এক অজান বেদনাৰ শিহৰণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

এক অজান বেদনাৰ শিহৰণ

 


এক অজান বেদনাৰ শিহৰণ


                                                  নিপু কুমাৰ দাস 

                                             কাজিপাৰা, নলবাৰী


কলিজা কোমল যেন মধুৰ স্পন্দন 

কেতিয়া কেনেকৈ হয় হুমুনিয়াহ 

স্বপ্ন বিভোৰ কথাবোৰ 

সাগৰৰ ফেনাৰ দৰেই 

বুকুতেই হুল হৈ বিন্ধে হায়!

ভাল লগা কিযে ভাল কথাবোৰ 

দুচকুৰ নীলা ডাৱৰৰ ভাষাৰেই

বুকুৰ ফাগুন যেন এজাক অজান বৰষুণ

এই প্ৰণয়ৰ প্ৰেম-বসন্তৰ ছবিখন

বিশ্বাস আৰু সততাৰ

শাওণৰ ভৰা বাৰিষাৰ ঢল

হৃৎপিণ্ডত বাঢ়ি আহে ঢপ-ঢপনি 

কুট্ কুটাই কলিজাৰ ভাঁজত

সপোন ভঙা কথাবোৰ

জীৱনৰ বুজাব নোৱাৰা হাঁহি-ধেমালি

কেতিয়া কেনেকৈ হয় গৈ চকুলোঁ

এই সময় দুঃসময়ৰ সন্ধিক্ষণত

এক অজান বেদনাৰ শিহৰণ—।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages