ক’লা মানুহ, বগা মুখ
পাৰ্থজিৎ নাথ
ওদালগুৰি
ক’লা ক’লা মানুহবোৰে
ক’লা মসৃণ ৰাজপথ বনায়
ধূলি উৰুৱাই সেই পথেৰে
বগা চাহাবৰ গাড়ীবোৰ আগবাঢ়ি যায়
ৰাজপথৰ উত্তাপে ক’লা কৰা মানুহবোৰে কিন্তু
সেই গাড়ীত উঠিবলৈ নাপায়।
উঠিবলৈ পায় সিহঁতে
গৰম কয়লাৰ বোকোচাত,
উঠিবলৈ পায় সিহঁতে
গৰম ক’লা আলকতৰাৰ কোলাত।
বগা চাহাবক সাজি দিয়া নিমজ ৰাজপথৰ সলনি
উপহাৰস্বৰূপে সিহঁতে পায়
বগা চাহাবে গাড়ীৰ ভিতৰৰ পৰাই ছটিয়াই থৈ যোৱা
এগালমান বগা ধূলি আৰু
সেই ধূলিৰে ঢাক খাই পৰা একোখন বগা মলিন মুখ।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment