আহাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

আহাৰ

 


আহাৰ


                হেমাঙ্গ ঠাকুৰীয়া


বতাহৰ বুকুত ইমান শীতলতা 

কোনে সানে গ্রীষ্ম প্ৰবাহ আঁতৰাই!


আহাৰৰ আকাশে জানে, 

ৰ’দে পোৰা মাটিৰ 

কিমান বৃষ্টিয়ে তৃষ্ণা পলুৱায়।


আকাশৰ বুকুত ডাৱৰৰ নাচোন, 

ডাৱৰৰ চকুত শইচৰ সপোন। 

শত কৃষকৰ ঘামৰ ঘ্রাণত 

পথাৰবোৰেও প্ৰাণ পায়।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages