ভয়ৰ ভূত
অজয় বৰুৱা
জীৱনটোত আহিব পৰা অনিশ্চিত আশংকা অনিষ্টৰ সম্ভাৱনাই হ’ল ভয়। ভয়ে আমাৰ জীৱনৰ সফলতাৰ পথত সততে হেঙাৰ ৰূপে থিয় দিয়ে। ই জনসংযোগৰ ক্ষেত্ৰটো আটাইতকৈ ডাঙৰ প্ৰতিবন্ধক। এমাছনে কৈছিল ‘ভয়ৰ দৰে আন একোৱেই পৃথিৱীত মানুহৰ ক্ষতি নকৰে।” এই ভয়ৰ ভূতৰ পৰা মানসিক প্রস্তুত আমি নিজেই হ’ব লাগিব। মানসিকভাৱে সবল হোৱা কামটোৰে আৰম্ভণি হয় শিক্ষা গ্রহণ কৰা, বিশ্লেষণ কৰা আৰু মনৰ তিনিটা শত্রুক আঁতৰাই পঠিওৱাৰ মাজেদি। মনৰ এই তিনিটা শত্রু হ’ল কোনো সিদ্ধান্ত উপনীত নোহোৱাৰ দ্বিধা, সন্দেহ আৰু ভয়। এই তিনিটা শত্ৰুৱে আমাৰ মনত ঘৰ সাজি বহিলে বা এটা শত্ৰুৱেও মনৰ ভিতৰত বাস কৰিলে আমাৰ যষ্ঠ ইন্দ্ৰিয়ই কাহানিও কাম কৰিব নিদিয়ে। দ্বিধা হ’ল ভয়ৰ বীজ। ই যেতিয়া সন্দেহৰ স’তে মিলি স্ফটিকত পৰিণত হয় তেতিয়াই জন্ম হয় ভয়ৰ। এই শত্ৰুবোৰে মন অভ্যন্তৰত বীজ বৃদ্ধি কৰি গৈ থাকে অথচ সিহঁতৰ উপস্থিতিৰ বিষয়ে একো গমেই পোৱা নাযায়। বৌদ্ধ ধর্মাবলম্বী লোক সকলৰ মতে “মানসিক আৱেগৰ ৰাজত্বত ক্ৰোধ আৰু ভয়-এই দুটাই চয়তানৰ দৰে কাম কৰে।” পোপ জন পলে কৈছিল “ঈশ্বৰে আমাৰ আত্মাত ভয়ক ঠাই দিয়া নাছিল-দিছিল শক্তি ভালপোৱাৰ অনুভুতি আৰু সুস্থ মন। আমাৰ ধ্বংসাত্মক মানসিকতাক আমি নিজেই সৃষ্টি কৰি লৈছোঁ।”
মানুহৰ মনত থকা ছয়টা ভয়ৰ কথা বা অস্তিত্বৰ কথা Nepolion Hill যে তেওঁৰ কিতাপ ‘Think and Grow Rich’ ত উল্লেখ কৰিছে। যিবোৰে মিলিত প্রয়াসৰ ফলত মানুহ কোনোবা নহয় কোনোবাটো মুহুৰ্তত দুভাগ্যৰ সন্মুখীন হয় বা হ'বলৈ বাধ্য হয়। এই ছটা ভয়ৰ ভুল হ’ল-
(১) দৰিদ্ৰতাৰ ভয় +২) সমালোচিত হোৱাৰ ভয় (৩) ভগ্ন স্বাস্থ্যৰ ভয় (৪) ভালপোৱাৰ পৰা বঞ্চিত হোৱাৰ ভয় (৫) বৃদ্ধাৱস্থালৈ ভয় (৬) মৃত্যুৰ ভয়। এই ভয়ৰ লগত আন এটা ভয়ৰ কথা সংযোজন কৰিব পাৰি যিটো প্ৰকৃত ভয়ৰ অন্যতম। সেইটো হ’ল পাপৰ ভয়। পাপ উৎপত্তি হয় মিছা, ক্রোধ, ক্রুৰতা, হিংসা, অহংকাৰ অকর্মণ্যতা, নিকৃষ্ট কর্ম, নিচাগ্রস্ত দ্রব্য সেবন, কলহ দ্বেষ আদিৰ পৰা। এইবোৰ কু-কৰ্মৰ দ্বাৰা মানুহৰ অপৰাধবোধ হয় আৰু অপৰাধ বোধৰ পৰাই পাপৰ উৎপত্তি হয়। বাস্তৱিকতে লোকমৰ্যদাৰ বিৰুদ্ধে কৰ্ম কৰিলে, অতিমাত্ৰা লোভ কৰিলে, কটুবাণী আৰু হিংসাৰ প্ৰয়োগ কৰিলে তথা সবলৰ লগত শত্রুতা কৰিলেও ভয়ৰ উৎপত্তি হয়। এতিয়া আহোঁ এই ছয়টা ভয়ৰ ভূতলৈ কথালৈ।
দৰিদ্ৰতাৰ প্ৰতি ভয়ঃ
মানুহক দৰিদ্ৰতাই যিমান কষ্ট দিয়ে অন্য কোনোৱেই সিমান কষ্ট দিব নোৱাৰে। দৰিদ্ৰতাক মর্মে মর্মে অনুভৱ কৰাজনহে ইয়াৰ ভয়াবহ যন্ত্রনা অনুভৱ কৰে। সেয়ে দৰিদ্ৰতাক মানুহে ভীষণ ভয় কৰে। দৰিদ্ৰতাৰ ভয় মাথো এক সাধাৰণ মানসিক অৱস্থা। তথাপি কোনো সফলতাক এই ভয়ে নষ্ট কৰি পেলায়। দৰিদ্ৰতাৰ ভয়ে আত্মবিশ্বাস দুর্বল কৰি পেলায়, উৎসাহ নাশ কৰে, যুক্তি বিনষ্ট কৰে আত্মনিয়ন্ত্রণো নোহোৱা কৰে। ইয়াৰ উপৰিও ই মানুহৰ ব্যক্তিত্ব ধ্বংস কৰি নির্ভুল চিন্তা ভাৱনাৰ সুযোগ নোহোৱা কৰে। প্রেম ভালপোৱা, নিজৰ হৃদয়ৰ কোমল বৃত্তিকো পিহি নষ্ট কৰি পেলাব পাৰে। বন্ধুত্ব, নিদ্রাহীনতা আদিও জীৱনৰ পৰা এৰিবলৈ বাধ্য কৰাই এই ভয়ে। দৰিদ্ৰতা ভয় জয় কৰাটো হৈছে সবাতোকৈ কঠিন কাম। দৰিদ্ৰতাৰ প্ৰতি মানুহে সম্ভৱতঃ উত্তৰাধিকাৰ সূত্রে লাভ কৰে। দৃঢ় আৰু শক্তিশালী মনত এটা বান্ধি ললে বা সৃষ্টি কৰিলে এনে ভয়ৰ পৰা নিশ্চয় হাত সাৰিব পৰা যায়।
সমালোচনাৰ ভয়ঃ
আমাৰ সকলোৰে কম বেছি পৰিমানে সমালোচিত হোৱাৰ ভয় থাকে। মানুহৰ বেছি আত্মসচেতনা ভাৱ থাকিলে এই ভয় থাকে। যাৰ বাবে স্নায়বিক দুর্বলতা, কথা বতৰাত ভীৰুতা, অচিনাকি ব্যক্তিৰ স’তে কথা বতৰা পতাৰ ক্ষেত্ৰত অক্ষমতা আদি হোৱাৰ সম্ভাৱনা থাকে। আমাৰ যদি মনত হীনমন্যতা ভাৱ থাকে তেতিয়াও সমালোচনাৰ ভয়ে কোঙা কৰে। তেতিয়া আমি নিজক বুজাত অক্ষম হওঁ, দৃঢ় ধাৰণা, আত্মসন্তুষ্টি নাথাকে। ইয়াৰ উপৰিও ব্যয়বহুলতা, ভাৱৰ অভাৱ, সুযোগ গ্রহণত অক্ষমতাৰ বাবেও আর্থি হীনমন্যতাত ভুগিব পাৰে। অল্প অৰ্জন বিস্তৰ ভোজন বা আয়তকৈ ব্যয় অধিক হোৱাৰ বাবে জীৱনটো জটিল কৰি তোলো। আৰু ই পিছৰ জীৱনটোক দুবিষহ কৰি তোলে। উন্নতিৰ পথত আধৱাই যোৱাৰ ক্ষেত্রত অক্ষমতা বা ইচ্ছাত অনীহা প্ৰদৰ্শন কৰা ব্যক্তিয়ে জীৱনত সফল কেতিয়াও হ’ব নোৱাৰে। তেতিয়া এনে ব্যক্তিয়ে আনৰ লগতে নিজকো সন্দেহৰ চকুৰে চাবলৈ ধৰে। তদুপৰি এওঁলোকে যেতিয়া ভুল কৰে, তেতিয়া সেয়া ভুল বুলি ভাবি বা স্বীকাৰ কৰি আত্মশুদ্ধিৰ পথ ল’বলৈ অপাৰগতা প্ৰদৰ্শন কৰে। মানুহৰ যেতিয়া প্রত্যুৎপন্নমতিতাৰ অভাৱ হয় তেতিয়াও মানুহজন মানসিক ভাবে দুর্বলহৈ পৰি কাৰোলগত মিলিব নোৱাৰা হয় আৰু তেতিয়া আনৰ পৰা সমালোচনা মুখা-মুখি হ’ব লাগিব বুলি অনবৰতে এটা ভয় ভাব লৈ ফুৰে।
ভগ্নস্বাস্থ্যৰ প্ৰতি ভয়ঃ
ভগ্নস্বাস্থ্যৰ প্ৰতি ভয়ৰ উৎস সামাজিক বা বংশানুক্রমিক বুলি কব পাৰি। ইয়াৰ লগত জড়িত বৃদ্ধাৱস্থাৰ চিন্তা ভাৱনা বা আতংক। মানুহ সাধাৰনতে এক কাল্পনিক ৰোগৰো চিকাৰ হৈ থাকে। ইয়াৰ দুশ্চিন্তাই মানুহক জনক কেতিয়াবা সঁচাকে ৰোগাক্রান্ত কৰি পেলাই। ভগ্নস্বাস্থ্যৰ ভয়ৰ লক্ষণ বুলি এই কেইটাক কব পাৰি। অহৰহ ৰোগ, বদমেজাজ, ৰোগাক্রান্ত হোৱাৰ ভয়, প্ৰেমত বিফল, বেয়া অভ্যাস ঋণাত্মক চিন্তা, খোৱাত অৰুচি, খাদ্যভ্যাস সঘনে সলনি কৰা, শৰীৰ-চৰ্চাৰ প্রতি উদাসীন ইত্যাদি। উপৰোক্ত কাৰণত বা অকাৰণতে যদি আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া আনৰ পৰা সমালোচিত হোৱাৰ ভয় আমাৰ থাকে।
ভালপোৱা হেৰুৱাৰ ভয়ঃ
কাৰোবাক একান্ত নিজৰ কৰি ল'ব নোৱাৰা দুখ বা আপোনজনৰ ভাল পোৱা বা আত্মীয় সকলৰ পৰা ভালপোৱা হেৰুৱাৰ ভয়ে আমাক সততে বিধ্বস্ত কৰি ৰাখে। ঈষা, আনৰ ভুল-ত্রুটি সততে দেখা, বেয়া অভ্যাস আদি ইয়াৰ লক্ষণ বুলি কব পাৰি। হীনমন্যতাই মানুহৰ মনত অযথা ঈৰ্ষাৰ জন্ম দিয়ে। ঈর্ষাত আক্রান্ত লোক বন্ধু বা পৰিচিত ব্যক্তিৰ সন্দৰ্ভত অযথা সন্দেহৰ মনোভাৱ পোষণ কৰি থাকে। এনে ব্যক্তি সকলো সময়তে আনৰ কেৱল দোষ-ত্রুটিবোৰ দেখা পায়। সকলো কাম কেৱল সন্দেহৰ চকুৰ চায়। ত্রুটি দেখাটো যেতিয়া অভ্যাস পৰিণত হয় তেতিয়া ব্যাক্তিজন সকলো আনন্দৰ পৰা বঞ্চিত হয়। বেয়া অভ্যাস, মাদক দ্রব্য সেবন, আনক ফাঁকি দিয়াৰ চেষ্টা যি ব্যক্তিয়ে সততে কৰি থাকে তেনে ব্যক্তিৰ সকলো সময়তে ‘’ভয়’ ভাব এটা থাকে।
বৃদ্ধ বয়সৰ প্ৰতি ভয়ঃ
বৃদ্ধ বয়সৰ প্ৰতি ভয় প্রতিজন ব্যক্তিৰ এক স্বাভাৱিক মানসিক অৱস্থা বুলি কব পাৰি। এই ভয় দুটা বিষয়ৰ পৰা আহে। প্ৰথমটো হ’ল বৃদ্ধ বয়স সম্পর্কত মানুহৰ সাধাৰণ ধাৰণা যে এই বয়সত কর্মশক্তি অটুট নাথাকে গতিকে দৰিদ্ৰতাই আক্রান্ত কৰিব পাৰে। দ্বিতীয়তে প্রাচীন বিশ্বাস আৰু কাহিনী অনুসৰি বৃদ্ধাৱস্থাত বিভিন্ন ধৰণৰ অৱহেলাৰ চিকাৰ হয় বুলি। তদুপৰি এজন ব্যক্তিৰ ভগ্নস্বাস্থ্য, ৰোগাক্রান্ত দেহ থাকিলে বৃদ্ধাৱস্থালৈ সততে ভয় কৰে। নিজৰ যৌনক্ষমতা, বল-শক্তি হেৰুৱা, নিজৰ স্বাধীনতা, মৰ্যদা আদিৰ হেৰুৱাৰ ভয় থাকে বৃদ্ধাৱস্থালৈ সকলো মানুহৰে ভয়। মানসিক হীনমন্যতা, উদ্যম শক্তি নাথাকিলে মানুহজন সঁচা অৰ্থত বয়সতকৈ বেছি বৃদ্ধ হয় আৰু ভয়ৰ পৰিমাণটো বেছি হয়।
মৃত্যু ভয়ৰ যন্ত্রণাঃ
মৃত্যু ভয়টো এক নিষ্ঠুৰ বিষয়। ধর্মীয় দিশৰ পৰা কব পাৰি যে মৃত্যু ভয়ে কোঙা কৰা ব্যক্তিজনে মৃত্যুৰ পাছৰ পাপৰ ভয়ংকৰ শাস্তিৰ চিন্তাত উন্মাদ হৈ পার্থিব শান্তি, আনন্দ হেৰুৱাই পেলায়। নৰকৰ ভয়ংকৰ শাস্তিৰ অদৃশ্য ছায়াই মন গ্রাস কৰি ৰাখে। আধুনিক সময়ত শিক্ষা বিজ্ঞানৰ অগ্রগতি, জ্যোতিবিদ্যা, পদার্থবিদ্যা আদিয়ে এই মৃত্যু ভয়ৰ পৰা অলপ সকাহ দিছে। আগৰ দৰে মানুহক মৃত্যুৰ বাবে ভীতিগ্রস্থ হোৱা কাৰণ বিচাৰি নাথাকে। এই ভয়ক জয় কৰিবলৈ হ’লে নিজৰ মনত অফুৰন্ত বাসনা জগাই তুলিব লাগিব নিজক গঠনমূলক কামত সততে ব্যস্ত ৰাখিব লাগিব।
যন্ত্রণাঃ
দুশ্চিন্তাও হ’ল একধৰনৰ মানসিক অৱস্থা। এই কামচলে অত্যন্ত ধীৰ গতিৰে কিন্তু ধাৰাবাহিক ভাবে, অহৰহ। ই হ’ল অতিসূক্ষ্ম অথচ গভীৰ অনুভূতি। ই হ’ল মনত শিপা গজি বহি থকা এক ধৰণৰ ভয় যিটোৱে সিদ্ধান্ত লোৱাৰ ব্যৰ্থতাৰ পৰাই জন্ম হয়। যিমান উদ্বিগ্ন, সেই মন অসহায়। যি সকল লোকৰ মনৰ যোৰ নাথাকো, দৃঢ়তা নাথাকে তেওঁলোকেই দুশ্চিন্তাত আক্রান্ত হয়। যি মানুহৰ মনত ভয়ে বাহ বান্ধি লয়, তেওঁলোকক বুদ্ধিমত্তা ধংস হয়, গঠনমূলক কামকাজ কৰিব নোৱাৰে, উদ্যম, উৎসাহ নাথাকে।
মুঠতে ‘ভয়’ হ’ল জীৱনৰ এক প্রতিবন্ধক যিয়ে উন্নতি, আত্মবিশ্বাস, মানসিক সুস্থিৰতা নোহোৱা কৰে। ইয়াৰ বাবে তথ্য আৰু বিশ্বাসৰ অস্ত্ৰৰে ‘ভয়’ৰ লগত যুঁজ দিব লাগিব। তেতিয়া আমাৰ আত্মবিশ্বাস থাকিব। ভয়ৰ সম্পৰ্কে ফ্রেংক পিয়াছে কৈছিল- “বাস্তৱৰ মুখামুখি হ’ব পাৰিলে আপুনি আপোনাৰ নিয়তিক ভালেখিনি নিয়ন্ত্ৰণলৈ আনিব পাৰিব। ভয়ক জয় কৰি নিজকে সফল, আত্মবিশ্বাসী মানুহ হিচাপে গঢ় দিবলৈ হ’লে আমি তলৰ কথা কেইটাৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব,
ক) মনৰ পৰা অপৰাধবোধ আঁতৰ কৰিব লাগিব।
খ) নিজক ক্ষমা কৰিব শিকিব লাগিব।
গ) অতিৰিক্ত উৎসাহত নিজক ভহাই দিব নালাগিব।
ঘ) আত্মবিশ্বাস গঢ়ি তুলি দুশ্চিন্তাক দ্ৰৱীভূত কৰিব লাগিব।
ঙ) কাল্পনিক ভয়ৰ পৰা সৰ্তক থাকিব লাগিব।
চ) তথ্য আৰু বিশ্বাসৰ ভয়ৰ বিৰুদ্ধে যুঁজ দিব লাগিব।
ছ) সাম্ভাব্য দুর্যোগক প্ৰতিৰোধৰ বাবে আগতীয়া পৰিকল্পনা কৰা উচিত।
ভয়ে স্বাভাৱিক সম্পৰ্ক বিনষ্ট কৰে, সুস্থ চিন্তা, যুক্তিৰ ক্ষমতা নাশ কৰে। ফলত মানসিক সুস্থিৰতা নোহোৱা হয়। সেয়ে ভয়ক কেতিয়াওঁ প্রশ্রয় দিয়া উচিত নহয়।
সহায়ক গ্রন্থঃ
১) How To Make An Of Succeeding's -Dale Carnegie’s Transtation an Assamese-Aminur Rahman.
২) Think and Grow Rich - Nepolion Hill-Translation an Assamese-Hemanta Kumar Bharali.
৩) The Mystery of Mass Communicatin Dale Carnegis Translation an Assamese Brajkumar Talukdar.
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment