পাঠ
ৰূপা গগৈ
গৌতমঃ নীপা তুমি কিন্তু এইটো ভাল কাম কৰা নাই।
নীপাঃ কি কৰিলোঁ ?
গৌতমঃ নিজক সোধা
নীপাঃ কি কথা ? মই নিজক সুধিবলৈ ?
গৌতমঃ তুমি কি কৰিলা আৰু কি কৰা নাই, সেইটো নিজক সোধা।
নীপাঃ সুধিবলৈ কিটো আছে নিজক ? মই কৰা নাই কি?
গৌতমঃ কৰিছা কৰিছা, প্ৰয়োজনতকৈ বহুত বেছি কৰিছা। মাথোঁ এটা কৰা নাই যিটো কৰা প্ৰয়োজন।
নীপাঃ মানে… আপুনি মোক কি ক’ব বিচাৰিছে ?
গৌতমঃ বুজিছাই তুমি। মই তোমাক কি ক'ব খুজিছোঁ ! যদিহে তুমি বুজিও নুবুজাৰ ভাও জুৰিছা তেনেহ’লে তোমাক কিবা কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ !
নীপাঃ কি পাক লগা কথা কৈ আছে আপুনি ? যি ক’ব লগা আছে চিধাচিধিকৈ নকয় কিয় ?
গৌতমঃ অতদিনে তোমাক চিধাচিধিকৈ খোলাখুলিকৈ কৈ আহিছোঁ, তাৰ পৰা কিবা তুমি বুজিছানে নে তুমি সলনি হৈছা ?
নীপাঃ আপুনি কি সলনি হোৱাৰ কথা কৈছে ? মইতো একেই আছোঁ । বিয়াৰ আগৰ যিজনী মই বিয়া দহ বছৰ পাছতো একেজনীয়েই মই।
গৌতমঃ সেইখিনিতেই গণ্ডগোলটো আছে।
নীপাঃ তাৰমানে…!
গৌতমঃ তাৰমানে হ’ল তোমাৰ নীচ চিন্তাধাৰা আৰু অহংকাৰে মোৰ মান-সন্মান সকলোতে আঘাত সানিছে। যি কথাত মই সকলোৰে ওচৰত লজ্জিত হৈছোঁ।
নীপাঃ কি কথা কৈছে ?
গৌতমঃ যি শুনিছা তাকে কৈছোঁ।
নীপাঃ আৰু মই...যি বুজোঁ সেয়াই কৰোঁ। যাক যি ব্যৱহাৰ কৰিব লাগে তেনেকৈয়ে কৰোঁ। মই সদায় ময়েই। মোক কোনেও কেতিয়া সলনি কৰিব নোৱাৰে। মোৰ বাবে আপুনি লজ্জিত হ’বলগীয়া কোনো কাৰণ নাই বুলি ভাবোঁ। মোক অহংকাৰ কৰা বুলি ক’লেও মোৰ একো গাত নালাগে। যি যিমানৰ যোগ্য সিমানখিনিয়েই ব্যৱহাৰ মোৰ পৰা পাব, তাতোতকৈ বেছি একো আশা কৰি লাভ নাই।
গৌতমঃ ঠিক আছে, তুমি যদি জানাই যে যাক যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেন্তে তুমি তোমাৰ মা-দেউতাক কি ব্যৱহাৰ কৰা ?
নীপাঃ মই মোৰ মা-দেউতাক মা-দেউতা হিচাপে যিদৰে সেৱা, শ্ৰদ্ধা, ভক্তি আৰু সন্মান কৰিব লাগে সেইখিনিকে কৰোঁ। কেতিয়াও মা-দেউতাক সেইখিনি কৰাত কৃপণালি বা সংকোচ কৰা নাই।
গৌতমঃ আচ্ছা, সেইটোতো বৰ ভাল কথা। মাক-দেউতাকে সদায় সন্তানৰ পৰা সেইখিনিয়েই আশা কৰে। তোমাৰ মা-দেউতা বৰ ভাগ্যৱান মানুহ।
নীপাঃ হয়তো আক! দাদা-নবৌয়েও তেওঁলোকক কিমান আদৰ যত্ন লয়, ভগৱানৰ দৰে মানে আপুনি দেখিছেইচোন।
গৌতমঃ এৰা, দেখিছোঁ ! যদি তোমাৰ মা-দেউতাৰ দৰে মোৰ মা-দেউতাও যদি ভাগ্যৱান হ’লহেঁতেন আজি হয়তো ঘৰৰ এচুকত অৱহেলিত হৈ গোলামৰ দৰে জীয়াই থাকিব নালাগিলহেঁতেন। পুতেকৰ সন্মুখত বোৱাৰীয়েকে আন মানুহৰ আগত পিতৃ-মাতৃক সেই বুঢ়াটো বুঢ়ীজনী বুলি তুচ্ছ বাক্য কৰা শুনিবলৈ নাপালেহেঁতেন।
নীপাঃ অ এতিয়াহে বুজিলোঁ কথাৰ গুৰি ক’ত ? এবাৰ ভাবি চাব লাগে মোৰ পৰা তেনে ব্যৱহাৰ পাবলৈ তেওঁলোকৰ আছে কি ? সেইখিনি যোগ্যতা আছে নে নাই !
গৌতমঃ নিশ্চয় আছে !
নীপাঃ কেনেকৈ আছে ?
গৌতমঃ যেনেকৈ তোমাৰ মা-দেউতাই মাক-দেউতাক হিচাপে জী, পো-বোৱাৰীৰ পৰা পোৱা যোগ্য আছে তেনেকৈ।
নীপাঃ আপুনি ভুল ভাবিছে। মোৰ পিতৃ-মাতৃৰ দৰে ধন-সম্পদ, শিক্ষা-জ্ঞান একোৱেই নাই আপোনাৰ মা-দেউতাৰ।
গৌতমঃ সঁচা কথা। একো নাই মোৰ মা-দেউতাৰ তোমাৰ মা-দেউতাৰ দৰে অজস্ৰ ধন-সম্পদ, শিক্ষা-জ্ঞান। কিন্তু মোৰ মা-দেউতাৰ ওচৰত যিটো আছে সেইটো কিন্তু তোমাৰ মা-দেউতাৰ ওচৰত নাই।
নীপাঃ হাঃ হাঃ হাঃ ! আপুনি কিন্তু মোক হঁহুৱালে দেই। যি মানুহে সদায় পো-বোৱাৰী হাতলৈ মুখলৈ চাই জীয়াই থাকে ৰঘুমলাৰ দৰে সেই মানুহৰ ওচৰত কি থাকিব পাৰে ?
গৌতমঃ আছে, আছে যিটো তুমি ধন-সোনেৰে কিনিব বা বেচিব নোৱাৰা। সেইটো হ’ল - সংস্কাৰ। যিটো তোমাক মা-দেউতাই দিব নোৱাৰিলে।
নীপাঃ আপুনি মোক কি সংস্কাৰ পাঠ পঢ়ুৱাইছে ?
গৌতমঃ সংস্কাৰৰ পাঠ কোনেও কাকো নপঢ়াই। সংস্কাৰ ঘৰখনৰ পৰাই শিকে। যি সংস্কাৰ মোৰ মা-দেউতাৰ পৰা ঘৰখনৰ পৰা পাইছিলোঁ। সেই সংস্কাৰৰ বাবেই আজি মই মোৰ মা-দেউতাক তোমাৰ কথাত লাগি বৃদ্ধাশ্ৰমলৈ পঠাব নোৱাৰোঁ। সেয়ে তুমি পঢ়োৱা অ-সংস্কাৰী পাঠ মই নপঢ়োঁ।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment