰীড়াই মানুহক শাৰিৰীক, মানসিক আৰু বৌদ্ধিক সুস্থতা প্ৰদান কৰিবলৈ সক্ষম আৰু মানুহক আৰ্থিক আত্মনিৰ্ভৰশীলতা কৰি তোলে। সুশৃংখল আৰু সুসংহত জীৱন যাপনত ক্ৰীড়াই মানুহৰ মাজত এক সুস্থ সবল সামাজিক মানসিকতা গঢ়ি তোলে। সাধাৰণতে, ক্ৰীড়াৰ দুটা ভাগ থকা দেখা যায় - Indoor Game and Outdoor Game। উভয় ক্ৰীড়াই মানুহৰ মাজত ভাতৃত্ববোধ, সদ্ভাৱ আৰু সুস্থ সামাজিক ভাৱাৱেগ সৃষ্টি কৰি মানৱ সভ্যতা-সংস্কৃতিৰ উত্তৰণত বিশেষ অৱদান আগবঢ়াই আহিছে।
গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থা (Rural Sports Association)-এ উঠি অহা যুৱক -যুৱতীৰ সামগ্ৰিক উত্তৰণ সাধনত আৰু গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নত বিশেষ ভূমিকা পালন কৰে। ক্ৰীড়া সংস্থা (Sports Association)-ৰ নীতি-আদৰ্শ আৰু উদ্দেশ্য পৰ্যালোচনা কৰিলে নিম্নোল্লেখিত ভিন্ন দিশত সমাজৰ সৰ্বাংগীন উন্নয়নত বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয় -
১) গ্ৰামাঞ্চলৰ যুৱক-যুৱতীৰ শাৰীৰিক সুস্থতা অৰ্থাৎ কোনো মাৰাত্মক ৰোগ-ব্যাধিৰ পৰা আত্মৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া সংস্থাই বিশেষ ভূমিকা পালন কৰে। কিয়নো খেলাৰ সময়ত দেহৰ বহু অপ্ৰয়োজনীয় তথা দেহৰ বাবে ক্ষতিকাৰক পদাৰ্থ ঘামৰ লগত বাহিৰ হয় আৰু ৰক্ত চলাচল (Blood Circulation)-ত বহুতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰি ৰক্ত বিশুদ্ধতা আৰু কাৰ্য সক্ষমতাত বিশেষকৈ Outdoor Game-এ সহায় কৰে।
২) যুৱক-যুৱতীৰ মাজত ভাতৃত্ববোধ, সদ্ভাৱ আৰু সামাজিক মূল্যবোধ জগায় তুলি একতাৰ এনাজৰীৰে একত্ৰিত হৈ গাঁওৰ সুস্থ তথা মানৱতাৰ উৎকৰ্ষ সাধনৰ অনুকূল বাতাবৰণ সৃষ্টি কৰে।
৩) শৈক্ষিক ক্ষেত্ৰত গুণগত শিক্ষাৰে কৰ্ম সংস্থাপন হোৱাত ক্ৰীড়া সংস্থাই বিশেষ ভূমিকা পালন কৰে। কিয়নো ক্ৰীড়াৰ আভ্যন্তৰীণ খেল আৰু বহিৰাংগ খেল (Outdoor and Indoor Game) উভয় খেলতে সফলতা পাবৰ বাবে মনৰ সংযম, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, বুদ্ধিৰ বিচক্ষণতা, একাণপতীয়া গভীৰ মনোযোগ আৰু সুঠাম নিৰোগী তথা সু-স্বাস্থ্য দেহ অনিবাৰ্য। গুণগত শিক্ষাৰ প্ৰসাৰৰ ফলত গ্ৰামাঞ্চলত বৰ্তি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অন্ত পৰিব আৰু ইয়াৰ পৰিবৰ্তে সুস্থ সবল বিচাৰযুক্ত বিবেক, যৌক্তিক সক্ষমতা আৰু বৈজ্ঞানিক মানসিকতা সম্পন্ন দাৰ্শনিক দৃষ্টি আৰু দৃঢ় বিশ্বাসৰ উদয় হ’ব।
৪) সামাজিক মূল্যবোধ উপলব্ধি আৰু চাৰিওফালৰ ওচৰ-চুবুৰীয়া গাঁওবোৰৰ মাজত সম্প্ৰীতি আৰু মধুৰ সম্পৰ্ক স্থাপনত গ্ৰামাঞ্চল ক্ৰীড়া সংস্থাই বিশেষ ভূমিকা পালন কৰে। কিয়নো ক্ৰীড়াৰ সুনিৰ্দিষ্ট নীতি-নিয়ম (Rules and Regulations)-ৰ দ্বাৰা একাধিক ফুটবল দল, ক্ৰিকেট দল, ভলীবল দল ইত্যাদি খেলুৱৈ দলে অংশগ্ৰহণ কৰি ক্ৰীড়া মঞ্চৰ যোগেদি নিজ নিজ গাঁওৰ মৰ্যদা আৰু সুনাম অটুট ৰখাৰ প্ৰয়াস কৰা হয়।
৫) ক্ৰীড়াই শাৰীৰিক সুস্থতা আৰু বৌদ্ধিক পৰিপক্কতা দিয়াৰ লগতে মানুহৰ মাজত সাংস্কৃতিৱান মনোভাৱ সৃষ্টি কৰে আৰু গাঁওৰ সকলো পৰ্যায়ৰ মানুহৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাৱেৰে খেল উপভোগ কৰিব পৰা পৰিৱেশ গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাই সৃষ্টি কৰি গাঁও আৰু মানুহৰ মাজত সভ্যতাৰ বাণী প্ৰসাৰ আৰু প্ৰচাৰ কৰে।
৬) সকলো প্ৰকাৰৰ নিচাজাতীয় দ্ৰব্য সেৱন নিৰ্মূলকৰনত বিশেষ ভূমিকা পালন কৰে গ্ৰামাঞ্চল ক্ৰীড়া সংস্থাই। যিসকল যুৱক-যুৱতী ক্ৰীড়াৰ বিভিন্ন বহিৰাংগ খেল (Outdoor Game)-ত আত্মনিয়োগ কৰে স্বাভাৱিকতে নিচাজাতীয় মাদক দ্ৰব্যৰ প্ৰতি বিতৃষ্ণা জাগে। ইয়াৰ ফলত মাদক দ্ৰব্যৰ সেৱন আৰু জুৱাৰ খেলৰ দৰে মাৰাত্মক সামাজিক ব্যাধিবোৰ সমাজত গা কৰি উঠিব নোৱাৰে।
ওপৰোক্ত দিশত আমূল পৰিবৰ্তন সাধি গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাই নিজ অঞ্চললৈ সৰ্বাংগীন উন্নয়ন কৰিব পাৰে আৰু মানুহৰ মাজত প্ৰকৃতাৰ্থত মানুহ হোৱাৰ অমোঘ বাণী আৰু নীতি ৰোপিত কৰিবলৈ সক্ষম। ইয়াৰ দ্বাৰা ব্যক্তিৰ সু-স্বাস্থ্য অটুট থাকে আৰু সমাজত সম্প্ৰীতিৰ ভাৱ প্ৰবল হয়।
সামৰণি
পঞ্চ উপাদানেৰে গঠিত জড় জগতত জীৱন ক্ষন্তেকীয়া যদিও জীৱনৰ গতি আৰু নীতি শাশ্বত। জাগতিক জগতত জীৱাত্মাই নানা দেহ ধাৰণ কৰি জীৱন যাপন কৰে আৰু এই দেহধাৰী জীৱনৰ ভিতৰত মনুষ্য জীৱন অতি দুৰ্লভ আৰু মূল্যৱান। এই মানৱ দেহত জীৱন আৰু জগতৰ গূঢ়াৰ্থ আৰু মৰ্মাৰ্থ উপলব্ধি কৰি জীৱাত্মাৰ জীৱনৰ গতি পৰম ধামত উপনীত কৰায়। জীৱনৰ পৰম গতি পাবৰ বাবে আত্মোপলব্ধি অৱশ্যম্ভাৱী। আত্মোপলব্ধিয়ে মুকলি কৰে জীৱনৰ পৰম গতিৰ দুৱাৰ আৰু এই দুৱাৰেৰে প্ৰৱেশ কৰি জীৱাত্মাই পৰম শান্তিময় আৰু শাশ্বত আনন্দময় জীৱন উদযাপন কৰিবলৈ কৰাৰ চিৰ শাশ্বত নিত্য জীৱন পুনৰুদ্ধাৰ কৰিব পাৰি।
গ্ৰামাঞ্চলত সাধাৰণতে মানুহে অকৃত্ৰিম প্ৰাকৃতিক ৰীতি-নীতি, সামাজিক পৰম্পৰা আৰু সাতামপুৰুষীয়া প্ৰথাৰে জীৱন যাপন কৰে। গ্ৰামাঞ্চলৰ নতুন প্ৰজন্ম আৰু যুৱক-যুৱতীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰি এক সামাজিক ঐক্য স্থাপনত গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থা (Rural Sports Association)-এ অসীম ভূমিকা পালন কৰিব পাৰে। এই ক্ষেত্ৰত প্ৰনিধানযোগ্য কথা হ'ল যে ক্ৰীড়া সংস্থাই গ্ৰহন কৰা নীতি-আদৰ্শ গাঁওৰ সৰ্বস্তৰৰ মানুহক প্ৰকৃতাৰ্থত মানুহ হোৱাত সুস্থ পৰিৱেশ সৃষ্টিৰ অনুকূল হ'ব লাগে। খেলুৱৈ সুলভ মনোভাব আৰু সদ্ভাৱ সৃষ্টিৰ মহান আদৰ্শেৰে সকলোৰে মাজত ভাতৃত্ববোধ ভাৱধাৰা জগায় তোলা আৰু উন্নত মানদণ্ডৰ গুণগত শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰি গ্ৰামাঞ্চলৰ ক্ৰীড়া সংস্থাই মানৱ সম্পদ গঢ়িব পাৰে। ক্ৰীড়া সংস্থাই বিশেষকৈ শাৰীৰিক সুস্থতা আৰু বৌদ্ধিক পৰিপক্কতাৰে নতুন প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত কৰ্ম সংস্থাপন দিয়াৰ লগতে চৰকাৰৰ আৰক্ষী বিভাগ আৰু নিৰাপত্তা ও সুৰক্ষা মন্ত্ৰালয় (Department of Police and Ministry of Defence)-ত কৰ্ম সংস্থাপন পোৱাৰ ক্ষেত্ৰত বিশেষভাবে সহায় কৰিব পাৰে।
লেখকৰ ঠিকনাঃ
সহকাৰী অতিথি অধ্যাপক
দৰ্শন বিভাগ, গোগামুখ মহাবিদ্যালয়
ফোনঃ ৯৩৬৫১৯৬৮৯৬
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment