খাই মৰে ভোকৰ যন্ত্ৰণাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

খাই মৰে ভোকৰ যন্ত্ৰণাত

 


খাই মৰে ভোকৰ যন্ত্ৰণাত


                                           ড° মীনা দেৱী বৰুৱা

                                                    তিনিচুকীয়া


হাতত ফলি পুথিলৈ

বিদ্যালয়ত খোজ দিছোঁহে মাথোঁ 

ওপৰৰ শ্ৰেণীৰ পৰা শিক্ষাগুৰুৰ কথাষাৰে 

বুকুৰ ক’ৰবাত আহি খুন্দিয়াই গৈছিল 

‘নাখাই নমৰে কোনো

অভ্যক্ষ খাইহে মৰে পেটৰ তাড়নাত’


কথাষাৰিয়ে গোজ পাতি ক’ৰবাত 

পাতিছিল বাহৰ

যোৱাবেলি নোমলকাইৰ খেতি খোলা চন পৰিল

গছত লাগি থকা কুমলীয়া আম

গোটাগোটে খাই পেটৰ জুই নুমুওৱা নাজানে কোনে

শিক্ষাগুৰুৰ কথাই সঁচা

নাখাই নমৰে কোনো 

খাই মৰে পেটৰ তাড়নাত 


নাখাই নামৰে কোনো

পেটত গামোচা বান্ধি 

চিতাৰ ছা‍ঁই হৈ যোৱা অৱশেষত

শিক্ষাগুৰুৰ বাক্যশাৰী শিলৰ খুঁটি 


ৰজাঘৰীয়াই ক’বলে’ পাং পাতে এইবাৰ

দুখীয়া হৈ জীয়াই থকাতকৈ 

মৰি যোৱা বুদ্ধিমানৰ কাম

পৰিস‍ংখ্যাত নিপাত যাওক

নিচলা এমখাৰ নাম


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages