গামোচা অসমীয়া জাতীয় সত্ত্বাৰ প্ৰতীক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

গামোচা অসমীয়া জাতীয় সত্ত্বাৰ প্ৰতীক

 

গামোচা অসমীয়া জাতীয় সত্ত্বাৰ প্ৰতীক


ৰঞ্জু গায়ন বৰুৱা

নামৰূপ


     গামোচা অসমীয়া লোকসকল ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ। অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচয়ৰ লগতে অসমীয়া সমাজৰ অতি আদৰৰ আৰু সন্মানীয়। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও আজিকালি পাট, মুগা,  আদি সূতাৰেও গামোচা তৈয়াৰ কৰা হয়। গামোচা বুলিলে সাধাৰণ অৰ্থত গা ধুই পানী টোকা সৰু কাপোৰখনক বুজাই যদিও গামোচাখনে সম্ভাষণসূচক, সন্মানসূচক, প্ৰেম-ভাল পোৱাৰে প্ৰতীক হিচাপেও পৰিচয় বহন কৰি আহিছে।

       অসমীয়া জাতিৰ বাপতিসাহোন গামোচা খনক ছটা ভাগত ভাগ কৰা হৈছে। যেনে —


১) ফুলাম গামোচা বা বিহুৱান গামোচা 

২) গোসাঁই গামোচা

৩) অনাকটা গামোচা

৪) দৰা বৰণ  গামোচা

৫) তিয়নি গামোচা

৬) উকা  গামোচা  

      এই ছয় প্ৰকাৰৰ গামোচা আমাৰ অসমীয়া সংস্কৃতিৰ হেপাঁহৰ আপুৰুগীয়া সম্পদ। ইয়াৰ ভিতৰত অনাকটা গামোচাখন সাধাৰণতে এখনহে হয়। দুয়োমূৰে দুটা শলি সোমোৱাই ৰখা হয়। বৈ শেষ হোৱাৰ পাছত শলিৰ পৰা উলিয়াই আনে। মাংগলিক কাৰ্য্যত এই গামোচা ব্যৱহাৰ কৰা হয়। তাৰোপৰি ছোৱালী বিয়া দিয়াৰ পাছত নতুন ঘৰখনত জ্যেষ্ঠ সকলক তামোল-পাণৰ লগতে এখন গামোচাৰে মান ধৰাৰ নিয়ম সমাজত প্ৰচলিত হৈ আহিছে। অসমীয়া সমাজত বিহুত ঘৰলৈ প্ৰথমবাৰৰ বাবে আলহী আহিলে গামোচা এখন দিয়াৰ নিয়ম আছে। কিন্তু, গামোচা আৰু বিহুৱান দুয়োখন পৃথক বস্ত্ৰ। দুয়ো মূৰে ৰঙা আচুঁ থকা বস্ত্ৰখন হৈছে গামোচা আৰু এটা মূৰত ফুল থকাখন হৈছে বিহুৱান। আজিৰদিনত  অবশ্যে বহুতে দুয়ো মূৰে ফুল থকা  গামোচাহে ব্যৱহাৰ কৰিবলৈ লৈছে। গামোচা লগাবলৈ হ’লে দুই, তিনি গৰাকী লোকৰ প্ৰয়োজন হয়। কাৰণ, গামোচাত বিভিন্ন ধৰণৰ কাম থাকে। যেনে — শালত উঠোৱা, তাঁত বাতি কৰা, ৰাচত সূতা সোমোৱা, ফুল তোলা, সূতা চিগিলে জোৰা লগোৱা আদি। এইদৰে এক আত্মীয় সম্পৰ্ক গঢ়ি উঠে। যেতিয়া গামোচা শালৰ পৰা কাটিব লগা হয়, এক পৰিতৃপ্তৰে মন ভৰি পৰে। বৰ মৰমেৰে, হেঁপাহেৰে, অতিশয় শ্ৰদ্ধাৰে অসমীয়া শিপিনীসকলে গামোচাত সপোনৰ তৰা ফুল বাছে। অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলে গামোচা ব্যৱহাৰ কৰে। তাৰ ভিতৰত —


১) কছাৰী আৰু কোচসকলে হালধীয়া ৰঙৰ গামোচা ব্যৱহাৰ কৰে।

২) তিৱা সকলে কমলা ৰঙৰ গামোচা ব্যৱহাৰ কৰে।

৩) ৰাভাসকলে ৰঙা ৰঙৰ গামোচা ব্যৱহাৰ কৰে।

৪) চুতীয়া, বৰাহী, দেউৰী, মৰাণ সকলে বগা ৰঙৰ গামোচা ব্যৱহাৰ কৰে।

    গামোচাখন আমাৰ অতি মৰমৰ, হেপাঁহৰ আপুৰুগীয়া সম্পদ কৰি ৰাখিবলৈ আমি সকলো অসমবাসী ৰাইজে চেষ্টা কৰিব লাগিব কাৰণ, গামোচাই আমাৰ সংস্কৃতিৰ সন্মানৰ প্ৰতীক, কিন্তু! বাহিৰাগত ব্যৱসায়ী সকলে গামোচাখন বিকৃতি কৰি ঠেক চুটি হিচাপে তৈয়াৰ কৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰ দখলত প্ৰাচীন হৈ থিয় দিছে। গতিকে, এই মহান বস্ত্ৰ শিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ জনগণ সকলোৰে সহযোগিতাৰ প্ৰয়োজন। নহ’লে হয়তো এই সম্পদৰো এদিন বিলুপ্তি ঘটাৰ সম্ভৱনা প্ৰৱল।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages