এজাক পছোৱাৰ সতে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

এজাক পছোৱাৰ সতে

 


এজাক পছোৱাৰ সতে


                                         গজেন চন্দ্ৰ নৰহ

                                                    মাজুলী


ৰঙীন বুকুৰ উমে 

আকোলিত সপোনক 

নীৰৱে চুই যায় এজাক পছোৱাই। 

গছৰ ডালৰ দলিচাত 

মদাৰৰ মদৰুৱা সুবাহ 

ছিন্ন ভিন্ন কৰি দিয়ে

মধুময় নিশাৰ সপোন।

ভগ্ন সপোনৰ বেদনা 

চকুলোৰে ভৰে নয়ন, 

অন্যফালে কলা ডাৱৰৰ আৰত 

মধ্যম ৰাতি পূর্ণিমা জোনে 

লাহেকৈ ভূমুকি মাৰি চায়। 

পৃথিৱীত মানৱৰ অপূৰ্ণ প্ৰেমৰ 

বোৱতি নদীৰ সোঁত। 

মনৰ আশাবোৰ 

সৰিয়হ মৰণাৰ পেলনীয়া জাবৰ। 

নির্জনতাৰ মাজত বুৰগৈ থকা 

সপোনে সাৰ পায় 

অচিন পশু-পক্ষী মাতত। 

বিলীন হয় ৰঙীন সপোন 

এজাক পছোৱাৰ সতে।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages