কিছুমান মানুহৰ মুখ চাই চিনিব নোৱাৰি
যতীন মিলি
কিছুমান মানুহৰ মুখ চাই চিনিব নোৱাৰি
মুখৰ মেৰত বৰণ সলাই মুখাই
মুখৰ ৰংবোৰ চিনি জানি ল’ব খোজোতেই অন্য এখন মুখ
বাহিৰত এখন মুখ
ভিতৰত এখন মুখ
মুখাই আপোন কৰি তুলিব পাৰে পৰ
ছাৰখাৰ কৰিব পাৰে সুখৰ ঘৰ
মুখা পিন্ধা মানুহৰ দৰে
পানীৰ তলৰ কাঁইটবোৰো দৃশ্যমান নহয়
যেন জীৱন নাটৰ যৱনিকা পৰৰ ভাও
ৰাম ৰাৱণ সীতা কৈকেয়ী
গাৰ কাপোৰ আৰু মুখৰ ৰং গুচাই দিয়াৰ পিছত
ৰাম যেতিয়া ৰমেন হয়
সীতা যেতিয়া সাগৰিকা হয়
পৰিস্ফুট হৈ পৰে নিভাঁজ মানুহৰ ছবিবোৰ
তথাপি কওঁ শুনা -
এই পৃথিৱীত বিচিত্ৰ মুখৰ মানুহ আছে
বয়স আৰু অভিজ্ঞতাৰেও চিনিব নোৱাৰা
এয়া মুখা নে মুখ
যিবোৰ ধূসৰ আকাশৰ দৰে অপৰিস্ফুট…
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment