কাইলৈ দিনটো সুখৰ হ’ব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

কাইলৈ দিনটো সুখৰ হ’ব

 

কাইলৈ দিনটো সুখৰ হ’ব


                                        প্ৰীতি পংকী গগৈ 

তিনিচুকীয়া, কাকপথাৰ


পূব আকাশত জিলিকিব 

স্নিগ্ধ আলোক

ওঁঠৰ কোণত বিয়পিব

স্বাচ্ছন্দ্য হাঁহি 

বগেনভেলিয়াই পদূলিত

বঢ়াব সৌন্দৰ্য 

তগৰৰ সুগন্ধিত হ’ব 

প্ৰফুল্লিত মন

বৰষুণৰ প্ৰতিটো টোপালত

জীপাল হ’ব ধৰিত্ৰী 

ফাগুনৰ  লঠঙা ডালত 

মেলিব কুঁহিপাত 

শ্যামল বৰণে দলিচা 

পাৰিব ধৰাত

কুলু কুলু সুৰেৰে বৈ আহিব

সুখৰ নিজৰা 

সেই নিজৰাত পুলকিত হ’ব 

আইৰ হৃদয়

স্বপ্নৰ পাৰ ভাঙি বাস্তৱ হ’ব 

আশা 

সন্ধিয়া ডবা শংখৰ ধ্বনিত

হ’ব প্ৰশান্ত মন

প্ৰাৰ্থনাৰ সুৰে আনিব

প্ৰশান্তি 

একা-বেকা কাঁইটিয়া বাটৰ

পৰিব অন্ত

মুক্ত আকাশত আপোন মনে 

উৰিব বিহঙ্গ ।।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages