পেহেলগাম সাৰে থাকিব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

পেহেলগাম সাৰে থাকিব

 


পেহেলগাম সাৰে থাকিব


                                          চম্পাৰাণী হালৈ


উছাহ আনন্দত বিভোৰ

পেহেলগাম

সেউজীয়া কোলাত নিদ্ৰিত

অনেক সপোন।

এধানি শান্তি বিচাৰি

সিঁহত ঢপলিয়াই আহিছিল

পেহেলগামলৈ।

সকলোৱে তেজৰ ৰং ৰঙাই আছিল

সকলোৰে বুকুত উথলি উঠিছিল

সীমাহীন সৌন্দৰ্য্যৰ বাখৰ।

হঠাৎ যেন উন্মাদ হ’ল

সাৰ পালে পেহেলগামে

বুকুত অজস্ৰ নিনাদ।


নিঃসহায় চিৎকাৰ

ধৰ্মৰ ট্ৰিগাৰত জীৱন বিধস্ত

হিংস্ৰ বাঘনখৰ আঁচোৰত

চিৰাচিৰ পেহেলগাম।


চয়তানৰ ভোকত সাৰ পাব সি

মাথো নিঃসহায় চিৎকাৰে

সামৰি থব ভোক।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages