তোমাৰ বাবে মই এটি ভালপোৱাৰ তান
ৰূপালী বসুমতাৰী
হাওৰাঘাট, কাৰ্বিআংলং
তোমাৰ বাবে মই এটি ভাল পোৱাৰ তান
মমৰ দৰে বিগলিত হৃদয়ৰ প্ৰেম;
আছেনে তোমাৰ মনত
তুমি যে এদিন কৈছিলা- তোমাতে মই !
মোৰ হৃদয়ত তোমাৰ হৃদয় থৈ
তুমি হৈ পৰা নাম নোহোৱা কবিতা
তেজে তেজে গলে মমৰ শিখা
বিয়পি পৰে সুগন্ধি পখিলা
শিল হয় বৰফ, বৰফ হয় প্ৰেমৰ জুহাল
তথাপি যে তুমি মোৰ বাবে
বহু বাট হেপাহৰ সপোন সুন্দৰ !
মই এদিন কোৱাৰ দৰে তুমিও কৈছিলা
এজোনাক পি খোৱা সাতসৰী সুৰটোৰ সৈতে
প্ৰেমৰ সাগৰত তন্ময় হোৱাৰ কথা
তোমাৰ মোৰ মাজত নিঃশব্দতাৰে
গুণ-গুণনি বুকুত অহা যোৱা কৰা বহু অপ্ৰকাশিত ভাষা !
মনত পৰেনে তোমাৰ ?
প্ৰথম লগ পোৱা সেই কিন্কিনীয়া বৰষুণত পিছলি পৰা
অতীতৰ সোণহেৰুৱা সেই দিনটোৰ কথা ?
যি বৰষুণে দুয়োৰে লাজ শংকা আঁতৰাই
একেখন ছাতিত কাষ ছপাই আনিছিল !
দুটি মনৰ দুখন হৃদয়ে উমান পাইছিল প্ৰেম উজ্জীৱিত জীৱন জীয়াৰ গান !
তোমাৰ বাবে মই এটি ভালপোৱাৰ তান
প্ৰেম আকলুৱা- আলসুৱা দুটি মনৰ এটি গান...
মই আজিও অনুভৱ কৰোঁ,
প্ৰথম সাক্ষাৎ হোৱা দিনৰ উপহাৰত থকা আলফুলীয়া সেই সপোন;
শুকুলা আকাশৰ তলত ফুলি থকা
ৰঙা গোলাপৰ দৰে তোমাৰ মৰম।
তোমাৰ বাবে মই এটি জোনাক তৃষ্ণা !
চিফুঙৰ সুৰৰ দৰে প্ৰিয় এটি গানৰ দৰে
তুমি নিতৌ মোৰ ভালপোৱা বিচৰা...
তুমি গভীৰ সোঁতে সোঁতে প্ৰৱাহিত
মোৰ সাগৰ সদৃশ জলৰাশিৰ বুকুত,
তুমি-মই, মই-তুমিয়ে হৈ পৰোঁ এতিয়া এটি এটি কৈ ভালপোৱাৰ গভীৰ তানত।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment