চিলাৰায়ৰ অমৰ সৃষ্টি সাৰৱতী টীকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

চিলাৰায়ৰ অমৰ সৃষ্টি সাৰৱতী টীকা

 

চিলাৰায়ৰ অমৰ সৃষ্টি সাৰৱতী টীকা


বসন্ত বৰুৱা


    হাবাহু বহ্মপুত্রৰ উত্তাল জলৰাশিত পুতস্নান কৰি যুগ যুগ ধৰি নিজ গৰিমা আৰু গৌৰবৰে বর্তী থকা এইখন অসম দেশ। কামদেৱে এদিন এই শস্য-শ্যামলা দেশৰ বুকুতে পুনৰ ৰূপ পাইছিল বাবেই এইখন দেশব পূর্বৰ নাম আছিল কামৰূপ। তাৰো পূর্বতে এই দেশৰ ভূমিৰ পৰাই গ্রহ-নক্ষত্ৰৰ অবস্থান নিৰক্ষণ কৰিছিল বাবেই নাম পাইছিল প্রাগজ্যোতিষ। ৰূপান্তৰৰ ৰূপ লাগি, সময়ৰ বা-লাগি এদিন অসম নামটো পৰি গৃহীত হৈছিল। এই অসম নদী আৰু অৰণ্যৰ দেশ, শ্যামলী পথাৰ আৰু ওখ ওখ গিৰিৰ দেশ। অভিনৱ এই দেশ, অভিনৱ এই দেশৰ শাসক আৰু প্রজা। যুগে যুগে এই দেশৰ সাৰুৱা ভূমিলে প্রবজন ঘটিছে বিশ্বৰ বহু ঠাইৰ পৰা, কেতিয়াবা কোনোবা আহিছে দেশ জয়ৰ দুৰ্ম্মুদ লালসা লৈ, কেতিয়াবা কোনোবা আহিছে নিজৰ ঠাইতে গৃহহাৰা হৈ, কোনোবা আহিছে আলহী হৈ, কোনোবা আহিছে সুর্য্য উঠা দেশৰ মনোমুগ্ধকৰ ৰূপ সুধা পান কৰিবলৈ। শক- হুন, পাঠান, মোগল আদি হেজাৰ জনসমুদ্রৰ নিৰবিছিন্ন সোতৰ বোৱতী ধাৰা যুগে যুগে বৈ আছিল এই দেশৰ মধুক্ষৰা প্ৰাণ কৰিবলৈ। সাত ৰাজ মাৰি এক ৰাজ কৰি আহোমে   এই দেশ শাসন কৰিহিল ৬০০ বছৰ। সম-সাময়িক ভাৱে কোচ শাসকে শাসন কৰিছিল ৫০০ বছৰ।কোচ শাসকৰ শাসন কালতেই অসমীয়া ভাষাৰ সৌধ নির্মান হৈ উঠিছিল।  অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, তেখেতৰ প্রিয় শিষ্য বঢ়াব পো মাধৱদেৱ, তেখেতৰ অনুগামী শিষ্য -প্ৰশিষ্য সকলৰ সাহিত্য ৰচনা আৰু যুগজয়ী সৃষ্টিৰাজীৰে অসমীয়া ভাষাৰ বুনিয়াদ গঠন কৰিবলৈ সক্ষম হৈছিল। 

কোচ শাসকে এই সকল মহাপুৰুষক নিজৰ নিৰাপদ  আশ্ৰয়ৰ চত্ৰছায়াত ৰাখি নির্ভয়ে সাহিত্য চর্চ্চা কৰিবলৈ এখন বহল ক্ষেত্র প্রদান কৰিছিল। যাৰ ফলত অসমীয়া সাহিত্যৰ ৰামধেনুখনত নতুন  নতুন  বোল লাগি সাতোৰঙী-হৈ উজ্জ্বলি উঠিছিল। প্রিয়ৰঞ্জন কোচ শাসকৰ প্রিয়ভাজন হৈ অকল যে মহাপুৰুষ দুজনা আৰু তেখেত সকলকৰ অনুগত শিষ্য -প্ৰশিষ্য সকলেই সাহিত্য ৰচনা কৰিছিল তেনে নহয়,সাহিত্য সাধনাৰ পথাৰখনত ৰামসৰস্বতী, পুৰোৰুত্তোম বিদ্যাবাগীস, বকুল কায়স্থ আদিৰ লগতে যথেষ্ট সংখ্যক সাহিত্য ৰসিকে সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁড়াললৈ অমূল্য, অতুলনীয় অবদান আগবঢ়াই থৈ গ'ল। প্রজা ৰঞ্জক কোচ শাসকে কেৱল আনৰ হতুৱাই সাহিত্য ৰচনা কৰাতে ক্ষান্ত নাথাকি নিজেও সাহিত ৰচনাত হাত দিছিল তাৰ উৎকৃষ্ট উদাহৰণ মহাবীৰ চিলাৰায়ৰ সাৰবতী টীকা। আমাৰ এই প্রবন্ধটিত চিলাৰায়ৰ অমৰ সৃষ্টি সাৰৱতী টীকাৰ বিষয়ে লিখিবলৈ চেষ্টা কৰা হৈছ ।

       যি তৰোৱালেৰে ইতিহাস লিখিছিল, যি কেৱল কদমত ঘোঁৰা চেকুৰাই ইখনৰ পিছত সিখনকৈ ৰাজ্য জয় কৰি গৈছিল, তুমুৰলি তেজত যি বিজয়ৰ নিচান উৰুৱাত অভ্যস্ত আছিল, তেনে এজন বীৰ যোদ্ধাই তৰোৱাল কাটি কৰি থৈ হাতত কলম তুলি লৈ যুগজয়ী সাহিত্য সৃষ্টি কৰিব পাৰেনে? এয়া জানো সম্ভব? হয়তো বহুতেই একে আষাৰতে ক’ব, অসম্ভব। কিন্তু এনে অসম্ভৱকে সম্ভৱ কৰি দেখুৱাইছিল বিশ্ববীৰ, মহাবীৰ চিলাৰায়ে। তেজৰ ফাঁকু খেলা হাতেৰেই তেঁও দ্বাদশ শতিকাৰ প্ৰখ্যাত বৈষ্ণৱ কবি জয়দেৱৰ- “গীত গোবিন্দ”ৰ সস্কৃত ভাষাৰ টীকা ভাষ্য কৰি ‘’সাৰৱতী’ নামেৰে অপূৰ্ব এখনি ভাষ্য গ্রন্থ ৰচনা কৰিছিল। এই ভাষ্য গ্রন্থখনি পঢ়িলে চিলাৰায়ৰ গভীৰ পাণ্ডিত্যৰ উমান পোৱা যায়।

       দ্বাদশ শতিকাৰ প্ৰখ্যাত বৈষ্ণৱ কবি জয়দেৱৰ দ্বাৰা ৰচিত “গীত গোবিন্দ”ই বৈষ্ণৱসকলৰ উপৰিও  আন আন বিজ্ঞ পণ্ডিতসকলৰ পৰাও সমাদৰ লাভকৰিবলৈ সক্ষম হৈছিল। সেই সময়ত ‘’গীত গোবিন্দ”ই পণ্ডিত সকলৰ মাজত ইমানেই জনপ্রিয় হৈ উঠিছিল যে লগে লগে এই গ্রন্থখন বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ হৈছিল। লগতে বিদেশী ভাষাতো এই গ্রন্থখন অনুবাদ হৈ সুজন পাঠকৰ স্নেহাশীষ লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাবে জয়দেৱৰ “গীত গোবিন্দ”ক বৈষ্ণৱ সমাজৰ ওমৰ কাব্য হিচাপে সর্বজন স্বীকৃত হৈছে। চিলাৰায়ে ৰচনা কৰা টীকা ভাষ্য ‘’সাৰৱতী’ত তেওঁৰ সাহিত্য প্ৰতিভাৰ ওমৰ কীৰ্ত্তি হিচাপে সমাদৰ লাভ কৰিছে। এই “সাৰৱতী”য়েই চিলাৰায়ক বিশ্বৰ পণ্ডিত সমাজৰ মাজত এক মৰ্য্যদা সম্পন্ন স্থান দখল কৰাত সহায় কৰিছিল। মধ্যযুগৰ অসম ৰাজ্যত “গীত গোবিন্দ” ৰ ওপৰত তিনিখন টীকা ভাষ্য ৰচনা হৈছিল যদিও চিলাৰায়ৰ “সাৰবতী”য়েই আছিল সর্বপ্রথম আৰু সৰ্বশ্রেষ্ঠ। আম্বিকাচৰণ চৌধুৰীয়ে ‘’গীত গোবিন্দ’ ভাষা ‘’সাৰৱতী’ সম্পৰ্কত মত পোষণ কৰি কৈছে যে-কবি জয়দেৱৰ “গীত গোবিন্দ” বৈষ্ণৱ জগতৰ ওমন কাব্য গ্রন্থ ৰূপে সর্বজন স্বীকৃত বিশেষকৈ বৈষ্ণৱ ভত সমাজত। বিভিন্ন ৰাগ আৰু তাল সন্নিবিষ্ট কৰি এই গীতবোৰ গোৱা আৰু নৃত্যৰ দ্বাৰা পৰিৱেশিত হোৱা যোগ্য আৰু ৰাধা কৃষ্ণৰ প্ৰেমৰ আধাৰত এই গীতবো ৰচিত হোৱাত দ্বাদশ শতিকাৰ পৰা পৰবৰ্তীকাল ভাৰতত থকা বৈষ্ণৱ ধৰ্মাচৰণৰ মঠ-মন্দিৰবোৰ সাহিতা চৰ্চাৰ মূল অংশ হিচাপে ভক্ত মণ্ডলীৰ দ্বা আন্তৰিকতাৰে গৃহীত হোৱাৰ ফলত এই গীতবে নীচক শৃঙ্গীৰ ৰসাত্মক বর্ণনা নহৈ স্বর্গীয় প্ৰেমৰ নিজ ৰূপে, প্ৰেমৰ চূড়ান্ত নিদর্শন আৰু আদর্শকে জনমানসত স্বীকৃত হৈছে।

    যদিও চিলাৰায় আচলতে নিজে আজীন কাল ধাৱমান ঘোৰাঁৰ পিঠিতে তৰোৱাল লৈ না ৰাজকীয় শক্তিৰ বিৰুদ্ধে হোৱা যুদ্ধ বিগ্রহত ব্যস্ততা কটাবলগীয়াত পৰিছিল তথাপি ৰণক্ষেত্রত পাকৈ ৰণুৱা হৈয়ো কলাক্ষেত্ৰত ‘বসিক সুজন’ হ’ব প ব্যক্তিত্বৰ অধিকাৰী হিচাপে তেওঁ পৃথিৱীৰ ইতিহাস বিৰল ব্যক্তি হিচাপে বিবেচিত হ'ব লাগিছিল, নি উপযুক্ত প্ৰচাৰ আৰু আমাৰ অমনোযোগিতাৰ বা তেখেতৰ প্ৰকৃত মূল্যায়ন আজিও হৈ উঠা নাই। ‘গীত গোৱিন্দ’ৰ দৰে নন্দন তাত্বিক প্রাধান্য থকা আৰু মহাকাব্য যুগৰ নায়ক শ্রীকৃষ্ণৰ ঐশ্বৰীক লীলাৰ অঙ্গ স্বৰূপ ৰাধা-কৃষ্ণৰ প্ৰেমৰ অৰ্থাৎ ভাৱ অনুভাৱেৰে ৰঞ্জিত সুকুমাৰ কলাৰ ওপৰত কবি জয়দেৱৰ আবেগ সিঞ্চিত ৰচনাৰে সমৃদ্ধ ভাৱ বহল গীতবোৰৰ তাত্বিক বিশ্লেষণ কৰি ভাষ্যৰে সৰলীকৰণ তথা মুকলিকৰণ কার্য যে কিমান সুকঠিন সেয়া একমাত্র পণ্ডিতসকলৰ হে অনুমেয়। সংস্কৃত ভাষাত কিমান বিদগ্ধ পণ্ডিত হ’লে ‘’গীত গোবিন্দ’ৰ ভাষ্যকৰণ সিয়ো সংস্কৃত ভাষাত সম্ভৱ হ’ব পাৰে সৰ্বসাধাৰণৰ ধাৰণাতীত এই ভাষ্য গ্রন্থখনিৰ নাম “সাৰৱতী”। 

           গীত গোবিন্দ ১২ টা সর্গত বিভক্ত। এই ১২ টা সৰ্গৰ প্ৰতিটো সৰ্গতেই ২ টা কৈ মূল গীত সন্নিবিষ্ট। মুঠ ২৪ টা গীতৰ সমষ্টি। এই ১২টা সর্গ হৈছে-‌ (১) সামোদ দামোদৰ, (২) অক্লেশ কেশৱ, (৩) মুগ্ধ মুধুসুদন (৪) স্নিগ্ধ মুধুসুদন (৫) সাকাঙ্খা পুঞ্জৰীৰাক্ষ (৬) মুগ্ধ মুকুন্দ (৭) পৃষ্ঠ বৈকুণ্ঠ (৮) নাগৰ নাৰায়ণ (৯) বিলম্ম লক্ষ্মীপতি (১০) মুগ্ধ মাধৱ (১১) সানন্দ গোবিন্দ আৰু (১২) সুপ্রীত পীতাম্বৰ। সাৰৱতীত ১৬ শতিকাত প্রচলিত দেশী, কামাতলী, কাইমেলি (অর্ধমাগধী) বর্নমালা ব্যৱহৃত হৈছে। পৌৰাণিক সাঁচিপতীয়া মন্ত্র পুথিবোৰত এনে ধৰণৰ লিপি ব্যৱহাৰ হোৱা দেখা যায়। চিলাৰায়ৰ “সাৰৱতী”ৰ অর্ধশতিকাৰ পিছতহে দৰং ৰাজ্যৰ ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীয়ে অসমীয়া ভাষাত গীত “গীত গোবিন্দ”ৰ পদ্যানুবাদ কৰিছিল। ৰাম সৰস্বতীৰ গীত গোবিন্দত এনেদৰে উল্লেখ কৰিছে “নৰনাৰায়ণ নৃপতিৰ প্ৰাণ ভাই। মহাৰাজ শুক্লধ্বজ যাৰ সম নাই।” তাহান টীকাক জিজ্ঞাসিয়ো সুধীজনে।

যদি অর্থ নোপোৱা নিন্দিবা মোক মনে।”

    ইয়াৰ পৰা সুষ্পষ্ট হয় চিলাৰায়ৰ "সাৰৱতী"য়ে ৰাম সৰস্বতীক পদ্যত ভাবানুবাদকৰণত সহায় কৰিছিল। ৰাম সৰস্বতীয়ে সেয়ে অতি বিনয়েৰে কৈছে সাৰৱতীৰ ক্ষেত্ৰত জয়দেৱৰ গীত গোবিন্দৰ সকলোখিনিয়েই অনুবাদ কৰা নাছিল। প্রয়োজনীয়খিনি অন্তর্ভুক্ত কৰি কিছু অংশক বাদ দিছিল। অর্থাৎ চিলাৰায় অন্ধ অনুকৰণৰপৰা বিৰত আছিল। পণ্ডিতেহে পণ্ডিতৰ মোল বুজে। সৰ্বসাধাৰণ যোদ্ধা, কুটনীতিবিদ, ৰসজ্ঞ পণ্ডিত চিলাৰায়ৰ মূল্য মহাপুৰুষ গুৰুজনাই ঠিকেই অনুধাৱন কৰিছিল। সেয়ে মহাপুৰুষ শ্রীমন্ত শংকৰ গুৰুজনাই তেখেতৰ “ৰাম বিজয়” নাটকত শুক্লধ্বজ ওৰফে সংগ্রাম সিংহ ওৰফে চিলাৰায়ৰ প্ৰশক্তি গাইছে এনেদৰে - “পৰম ৰসিক গুৰু : শ্রীশুক্লধ্বজ। ৰাজা নৃপতি প্রধান।। জয়তু জয়তু নিত্য ঈশ্বৰ কৃষ্ণৰ। কেলি লীলা ৰস জানা।”

“ৰামক পৰম ভকতি ৰসজানা। শ্রী শুক্লধ্বজ নৃপতি প্রধানা।। ৰামক বিজয় যে কৰবাত নাট। মিলক তাহেক বৈকুণ্ঠক বাট।।”

      মহাবীৰ চিলাৰায়ে, যুদ্ধ ক্ষেত্রত দেখুওৱা অপৰিসীম বীৰত্বৰ কথা কিছু পৰিমাণে শ্ৰৱণ হয় যদিও তেখেতৰ পাণ্ডিত্যৰ দিশটো কিন্তু এতিয়াও যথেষ্ট পৰিমাণে উপেক্ষিত হৈ আছে যেন ভাব হয়। এই দিশটোৰ ওপৰত বিজ্ঞজনে দৃষ্টিপাত কৰিলে নিশ্চয় অধিক ন-ন সমল ওলাব আৰু নতুন পুৰুষো ইয়াৰ দ্বাৰা উপকৃত হ’ব।


সহায়ক গ্রন্থঃ

অম্বিকাচৰণ চৌধুৰীৰ ৰচনাৱলীঃ

সম্পাদনাঃ হাইদৰ হুচেইন (প্ৰথম আৰু দ্বিতীয়)

মহাযোদ্ধা চিলাৰায় আৰু সমকালীন ইতিহাস - উপেন বৰুৱা।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages