স্মৃতি স্পৃহা
মিলি কৃষ্ণনয়ন
মই দুখৰ গান ভাল পাওঁ
পিছে সুখৰ সন্ধানত থাকোঁ।
দুখৰ সাধু মোৰ বৰ প্ৰিয়,
মই কিন্তু তৃপ্তিৰ পিয়াসী।
দুখীয়া মোৰ আজন্ম প্ৰেমীক।
পিছে মোৰ স্বপ্ন প্ৰখৰ।
ল'ৰালিৰ কথা,
ধেমালি আৰু বেথা।
আজিও জীপাল মনত
শান্ত মাথোঁ মৰমৰ মলমত।
পথাৰ,বোকা মোৰ তেজে শিৰে।
স্মৃতি ৰঙীন কৰে
তোমাৰ সেই কলাফুলে।
এজাৰ ফুলৰ ৰং আৰু তোৰ তামোলী ওঁঠ।
পাহৰা নহয় তোৰ সেই বোকা লুতুৰি মুখ।
বৰষুণ মোৰ এতিয়াও প্ৰিয়
তোমাৰ বা কেনে লাগে?
পিছল বাটৰ সেই অহা যোৱা
তুমিয়ো ছাগৈ পাহৰা নাই।
মইতো নোৱাৰাৱেই।
সেয়া এক শক্তি
দুখ দিয়ে মুক্ত কৰি
ভাৱত ডুবু মাথোঁ।
সুখৰ উল গুঠো।
এক হোৱাৰ আশা প্ৰিয়লতা,
এয়া এক অবিৰত যাত্ৰা।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment