হৃদয়ৰ গান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

হৃদয়ৰ গান

 


হৃদয়ৰ গান 


                        ৰুণু শৰ্মা

         পাঞ্জাবাৰী, গুৱাহাটী 


হৃদয় দেখিছেনে বাৰু কেতিয়াবা? 

দেখা নাই কেতিয়াও!

চাব বিচৰাও নাই নে?

শৰীৰৰ ভিতৰত উমি উমি 

বুকুৰ মাজত জ্বলি থকা এটুকুৰা 

আইনাৰ দৰে চিকমিক তৰল পদাৰ্থৰ দৰে য’ত 

বিচাৰিলে পোৱা যায় জীৱন 

নামৰ এটা কাচিজোনৰ দৰে

জিলিকি থকা সেই জোনটো 

টিকাফটা ৰ’দত ওলমি থকা 

সৰল-সহজ  এটা জীৱন।

তুমি বাৰু দেখিছানে সেই 

হৃদয়ৰ টোপোলাতো ঘৰৰ 

পিৰালীত বা বাৰীৰ চুকত ?

মোৰ হৃদয়ৰ গভীৰতা তুমি জুখিব নোৱাৰিলা,

নেদেখিলা তুমি তাৰ আচল ৰংবোৰ।

তুমি তাক প্ৰত্যক্ষভাৱে সিঁচি দিলা বোৱতী নদীৰ সোঁতত।

কেনেকৈ বাৰু পাৰিলা তুমি তাক

গছকি মোহাৰি পেলাব মোৰ 

সপোনৰ সাচতীয়া ৰং বোৰ!!    


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages