নৃত্য-গীত আৰু কৰ্ম-সংস্কৃতি ভাল পোৱা বোকাখাত-ৰজাবাৰীৰ অনুভৱী জয়া বৰি
হৰেন্দ্ৰনাথ দলে
গুৱাহাটী
কাব্য-ব্যঞ্জনাময় অনুভূতিৰেই পাতনি মেলোঁ-
সৰা পাতে পাতে ফাগুন নামিলে
হৃদয়ৰ ভাঁজত বেদনাই পোখা মেলে
আকাশে নিৰৱে নিৰলে চকুলো টুকিলে
মেঘালী আঁচলৰ ঠিকনা মনত পৰে
তাই হাঁহি-মাতি ভাল পায়, তাই সংগীত সাধনা কৰি ভাল পায় আৰু বিভিন্ন বিষয় সামাজিক মাধ্যমত সৰৱে চৰ্চা কৰি ভাল পায়। তাই কৰ্ম-সংস্কৃতিৰো আধাৰ। আন আন ঘৰুৱা কামৰ লগতে তাই নিজেই বাঁহৰ কামি চাঁচি-চুচি জেওৰা-বেৰাও বনাব জানে। মিচিং ছোৱালীয়ে কাপোৰ বব-নজনাটো বৰ লাজৰ কথা বুলি তাই স্পষ্ট ভাষাৰে কয়। তাইৰ এনে ভাষ্য আৰু সাহসী অনুভৱে মিচিং লোক সাধুত বৰ্ণিত য়াকাচিৰ বেদনায়ক অন্তিম পৰিণতিৰ কথা মনত পেলাই দিয়ে। কাপোৰ বব নজনা আকাজীৰ দুৰ্নাম চিৰদিনলৈ বহন কৰা সম্ভৱ নহ’ব বুলি ভাবি অৱশেষত আত্ম-ঘাটি সিদ্ধান্ত লৈ বোঁৱতী নদীত জাঁপ দি য়াকাচিয়ে জলজ প্ৰজাতি শিহুৰ জনম লভিছিল। এইয়া আমাৰ মিচিং সমাজ জীৱনৰ কন্যা সন্তানৰ প্ৰতি পৰম্পৰাগতভাৱে চলি অহা নৈতিক শিক্ষা। এনে নৈতিক দায়িত্ববোধৰ প্ৰতিফলন নেপথ্যৰ ব্যক্তি সত্তাটো দেখা পাওঁ। স্বাৱলম্বিতাৰ ব্যৱহাৰিক বৈশিষ্ট্যপূৰ্ণ প্ৰাণ-প্ৰবাহি ধাৰণা; প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বহন কৰি নি থকাৰ চেতনা-বোধ আৰু প্ৰয়াস তাইৰ দৈনন্দিন কৰ্ম-আঁচনিৰ তালিকাত অতি অন্তৰ্পনে অন্তৰ্ভূক্ত। কামৰ সময়ত কেৱল কাম; বেলেগে কথা চিন্তা কৰিবলৈ তাইৰ সময় নাই।
মিচিং ভাষা-সাহিত্যৰ প্ৰতিও তাইৰ জাতীয় আবেগ জৰিত আকৰ্ষণ আৰু সুকীয়া দায়বদ্ধতা আছে। তাই মিচিং ভাষাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ পাবলৈও সক্ষম হৈছে। এই প্ৰমাণপত্ৰ এগৰাকী বিশিষ্ট অৱসৰী প্ৰশাসনিক বিষয়াৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ পাই তাই অত্যন্ত সুখী আৰু গৌৰৱান্বিত।
তাই পৰিমাৰ্জিত দূৰত্বৰ পৰা মিচিং সংগঠনবোৰৰ সাংগঠনিক কাৰ্য-সূচী নিৰীক্ষণ কৰি ভাল পায়। তাই আমাৰ মিচিং সংগঠন সমূহৰ সামগ্ৰিক বিকাশ আৰু গতিশীলতা কামনা কৰে। তাই ৰাজনীতি বিজ্ঞানত মেজৰ সহ স্নাতক ডিগ্ৰীধাৰী এগৰাকী মেধাবী শিক্ষাৰ্থী আছিল। কিন্তু তাই সক্ৰিয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয়। তাইৰ ভাষ্য হ’ল ৰাজনীতি বেয়া নহয়; ৰাজনীতিক কোনো কাৰণতে লেতেৰা দুৰ্নামেৰে অশুচি আৰু কলুষিত কৰা উচিত নহয়। কিন্তু অশুভ নীতি-আদৰ্শৰে পৰিচালিত এচাম দুষ্ট-চক্ৰৰ বাবেহে ৰাজনীতি কলুষিত আৰু অশুচি হৈ পৰিছে।
তাই প্ৰগতিশীল মনৰ গৰাকী। কামৰ ক্ষেত্ৰত তাই পুৰুষ-নাৰীৰ বৈষম্যমূলক বিভাজন থকা উচিত নহয় বুলি ভাৱে। তাইৰ মতে লৰাই কৰিব পৰা সকলো কাম ছোৱালীয়েও কৰিব পাৰে। সেয়েহে মানসিক হীনমান্যতাত ভূগি ছোৱালীয়ে যিকোনো জটিল অথচ শুভ ফলদায়ক কাম আপোচ কৰিব নালাগে।
শিক্ষানুষ্ঠান আৰু সামাজিক অনুষ্ঠানত পোছাক নীতি (Dress Code) যেনেকৈ প্ৰযোজ্য, ঠিক তেনেকৈ মিচিং নাৰীৰ ব্যক্তিগত আৰু সামাজিক জীৱন চৰ্যাটো প্ৰাণৱন্ত স্বকীয় মিচিং সংস্কৃতিৰ প্ৰকৃত পৰিচয় জ্ঞাপক জাতীয় ঐক্য-সাধিত পোছাক নীতি ধৰি ৰাখিব পৰাটোও যোগাত্মক ধাৰণা বুলি তাই অভিমত পোষণ কৰে। তাই বজাৰৰ পৰা ক্ৰয়কৰা নামি-দামী সাজ-পোছাকতকৈ নিজ হাতেৰে বৈ লোৱা মিচিং আৰ্হিৰ সাজ-পোছাকহে অধিক ভাল পায়। দূৰণি-বটীয়া ঠাইলৈ কিবা কামত অথবা গুৰুত্বপূৰ্ণ সামাজিক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে ঘৰৰ পৰা ওলাই যাব লগা হ’লেও তাই মিচিং মেখেলা-চাদৰযোৰ পিন্ধি ওলাই যোৱাটোৱেই অধিক প্ৰাধান্য দিয়ে। মিচিং জাতীয় জীৱনৰ পোছাক নীতি অনুসৰণ কৰাটো মিচিং কন্যা-সন্তানৰূপে তাইৰ স্বাভিমান আৰু অন্যতম জাতীয় দায়বদ্ধতাৰ প্ৰাথমিকতা।
তাই ভাৱে শিক্ষাৰ মহত্ব কেৱল চৰকাৰী চাকৰি প্ৰাপ্তিতেই সীমিত নহয়। হ’লেও শিক্ষাগত অৰ্হতাৰ ভিত্তিত তাই চৰকাৰী চাকৰিৰ বাবেও আবেদন জনাব। কিন্তু চাকৰি নোপোৱাৰ অজুহাতত কৰ্ম-বিমুখ হৈ জীয়াই থকাৰ পক্ষপাতী নহয়। চাকৰি অবিহনেও কৃষি, থলুৱা ব্যৱসায়-বাণিজ্য আদি সৰু-বৰ সকলো ক্ষেত্ৰতেই জীৱন-জীৱিকাৰ উৎস আছে। আন ব্যৱসায়িক ক্ষেত্ৰৰ কথা বাদেই দিলো। মিচিং মহিলা সকলৰ পৰম্পৰাগত সাজ-পাৰ ব্যৱসায়িকভিত্তিত উৎপাদন কৰিও মিচিং মহিলা অৰ্থনৈতিকভাবে স্বাৱলম্বী হ’ব পাৰে। অসমত মিচিং মেখেলা-চাদৰৰ সুকীয়া আদৰ আৰু ব্যৱসায়িক চাহিদা আছে। অতি সম্প্ৰতি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিপনন মেলা বিলাকটো মিচিং মহিলাই তাঁতশালত উৎপাদন কৰা পৰম্পৰাগত আৰ্হিৰ বিভিন্ন সাজ-পাৰে বহুল পৰিসৰত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
মিচিং জনগোষ্ঠীৰ সাহিত্য -সংস্কৃতিৰ মঞ্চ বুলিয়েই নহয় বৃহত্তৰ অসমৰ মূলসূঁতিৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ মঞ্চতো এক ঐতিহাসিক ক্ষণত তাই নিভাঁজ সাহিত্যানুৰাগীৰ পৰিচয় তুলি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰমান হ’ল “শিল্পী আইদেউ সন্দিকৈ জন্ম শতবাৰ্ষিকী আৰম্ভণি অনুষ্ঠান” উপলক্ষে গোলাঘাট জিলা সাহিত্য সভা আৰু কমাৰ গাওঁ সাহিত্য সভাই যৌথভাৱ আয়োজন কৰা “আকাশ কবি সন্মিলন”ত অংশগ্ৰহণ কৰি তাই বিগত ৫ জানুৱাৰী, ২০২০ তাৰিখে এখনি মৰ্যাদাপূৰ্ণ “সম্ভাষণ পত্ৰ” আনুষ্ঠানিকভাৱে লাভ কৰিছে।
তাই ভালপোৱা হেঁপাহৰ কেইটামান উল্লেখযোগ্য কাম-তাই কবিতা, নাটক আৰু প্ৰবন্ধ লিখি ভাল পায়। তদুপৰি মিচিং, অসমীয়া গীত শুনি আৰু চিনেমা চাই ভাল পায়। চিত্ৰাংকন আৰু ফটোগ্ৰাফীও তাই ভাল পায়। ভৱিষ্যতৰ দিনত Action কম, Reaction বেছি মিচিং চিনেমা এখন তাইৰ নিজৰ পৰিচালনাত কৰাৰ প্ৰবল ইচ্ছা।
মই আৰম্ভণিতে “সৰা পাতে পাতে ফাগুন নামিলে” বুলি ব্যঞ্জনাময় কথা এষাৰ উল্লেখ কৰি আহিছোঁ। এনে প্ৰসংগত অনুভৱী জয়াই গুণ গুণাই ভাল পোৱা দুটামান অসমীয়া আৰু মিচিং গীতৰ কলি আওৰাই শুনাব খুজিছোঁ-
“সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী”
(২)
Ouwa no kappo:yog
Miksi titpaksula
Ngo:sin kabmín-lí:dag
Adji:n kouwé ngo
Asin-asinang kabmmíloi
Angkéng kidag
তাই পাহাৰীয়া জান-জুৰি আৰু নৈপৰীয়া নৈসৰ্গিক পৰিৱেশত আত্ম-বিভোৰ হৈ জীয়াই থাকিব বিচাৰে। নগৰীয়া যান্ত্ৰিক কোলাহলৰ মাজত তাই কোনোদিন সোমাব নোখোজে।
পৰিয়ালৰ জ্যেষ্ঠ সকলৰ দৃষ্টিত তাই কণিষ্ঠতম আলসুৱা কন্যা সন্তান। অনাহকত তাইক কোনেও মানসিক আঘাত দিব নিবিচাৰে। মাক-দেউতাকেও আছুতীয়া হৃদয় আঁকলুৱা মৰমৰ সুবাস সানি অইয়াও বুলিয়েই মাতে। ওচৰ-চুবুৰীয়া আৰু পৰিয়ালবৰ্গইও তাইৰ নাম ধৰি কোনিদিন নামাতে। তাইৰ আচল নাম ধৰি মাতিলে কিজানি আঘাত পায়, ঠেহপাতে, অভিমানী হয়। সেয়েহে তাইক ওচৰ-চুবুৰীয়া আৰু আত্মীয়-স্বজন সকলোৱে মৰমৰ উমাল পৰশ দি মাথোঁ মাতে Ménsei, অ’ Ménsei.
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment