বিদায় বুলি নকওঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

বিদায় বুলি নকওঁ

 


বিদায় বুলি নকওঁ


                              ধৰণী চেতিয়া

                       চিলাপথাৰ, ধেমাজি


বিদায় বুলি নকওঁ 

আকৌ লগ পাম 

বিদায় বুলি ক’লেই 

বহুত কথাই ৰৈ যাব 

স্মৃতিৰ দস্তাবেজ হৈ।

ডিপাৰ্টমেণ্টৰ গেটৰ ওচৰত কৃষ্ণ বুলি কৈ

দিনটোৰ আৰম্ভ হোৱাৰ প্ৰতিশ্ৰুতিৰে 

মনত এগালমান জিজ্ঞাসা লৈ 

ভোকাতুৰ শিয়ালৰ দৰে ভোকত তীব্ৰ আস্ফালন লগায় ফুৰা,

ভোকাতুৰ আৰু এটা মূৰ্খ 

হ’ব খোজা ল’ৰাটোক 

আজি হঠাৎ মৌনতাই দেখা দিছে 

বিষাদগ্ৰস্ত হৈ পৰিছে হৃদয়খন।

বুকুত হাজাৰ প্ৰশ্নই 

উঠা-নমা কৰিছে 

শব্দবোৰে তাক বেইমান কৰিছে 

সেয়েহে তাৰ ওঁঠত জ্বৰ উঠিছে 

কান্দিব খুজিও কান্দিব পৰা নাই সি 

আৰু সি কান্দিলেও মানুহে নেদেখে সেই কান্দোন 

আনক দেখুৱাই কান্দিব নাজানে সি।

সৰুতে শিক্ষকৰ কটুক্তি আৰু বেট্টাঘাট হজম কৰিব পৰা ল’ৰাটোৱে 

প্ৰেমিকাৰ শব্দাঘাটৰ লাঠিচাৰ্জত ব্যৰ্থ হৈ পৰা প্ৰেমিকৰ দৰে 

বোবা হৈ পৰিছে সি।

ধেমালিতে Hi Hello অথবা Love you, Miss you বুলি কৈ ফুৰা

কলেজৰ কাণসমনীয়া আপোন আপোন যেন লগা মানু্হবোৰক 

কেনেকৈনো সি বিদায় বুলি কব।

আলুৰ দৰে সি

যিকোনো মানুহৰ লগত যিকোনো

 সময়ত যিকোনো ঠাইত মিলি যাব পাৰে।

খুব কম সময়তে 

 নীৰৱে নিৰৱধি বৈ অহা এটি সুৰ 

জাহ যাব ধৰিছে 

ভক্তিত গদগদ নতশীৰ হৈ।

মৌন হৈ পৰিছে তাৰ সমস্ত ইমচনেল ষ্ট্ৰেজেদি।

বিদায় বুলি নকওঁ 

আকৌ লগ পাম 

বিদায় বুলি ক’লেই 

বহুত কথাই ৰৈ যাব 

স্মৃতিৰ দস্তাবেজ হৈ।

প্ৰেমিকাৰ বেট্টাঘাট হজম কৰিব

নোখোজা অথবা ছোৱালীৰ নাম শুনিলেই 

ক্ষন্তেকতে বিদ্ৰোহী হৈ পৰা ল’ৰাটো 

বহুত সৰুতেই দেৱব্ৰত প্ৰতিজ্ঞা

 ল'লে পিতৃৰ সন্মুখত নতমস্তক হৈ 

আৰু সিদিনাৰ পৰাই সি হৈ পৰিল ভীষ্ম।

চতুৰ্থ শ্ৰেণীতে কৃষ্ণৰ চৰণত হৰণ লৈ হৈ পৰিল কৃষ্ণৰ ভকত।

আৰু সি লাহে লাহে বুজিব পাৰিছে 

ভীষ্ম হোৱাটোও এটা পাপ 

এটা অভিশাপ 

গতিকে কোনো পুৰুষ ভীষ্ম নোহোৱাই শ্ৰেয়ঃ।

সি নিজকে ভীষ্ম বুলি ভাবি 

প্ৰেমিকাৰ কেইবাখনো চিঠি ভৰিৰে মোহাৰিলে।

কেইবাটাও উপহাৰ দলিয়াই দিলে।

আৰু সি আজি শিক্ষাজীৱি, বুদ্ধিজীৱিৰ মাজত থাকি উপলব্ধি কৰিছে,

নিজকে প্ৰশ্ন কৰিছে,

কিয়…? কিয়…?

দলিয়াই দিয়া হৈছিল সেই উপহাৰ 

কিয়…? কিয়…? 

ভৰিৰে মোহাৰি পেলোৱা হৈছিল ভাল পোৱাৰ সমস্ত স্মাৰক।

প্ৰেমিকাৰ সমস্ত ভালপোৱাবোৰ 

প্ৰত্যাখ্যান কিম্বা প্ৰতাৰণা মোৰ দ্বাৰা কিয়…?

ভীষ্ম…ভীষ্ম…ভীষ্ম… 

আজি হে সি 

অনুতপ্ত 

অনুসূচনাত দগ্ধ মৃত ম্ৰিয়মান 

ভাৰসাম্যহীন স্থিতপজ্ঞ

তাৰ সমস্ত ইমচনেল ষ্ট্ৰেজেদি।

এইখন দেশত, এইখন ৰাজ্যত 

সাৰ্বভৌমত্বক ভৰিৰে মোহাৰা দেখিও 

অন্যায় অধৰ্ম ব্যভিচাৰ দেখিও নিমাত-নিতাল-নিমাও-মাও 

শিক্ষাজীৱি, বুদ্ধিজীৱি।

সেয়েহে কওঁ…

বিদায় বুলি নকওঁ 

আকৌ লগ পাম 

বিদায় বুলি ক’লেই 

বহুত কথাই ৰৈ যাব 

স্মৃতিৰ দস্তাবেজ হৈ।

বাৰিষাৰ মুখলধাৰ বৰষুণ জাকেও 

তিতাব পৰা নাই 

 বানে বিধস্ত কৰি যোৱা 

মোৰ শুকান ধুলিয়ৰী।

আৰু সেয়েহে আজি কওঁ 

ভীষ্ম হ’ব নোখোজোঁ 

এইখন দেশত এইখন ৰাজ্যত 

আৰু কোনো পুৰুষ ভীষ্ম

 নহ’ব দ্ৰুন নহ’ব কৰ্ণ নহ’ব 

নহ’ব ৰণনীতি বিদ্ বিদুৰ

 কিম্বা ধৰ্মৰাজ যুধিষ্ঠিৰ।

হয় যদি হওঁক একোজন হিটলাৰ নতুবা ভস্মাসুৰ।

মূৰত হাত থ'লেই যাতে 

নিমিষতে জাহ যাব পাৰে সমস্ত পাপ।

বিদায় বুলি নকওঁ 

আকৌ লগ পাম 

বিদায় বুলি ক’লেই 

বহুত কথাই ৰৈ যাব 

স্মৃতিৰ দস্তাবেজ হৈ।

এইখন ভাৰতবৰ্ষতে 

ভীষ্ম, দ্ৰুন, কৰ্ণ আৰু 

ৰণনীতি বিদ্ বিদুৰৰ দৰে জ্ঞানী শ্ৰেষ্ঠ থাকিও 

দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ সময়ত 

মৌন থকাৰ দৰে অন্যায় অধৰ্ম ব্যভিচাৰ দেখিও মৌন আজিও 

শিক্ষাজীৱি বুদ্ধিজীৱি

ভাৰতৰ যত মহা মনিষি কোঁৱৰ।

আহাঁ তুমি মই আমি সৱে মিলি 

 সাধাৰণ নাগৰিকৰ দৰে ছলাৰ্থ কৰিম 

কদৰ্য্যময় চহৰৰ অলি-গলি ৰাজ-আলি কিম্বা কদৰ্য্যময় মানু্হৰ হৃদয়।

ধৰ্মঘট কৰিম, অনশনত বঢ়িম 

বাকৰুদ্ধ হৈ পৰা মৃত কৃষকৰ 

সাৰ্বভৌমত্বৰ দাবীত নতুবা 

শাসকবৰ্গই ভৰিৰে মোহাৰি পেলোৱা গণতন্ত্ৰৰ দাবীত অচল-অটল।

বিদায় বুলি নকওঁ 

আকৌ লগ পাম 

বিদায় বুলি ক’লেই 

বহুত কথাই ৰৈ যাব 

স্মৃতিৰ দস্তাবেজ হৈ।।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages