ভজলুংকাই (২)
হেমেন হাজৰিকা
কামৰূপ
দুটা পঠা বলি দিয়াৰ
কাতৰ আহ্বানত
অৰঙে দৰঙে ঘুৰি ফুৰা
জধলু হেবাং মানুহজন
আমাৰ হিয়াৰ আমঠু আছিল।।
সংস্কৃতিৰ আধাৰ তেওঁ
বাদক গায়ক নৰ্তক
সংস্কাৰক কি নাছিল তেওঁ।।
দেশক জগোৱা
জাতিক জগোৱা
অম্লান প্ৰাণ আছিল
ভজলুংকাই।।
তুমি গুছি যোৱাৰ পিছত
তোমাৰ তবলা যোৰ
তোমাৰ হাৰমনিয়ামৰ
সুৰ নোহোৱা হ’ল।।
ভজলুংকাই এতিয়া ইয়াত
বহু ৰাতি
গভীৰ অমানিশা নামিছে আহি।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment