মৰিগাওঁৰ কইনা কন্দা শিল
নৱজ্যোতি বৰা
অসীমত যাৰ হেৰাল সীমা নামাৰ উৎপন্যাসখনত থকা চন্দন, চম্পা, গৌৰীহঁতক লগ পাবলৈ কাঞ্চনমতীৰ বুকুৱেদি উজাই গৈ কমল নগৰলৈ যোৱাৰ কেনেকুৱা অনুভৱ হ’ব বাৰু ? থিক তেনেকুৱাই এই অনুভৱ। সপোনত নহয়, বাস্তৱত। এয়া অসীমত যাৰ হেলাৰ সীমাৰ কাহিনী নহয়। এয়া মৰিগাওঁ জিলাৰ বঘৰা পাহাৰৰ কইনা কন্দা শিলৰ কাহিনী। মাঘ বিহুৰ সময়তে মোৰ লগত ৰুপম নাথ আৰু “দৈনন্দিন বাৰ্তা”ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াৰ সৈতে মৰিগাওঁ জিলাৰ বঘৰাত থকা কইনা কন্দা শিল চাবলৈ গ’লো। যেতিয়া আমি কইনা কন্দা শিলৰ কাষ পালোগৈ তেতিয়া বহু সময় আমি গোটেই কিতাই শিলকেইটাৰ ওচৰত থিয় হৈ বাকৰুদ্ধ হৈ পৰিলোঁ। বাৰে বাৰে সেই কিংবদন্তিমূলক অথচ অভিশপ্ত কাহিনিটো মনলৈ আহি আছিল।
১৫২৯ শকাব্দত ৰজা শূইনত সিংহৰ বিশ বছৰীয়া শাসন ভাৰেৰে আৰম্ভণি হোৱা মায়ং ৰাজ্য। শূইনত সিংহৰ মৃত্যু পিছতে মায়ং ৰাজ্যৰ ৰাজপাতত বহিল শূইনতৰ পুএ জ্যোতি সিংহ। জ্যোতি সিংহ মায়ং ৰাজ্যৰ ৰাজ ভাৰ লোৱাৰ পাছত জ্যোতি সিংহই তেওঁ ৰাজ্যৰ সু-শাসন ব্যৱস্থাৰ দ্বাৰা মায়ং ৰাজ্যখন কম সময়ৰ ভিতৰতে পূৰ্বতকৈও অধিক ঐশ্বয্যশালী আৰু শক্তিশালী কৰি তুলিছিল। সেই জ্যোতি সিংহৰে পুএ আছিল মায়ং কোঁৱৰ বসন্ত কুমাৰ। এবাৰ জ্যোতি সিংহৰ ৰাজপাটত নেলী ৰাজ্যৰ এজন কটকি আহি উপস্থিত হ’লহি। তেওঁ কি কাৰণত আহি জ্যোতি সিংহৰ কাষ পালেহি জানিব বিছৰাত কটকিয়ে বাৰ্তা দিলে যে – ৰজাদেও, আমাৰ নেলীৰ দাঁতিৰে এজাক বনৰীয়া হাতী আপোনাৰ ৰাজ্য ফালে আগবাঢ়ি আহি আছে। হাতীৰ জাকটোৱে আমাৰ ৰাজ্যৰ বহুতো শস্য নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ অনিষ্ট কৰি আপোনাৰ ৰাজ্যৰ ফালে আগ বাঢ়ি আহি আছে গতিকে ৰজাদেওৱে সময় থাকোতেই নিজ ৰাজ্যক অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। কটকিৰ পৰা এই কথা ৰজা জ্যোতি সিংহ জনাৰ পাছত তেওঁৰ মহামন্ত্ৰী সুধিৰক আদেশ কৰিলে যে - হাতীৰ জাকটো যিকোনো প্ৰকাৰে খেদি পথাৱ লাগে। ৰজাৰ আদেশ পোৱাৰ লগে লগে মহামন্ত্ৰী সুধিৰে হাতীৰ জাকটো খেদিৱৰ যোৱাৰ প্ৰস্তুতি কৰি থাকোতেই ৰজা জ্যোতি সিংহৰ পুএই কথাটো জানি মহামন্ত্ৰীক বাধা দি নিজে দেউতাকৰ পৰা আদেশ লৈ হাতীৰ জাকটোক খেদিৱৰ বাবে লগত কেইজন মান সৈন্যৰ সৈতে আগ বাঢ়িলে।
বসন্ত কুমাৰ যেতিয়া হাতীৰ জাকটোৰ ওচৰ পাইছিল তেতিয়া হাতীৰ জাকটো চাৰণ বিলৰ কাষেৰে মায়ঙৰ ফালে আগুৱাই আহি আছিল। বসন্ত কুমাৰে হাতীৰ জাগটোক খেদি পথাৱৰ বাবে হাতীৰ আগত থকা ডাঙৰ হাতীটোৰ ফালে ধনু কাঁড এপাত এৰি দিলে আৰু থিক সেইখিনি সময়তে আনফালৰ পৰাও আন এপাত ধনু কাঁড আহি হাতীটোৰ কুমত আঘাট কৰি হাতীটোক বগৰাই দিলে। বসন্ত কুমাৰে আন পাত ধনু কাঁড ক’ৰ পৰা আহিল তাৰ উৎস জানিব বিছৰি ইফালে-সিফালে চোৱাত বসন্ত কুমাৰৰ চকুত পৰিল যে আন পাত কাঁড জোঙাল বলহুৰ ভাতৃ ৰত্ন সিংহৰ নাতি শুভাঙ্গৰে (পিতৃ-শৃকলাঙ্ক) যে প্ৰতিষ্ঠা কৰা ৰাজ্য বঘৰাৰ ৰজা দেৱ সিংহৰ কন্যা বৃন্দাৱনীৰ ধনুৰপৰা আহি হাতীটোৰ কুমত আঘাট কৰিছিলহি। সচৰাচৰ ৰাজপ্ৰসাদৰ পৰা বাহিৰ নোলোৱা বৃন্দাৱনী অপৰিসীম সৌন্দৰ্যৰ অধিকাৰী কুঁৱৰীৰ কেৱল নামটোহে শুনিছিল। কিন্তু আজি বৃন্দাৱনীক নিজ চকুৰে দেখাৰ পাছত বসন্ত কুমাৰৰ বুকু প্ৰেমেৰে উপচি পৰিল আৰু বৃন্দাৱনীক পাৱৰ বাবে বসন্ত কুমাৰৰ মন বিয়াকুল হৈ উঠিল।
এদিন বঘৰাৰ ৰজা দেৱসিংহই মায়ং কোঁৱৰ বসন্ত কুমাৰক বঘৰা ৰাজ্যত হ’ব লগিয়া “ছাগ্ৰা মিছৱা”ত নিমন্ত্ৰণ দিলে আৰু বসন্ত কুমাৰে বঘৰা ৰজাক কথা দিলে যে তেওঁ ছগ্ৰা মিছৱা উৎসৱত ভাগ ল’ব। চ’তৰ সংক্ৰান্তীৰ পাছত প্ৰথম বুধৱাৰে সকলোৱে ছাগ্ৰা মিছৱা উৎসৱত ব্যস্তু। শিমলু ফুল বোৰ ফুলি আকাশখন ৰঙা কৰি পেলাইছে। বা’ৰ ৰজাৰ বাকৰিত এই উৎসৱৰ আয়োজন চলিছে। তিৱা ভাষাত ছগ্ৰা মানে – মিলিজুলি বা সকলোৱে আৰু মিছৱা মানে — নাচ। এক কথাত কবলৈ গ’লে সকলোৱে মিলি জুলি নাচি আনন্দ প্ৰকাশ কৰা। বুধবাৰৰ পৰা শনি বা সোমবাৰ মানৰলৈকে এই উৎসৱ চলি থাকে। সেইখিনি সময়তে মায়ং ৰাজ্যৰ ৰজাৰ বাকৰিটো ফাদৰ নামৰ বিষয়া সকলে আদা, ৰঙলাউ, আলু, হালধি, শুকান মাছ, কচু ইত্যাদিৰ ভাৰ লৈ ৰজাৰ বাকৰিত আহি বহিলহি। সকলোৱে লালিলাং গীতৰ উলাহতে নাচিবলৈ আৰম্ভ কৰিছে। লালিলাং গীতৰ মাজেৰে প্ৰকাশ পোৱা প্ৰেমৰ কথাবোৰ বসন্ত কুমাৰৰ মনটো বঘৰাৰ কোঁৱৰী বৃন্দাৱনীৰ কাষলৈ উৰা মাৰিছিল। বসন্ত কুমাৰে দেউতাক জ্যোতিসিংহৰ পৰা আদেশ লৈ চামাদিত লগ হোৱা ডেকা সকলক চাই অহাৰ ইচ্ছাৰে মিছা কথা কৈ বঘৰাৰ ৰাজলৈ গ’ল। বসন্ত কুমাৰ যেতিয়া ৰঘৰাৰ ৰাজহাউলি পাইছিল গৈ তেতিয়া বঘৰাৰ ৰাজহাউলিৰ বাকৰিত ছাগ্ৰা উৎসৱত সকলো মচগুল হৈ পৰিছিল। ৰাজ বিষয়া সকলে নিদিষ্ট আসনত বহি লালিলাং নৃত্য-গীত উপভোগ কৰি আছিল। অতিথি আৰু ৰাজ বিষয়া সকলে জু-ছ্যু খাই আছে বাঁহৰ চুঙাত। আনন্দ ফুৰ্তিৰে এজনে আনজনৰ লগত কথা পাতিছে কিন্ত বসন্ত কুমাৰে সকলো ফালে চকু ফোৰাইও বৃন্দাৱনীক দেখা নাপাই মনত বেজাৰ লাগিল। যি আশাৰে তেওঁ পিতৃ জ্যোতি সিংহক চামাদিত যাম বুলি ফাঁকি কথা কৈ বঘৰা ৰাজ্যত প্ৰৱেশ কৰিছিল তেঁওয়েই উৎসৱস্থলীত নাই। বৃন্দাৱনীৰ অনুপস্থিতিত যেন এই ৰাজহাউলীৰ বাকৰিও ৰং বিহীন, সৌন্দৰ্য বিহীন হৈ পৰিছে। এনেকৈ কিছু সময় অপেক্ষা কৰাৰ পাছত যেনিবা বৃন্দাৱনী ছাগ্ৰা মিছৱাৰ বাৱে ৰাজহাউলিত প্ৰৱেশ কৰিলে।
লাহে লাহে যেতিয়া বৃন্দাৱনী আৰু বসন্ত কুমাৰৰ প্ৰেমৰ কথা দুই খন ৰাজ্যৰ মাজত জনাজাত হৈ পৰিল তেতিয়া বঘৰাৰ ৰজা দেৱসিংহ আৰু মায়ং ৰজা জ্যোতি সিংহই মিলি বসন্ত কুমাৰ আৰু বৃন্দাৱনীৰ বিবাহখন ব'হাগ মাহতে অনুষ্ঠিত কৰাটো চূডান্ত কৰিলে। নিদিষ্ট দিন তাৰিখত মহা আয়োজনেৰে বসন্ত কুমাৰ আৰু বৃন্দাৱনীৰ বিবাহখন অনুষ্ঠিত কৰা কৰা হৈছিল। বিবাহ কাৰ্য্য সম্পৰ্ক হোৱাৰ পাছত কন্যাঘৰৰ পৰা বৰ-যাএীসকলে দৰা-কইনাক লৈ মায়ং ৰাজ্যলৈ বঘৰাৰ পাহাৰৰ লুংলুঙীয়া পথেৰে আগবাঢ়ি গৈ থাকোতেই হঠাৎ অহা এজাক শিলা বৃষ্টিৰ লগতে প্ৰচণ্ড ধুমুহাৰ অহাত সেই বতাহ-বৰষুণৰ পৰা হাত সাৰিবৰ বাবে ওচৰতে থকা এটি শিলৰ গুহাত আশ্ৰয় লৈছিল দৰা-কইনাৰ লগতে সকলো বৰযাএী। গুহাত আশ্ৰয় লৈ থাকোতেই বতাহৰ কুৱ বাঢ়ি যোৱাৰ লগতে এক ভূমিকম্প অহাৰ ফলত শিলবোৰ পাহাৰৰ উপৰৰ পৰা খহি আহি গুহাৰ ভিতৰত আশ্ৰয় লৈ থকা দৰা-কইনাৰ লগতে সকলো বৰযাএীকে হেচাঁ মাৰি ধৰিলেহি। পাহাৰৰ বৃহৎ শিলাখণ্ডই চেপি ধৰাৰ ফলত সকলোবোৰ গুহাতে সমাধিস্থ হ’ল।
তেতিয়াৰে পৰাই প্ৰতি শনিবাৰ আৰু মঙলবাৰে ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ কৰুণ বিননি পাহাৰৰ ওচৰৰ বস-ৱাস কৰা লোকসকলে শুনি আহিছিল। সেই সময়ৰ পৰা উক্ত শিলাখন্দৰ নাম হ’ল কইনা কন্দা শিল। ইয়াৰ পিচত নতুনকৈ বিয়াত বহিব লগিয়া দৰা কইনাই বিয়াৰ আগদিনাখন এই শিলটোত তামোল-পান যাঁচি সেৱা জনাই কইনাৰ সাজ বিচাৰে। সেই অনুসৰি পিছদিনা সেই ঠাইত কইনাৰ সাজৰ লগতে আ-অলংকাৰ নিজে নিজেই প্ৰকট হৈ পৰে। বিয়াখন হৈ যোৱাৰ পাছত কইনাৰ সাজজোৰ পুনৰ শিলটোক ওভতাই দিব লাগে। এই পৰম্পৰাটো উক্ত অঞ্চলটোত বহু দিনলৈ অব্যাহত আছিল। পিছত কোনোৱা এগৰাকি কইনাই শিলে প্ৰদান কৰা কাপোৰযোৰ ঘূৰাই নিদিয়াত পিছলৈ শিলে কাপোৰ দিয়াটো বন্ধ হৈ পৰে।
এই কইনা কন্দা শিলাখণ্ডত আছে বহু কেইতা বিশেষ আকৃতিৰ শিল। ইয়াৰ ভিতৰত কইনা শিল, হাতী শিল, দবা শিল, দোলা শিল, কাঁহ শিলৰ দৰে মাত দিয়া শিল। এই শিলৰ জীবন্ত কিংবদন্তি প্ৰচাৰ আৰো প্ৰসাৰ লাভ কৰাৰ পিছতে পুৰাতত্ব বিভাগে কাঁহ-পিতলৰ দৰে মাত দিয়া শিলাখন্দ সংৰক্ষণৰ বাবে নিবলৈ যা-যোগাৰ কৰিছিল যদিও সেইবোৰ পুৰাতত্ত্ব বিভাগক স্থানীয় ৰাইজে নিবলৈ হকা-বধা কৰাত আজিও অক্ষত অৱস্থাত আছে কিংবদন্তি জীয়া সাক্ষীৰ বঘৰাৰ কইনা কন্দা শিলবোৰ।
আমি উভতি আহিবৰ পৰতো সেই একেই অসীমত যাৰ হেৰাল সীমাৰ শেষৰ পৃষ্ঠাৰ দৰে লাগিল পৰিৱেশটো। তাত যে বি এম য়ে কৈছিল সন্ধিৰ প্ৰথম পাতল আন্ধাৰৰ কোলাত লাহে লাহে ডুবি গৈছে চন্দন, চম্পা, গৌৰী, উমাহঁতৰ বিষাদ স্মৃতিৰে ভৰা সোণৰ দেশখন। মনত লাগিছে সেই অস্থষ্ট আন্ধাৰৰ মাজৰ পৰা সিঁহতে যেন আমাৰ হাত বাউল দি মাতিছে। সিঁহতৰ ফালৰ পৰা উটি অহা গধূলিৰ চেচাঁ বতাহজাকত শুনিবলৈ পাইছোঁ, কোনোবা দুৰ্ভগীয়া অসহায় গাভৰুৱে যেন কৰুণ সুৰত বিনাইছে সেই গীতটো —
হেৰৌ বাটৰুৱা ৰচোন খন্তেক
এষাৰি কথা কৈয়ে য়া….।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment