অপেক্ষাৰ পোহৰ
আশা বৰা মন
নগাওঁ
ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ। পুৱাৰ বেলিটো ক্ৰমে উঠি আহিছে নিয়মৰ মাজেৰে নিজৰ নিয়ম অনুসৰি। কোমল ৰ’দৰ পৰশ পাই প্ৰকৃতিয়ে মিচিকিয়াইছে। সোণালী ৰূপালী বৰণেৰে জিলিকি উঠিছে গছে বনে লাগি থকা নিয়ৰৰ কণাবোৰ। চোতালৰ আগৰ ফুলনীখনৰ ফুলবোৰে নাচোন কাচোন। চৰাই চিৰিকটিবোৰেও বিভিন্ন মাতেৰে দৈন্নদিন নিয়মৰ পম খেদি দিনটোৰ সৈতে মুখামুখি হ’বলৈ দিনতোক আদৰাত ব্যস্ত। পুৱাৰ প্ৰাৰম্ভনীতে প্ৰকৃতিৰ নিয়ম অনুযায়ী নতুন সম্ভাৱনা এটা বুকুত লৈ বেলিটোৱে তাৰ নিজ বাটে বাট বুলিছে।
হঠাৎ সাৰ পাই উঠিলোঁ। ঘড়ীটোলৈ চাই দেখিলোঁ আঠ বাজিবৰ হ’লেই। বহুত কাম আছে সেয়ে মুখ হাত ধুই লগৰ মানসী, কৰৱী, অৰুণিভাহঁতক মাত দিলোঁ উঠা উঠা তোমালোক বহু দেৰি হ’ল। আগদিনা আমি মাঘবিহুৰ বন্ধ শেষ কৰি আটাইকেইজনী হোষ্টেল পাইছোহি। আমি বি এ ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। আমি দহজনী ছোৱালী প্ৰাইভেট হোষ্টেলত থাকো। নিজৰ সকলো কাম নিজেই কৰি ল’ব লাগিছিল। হোষ্টেলৰ ৱাডেন গৰাকী বৰ কাৰা আছিল, আমাক বেছিকৈ ঘূৰাপকা কৰিব দিয়া নাছিল। সেয়ে প্ৰতি দেওবাৰে আমি লগ হৈ সন্মুখৰ ফুলনীখনত নানান আড্ডা মাৰিছিলোঁ। সেইদিনাও ৰবিবাৰ আছিল আমি আমাৰ সেই ৰোমাণ্টিক আবেলি কণত বহি পৰিছিলোঁ। আমাৰ আবেলিৰ বৈথকত বহু কথাই স্থান পাইছিল। কিন্তু মেইন বিষয়টো হ’ল গল্প কোৱা। কাল্পনিক বা বাস্তৱৰ অভিজ্ঞতা যিয়েই নহওক গল্প ক’বই লাগিব, কেৱল গল্প ৰোমাণ্টিক হ’ব লাগিব।
আমাৰ হোষ্টেলৰ ফুলনীখন বৰ ধুনীয়া। ফুলনিত নানা তৰহৰ ফুলেৰে ভৰি আছে। ফুলবোৰে প্ৰতি পুৱা মিছিকিয়া হাঁহিৰে দিনতোৰ বাবে আমাকেই সম্ভাষণ জনায়। আমি ফুলনিত বহি থাকিলে ফুলবোৰে খুব ভাল পায়। মিচিক-মাচাক হাঁহিৰে আমাকে জোকায়। ফুলনিখন সচাঁকৈ চকুত লগা। বাটৰ মানুহৰো চকু ৰৈ যায়। আবেলিৰ আমাৰ আড্ডাই আৰু শুৱনি কৰি তোলে ফুলনিৰ শোভা। তাতোতকৈ ভাল লাগে কাষৰ পুখুৰীটো। ভেট ফুলেৰে ভৰপূৰ। বাৰিষা বেছি হয়।
নিয়ম আৰু হিচাপ অনুসৰি সেইদিনা পাপৰিৰ গল্প কোৱাৰ পাল আছিল। কিন্তু আচল কথা পাপৰিয়ে গল্প ক’ব নাজানে শুনি কিন্তু বৰ ভাল পায়। কিন্তু কি হ’ব নিয়মৰ কথা আছে সেয়ে চিনেমাই হওক বা যিয়েই নহওক ক’বই লাগিব। পাপৰিয়ে অলপ সময় ভাৱি ক’লে ঠিক আছে শুন তেন্তে কিন্তু মোক ঠাট্টা নকৰিবি।
পাপৰি আছিল বৰ মেধাবী আৰু সৰল মনৰ ছোৱালী। তাই গান বৰ ভাল পাইছিল। কিন্তু ঘৰৰ পৰা মাক-দেউতাকে সন্মতি দিয়া নাছিল। মাক-দেউতাকৰ মতে এতিয়া পঢ়াৰ সময় পঢ়িব লাগে, গান পিছতো গাব পাৰিব। দেউতাকে বেঙ্কত চাকৰি কৰে। ঘৰ তেজপুৰত ভায়েক এটা আছে সেয়াই তাইৰ পৰিয়াল। মাকদেউতাকে তাইক বৰ মৰম কৰে। পাপৰিও সেই পাপৰিয়েই। দেখাত চকু লগা পঢ়াতো বেচ ভাল। সেইবাৰ পাপৰি হায়াৰচেকেণ্ডেৰীৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। ব’হাগ বিহুৰ সময়। মাক-দেউতাকৰ লগত ওচৰৰে বিহু সন্মিলন তাই গৈছিল। দুই এজনী লগৰ ছোৱালীকো লগ পালে তাতে। বিহুত সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ’ল। বহুত গায়কে গান গালে,তাৰে এজন গায়কে তাইৰ পচন্দৰ গান গাইছিল। গায়কজন হ’ল অভিজিৎ দুৱৰা। পাপৰিৰ সেই গায়কজনৰ গানত মুগ্ধ হৈ তাৰ লগত চিনাকী হোৱাৰ হাবিয়াস আছিল যদিও সেই আশা মনতে ৰ’ল, কাৰণ ইমান মানুহৰ মাজত কেনেকৈ গায়কজনক লগ পাব। পাপৰিয়ে মাথো জানিছিল গায়কজন গুৱাহাটীৰ পৰা আহিছিল। সেইদিনা ৰাতি ভাবি ভাবি পৰীৰ (পাপৰিক সকলোৱে পৰি বুলি মাতছিল) টোপনি নাহিল। পৰীয়ে পৰীক্ষাৰ বাবে পঢ়াত মন দিয়াত লাগিল সকলো কথা মনৰ পৰা পৰিহাৰ কৰি। তথাপিতো কেতিয়াবা কেতিয়াবা অজানিতে মনৰ ভিতৰৰ কোনোবা কোনত অচিনাকি গায়কজনে আমনি নকৰা নহয়। মনতো কেতিয়াবা কিছু কথাই দুৰ দুৰণি লৈ যায়। কি কৰিব আগন্তুক পৰীক্ষাৰ বাবে কল্পনা জগতৰ পৰা মনতো বাস্তৱ জগতলৈ আনি কৰ্ম ব্যস্ততাত মিলি যাব বিচাৰে পৰিৰ অবুজ মনটোৱে। তথাপি গান গোৱা হাবিয়াসতো মনৰ পৰা পৰিত্যাগ কৰিব পৰা নাছিল। ভৱিষ্যত দূৰত পঢ়িব গ’লে গানৰ বাবে কিবা প্ৰচেষ্টা চলাব বুলি মনটোক সান্তনা দি পঢ়াত লাগিব ধৰিলে যিহেতু এইবাৰ ফাইনেল বৰ্ষৰ ছাত্ৰী। পৰিয়ে সোণালী ভৱিষ্যতৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰাৰ মানসেৰে বৰ্তমানক আদৰি ল’লে।
হঠাৎ এদিন গুৱাহাটী যাব লগা হ’ল। পৰী জেঠায়েকৰ ছোৱালীৰ বিয়া (মাকৰ বায়েক) মাকদেউতাক আৰু ভায়েকৰ লগত বিয়ালৈ বুলি ৰাওনা হ’ল। গাড়ীত পৰীয়ে ভাবি গ’ল যদি সুবিধা পায় গায়কজনক লগ কৰিব। অৱশ্যে গায়কজনৰ নামটোৰ বাহিৰে একো নাজানে। যথা সময়ত বিয়া ঘৰ পালেগৈ। উদুলিমুদুলি বিয়া ঘৰৰ পদূলি। ৰঙত মানুহৰ গাত তৎ নাই। কইনাজনীও আনন্দত বিভোৰ। জোৰণ গ’ল। বিয়া দিনা গোটেই দিনটো আনন্দ ধেমালিৰ মাজেৰে পাৰ হ’ল। ৰাতি যথা সময়ত দৰা আদৰাত ব্যস্ত। কইনাৰ ভনী হিচাপে পৰিয়ে দৰাৰ ভৰি ধুৱাই আদৰিলে। এক কাকতলীয় সংযোগ। হঠাৎ পৰিয়ে আচৰিত ভাৱে সেই গায়কজনৰ মুখখন দেখা পালে ভালকৈ চোৱাত দেখিলে – হয় সেই অভিজিৎ দুৱৰা। যিজন ল’ৰাৰ লগত পৰিৰ বায়েকৰ বিয়া সেই ল’ৰাজনৰ (অথাৎ পৰীৰ ভিনিহিদেউকৰ) বন্ধু গায়ক অভিজিৎ দুৱৰা। সেয়ে পৰীয়ে সেইদিনা চিনাকি হোৱাৰ সুবিধাটো হাতৰ পৰা যাব নিদিলে। এনেই অভিজিৎ বৰ ধুনীয়া তাতে আকৌ বিয়াৰ পৰিৱেশ, লগতে ৰঙা টি চাৰ্টেৰে দেখিবলৈ আৰু ধুনীয়া স্মাৰ্ট লাগিছে। প্ৰথমে চফ, চৰ্বত দিয়াৰ চলেৰে চিনাকি হ’ল। পিছত দুই এটা কথাৰ চলেৰে পৰীয়ে গানৰ কথা উলিয়ালে। অভিজিৎৰ গান পৰীৰ প্ৰিয় বুলি গম পাই অভিজিৎৰ খুব ভাল লাগিল। কইনাৰ ভনীয়েক বুলি গম পাই অভিজিতে পৰীক বেছি গুৰুত্ব দিলে। বিয়া ঘৰত পৰীক বহুতৰ ভাল লাগিছিল কিন্ত পৰীয়ে অভিজিৎৰ বাহিৰে কাকো চোৱা নাছিল। পৰী অভিজিৎৰ কথাৰ অন্ত নাইকিয়া হ’ল। পৰীয়ে তাই গান গাই ভাল পোৱাৰ কথা ক’লে কিন্তু মাকহঁতে এতিয়াই নিদিয়ে।
অ তোমাৰ নাম কি? তেতিয়াহে পৰীয়ে অভিজিতক তাইৰ পৰৰিচয় দিলে। অভিজিতেও তাইক পৰী বুলিয়েই মাতিছিল। কোনখন কলেজত পঢ়া পৰী ? পৰীয়ে ক’লে নাই নাই কলেজ নহয় মই তেজজপুৰ হায়াৰচেকেণ্ডেৰী স্কুলত পঢ়ো। অভিজিতে আচৰিত হৈ ক’লে গুৱাহাটীত কিয় নপঢ়িলা! এনেই আৰু মই বি এ পঢ়িবৰ বাবে গুৱাহাটী আহিম, কটনত পঢ়াৰ বৰ ইচ্ছা আছে কি হয় নাজানো। অভিজিতে ক’লে ভালেই হ’ব দিয়া তেতিয়া গান গোৱা হাবিয়াসটো নিশ্চয় পুৰা কৰিব পাৰিবা। পৰী আৰু উৎসাহিত হ’ল। মনলৈ সাহস আহিল। তাই অভিজিতক মাকদেউতাকৰ লগত চিনাকি কৰাই দিলে। পৰীৰ ভায়েকটো অভিজিতৰ বন্ধুৰ দৰেই হৈ পৰিল। সি অহাবাৰ মেট্ৰিক দিব। পৰীয়ে অভিজিতক তাৰ ঘৰৰ কথা সুধাত সি দুখ মনেৰে ক’লে-- এই পৃথিৱীয়েই মোৰ ঘৰ,প্ৰকৃতিৰ সকলো বস্তুৱেই মোৰ পৰিয়াল মোৰ পৰিচয়। পৰী আচৰিত কি কৈছে সি থিক বুজিব পৰা নাছিল তাই।
অভিজিত অনাথ আছিল। সি অনাথ আশ্ৰমত থাকি ডাঙৰ হৈছিল। সি নাজানে তাৰ মাকদেউতাক কোন ? এতিয়াও জীৱিত নে মৃত। অভিজিতে এইবাৰ বি.এ. ফাইনেল দিছে। বৰ্তমান অভিজিৎ ভাড়া ঘৰত থাকি পঢ়াশুনা আৰু প্ৰগ্ৰেম কৰে। সংগীতেই তাৰ জীৱন সাধনা ৷ সংগীতক তাৰ জীৱনত জীয়াই ৰাখিবৰ বাবে সি যিকোনো কষ্ট,সংঘাত মুৰ পাতি ল’ব পাৰে। পৰী আচৰিত আৰু নীৰৱ হৈ পৰিল। অভিজিতক দেখিলে ইমান সংঘাতৰ মাজত থকা বুলি ধৰিব নোৱাৰি। হাঁহি মুখীয়া আনকো হহুৱাই ভাল পোৱা অভিজিৎৰ অন্তৰত যে ইমান দুখ কঢ়িয়াই লৈ ফুৰিছে পৰীয়ে কল্পনাও কৰিব পৰা নাছিল। বিয়া কাৰ্য্য শেষ হ’ল। অভিজিৎ দৰাৰ লগত কইনা লৈ গুচি গ’ল। পৰীৰ বৰ অকলশৰীয়া যেন লাগিল। দুদিনৰ পিছত পৰীহঁতো নিজৰ ঘৰলৈ গুচি গ’লগৈ ৷পৰীয়ে কিন্তু ইচ্ছা কৰিও অভিজিতক মনৰ পৰা আঁতৰ কৰিব নোৱাৰিলে। অভিজিত অকলশৰীয়া, নিসংগতাৰ কথা ভাৱি পৰীৰ মন সেমেকি পৰে। তথাপি অলপ জোৰ কৰি পঢ়াত তাই মন দিলে, নিজৰ কৰ্মৰ প্ৰতি তাই কেতিয়াও অৱহেলিত হোৱা ছোৱালী নহয়। প্ৰথম বাৰৰ বাবে পৰীয়ে অনুভৱ কৰিলে তাই যেন বৰ দুৰ্বল হৈ পৰিছে। সহজ সৰল অমায়িক পৰীজনী হঠাৎ আৰু বেছি গহীন হৈ পৰিল। এনেতে অভিজিতৰ ফোন আহিল। প্ৰথমে পৰীয়ে ধৰিব পৰা নাছিল কাৰ নম্বৰ। ফোন ক’লতো পাই পৰীৰ যিমান আনন্দ লাগিছিল সিমান ভয়ো লাগিছিল।
পৰী কেনে আছা তুমি ?
মোৰ ভালেই অভিজিত দাদা
তোমাক এটা অনুৰোধ কৰো মোক দাদা নামাতিবা অভি বুলি মাতিবা
পৰীয়ে ক’লে হ’ব অভিজিত দাদা
আকৌ দাদা
নহয় নহয় অলপতো সময় লাগিব ন অভি
ঠিক আছে অভি কেৱল অভি মাতিবা
সেয়াই আৰম্ভণি। তাৰ পাছত ফোন ক’ল মেছেজলৈ দুয়ো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। যেতিয়া অভিজিতে গান গাইছিল বা গানৰ কথা ভাৱিছিল পৰীৰ মুখখন মনলৈ আহিছিল। অভিজিতে প্ৰতিশ্ৰুতি দিলে পৰী কটনত পঢ়িবলৈ আহিলে লগ পাম। আৰু তোমাক গান গাব শিকাম। দুয়ো বহু কথাই পাতিছিল কিন্তু কোনেও কাকো মনৰ একো কথা কোৱা নাছিল। দুয়ো দুয়োলৈ বৰ হেঁপাহেৰে অপেক্ষা কৰি আছিল কিজানি মনৰ কথা প্ৰকাশ কৰেই কিন্তু এজনেও মনৰ কথা প্ৰকাশ কৰিব পৰা নাছিল।
দিন বাগৰিল। পৰীৰ পৰীক্ষা শেষ হ’ল। ভবাতকৈ পৰীক্ষা বেছি ভাল হ’ল। পৰীক্ষাৰ শেষত ঘৰত এনেই থাকি বেয়া লগাত গুৱাহাটী ফুৰিব গ’ল পৰী। দেউতাকে পৰীক জেঠায়েকৰ ঘৰত থৈ আহিল। পৰীক জেঠায়েকে পাই ভাল পালে উৰুঙা ঘৰখনত। ছোৱালীজনী বিয়া দিয়াৰ পিছত জেঠাইয়েক একেবাৰে অকলশৰীয়া হৈ পৰিছিল। পৰীয়ে কলেজ চোৱাৰ ইচ্ছাৰে জেঠায়েকৰ অনুমতি লৈ গ’ল। তাই অভিক লগ পোৱাৰ আশাৰে বৰ হেপাঁহেৰে নিজকে সাজিকাচি গ’ল। তাই ইমান দিনৰ মুৰত অভিক হঠাৎ লগ পাই লাজত মৰহি যোৱাৰ দৰে হ’ল। অভি আৰু পৰীয়ে কলেজখন এপাক ঘূৰি চালে। তাই প্ৰথম কটন কলেজত ভৰি দিছে। অভিয়ে দুই এজন বন্ধুৰ লগত চিনাকি কৰাই দিছে। পৰী প্ৰথমে নাৰ্ভাছ হৈছিল যদিও পিছলৈ তাই সহজ হৈ পৰিল। দুই এটা কথা পতাৰ পাছত সিহঁতে নাৰিকলৰ পানী খালে। পৰিবেশটো নিৰ্জন আছিল। ফিৰফিৰীয়া বতাহত পৰীৰ চুলিবোৰ আউলিবাউলি হৈ পৰিছিল। সেইদিনা পৰীক বৰ ধুনীয়া লাগিছে। অভিয়ে পৰীৰ চুলিখিনি থিক কৰি দি কৈছিল পৰী তোমাক ক’ব লগা কথা বহু আছে।
কোৱা অভিয়ে পৰীক কৈছিল।
মই তোমাক বহুত ভাল পাওঁ মানে জীৱন লগৰী কৰিব বিচাৰো, জানাই নহয় মই কিমান অকলশৰীয়া।
পৰী থতমত খাই লাজতে ৰঙাচিঙা পৰি অলপ আঁতৰি গৈ তাইৰ কৌতুক প্ৰিয় মনতোৱে অলপ ধেমালি কৰাৰ চলেৰে ক’লে— কিনো আচৰিত মোৰ নামটো ভাল পোৱাতো। অভি গহীন হৈ পৰীৰ হাতখনত ধৰি ক’লে মোৰ প্ৰেমক দুৰ্বল মনৰ পৰিচায়ক বুলি ঠাট্টা নকৰিবা। আচলতে মই তোমাক বহুত ভালপাওঁ পৰী, আজি ইমান দিনে তুমি মোৰ সচিতে সপোনে অহৰহ কিমান যি আমনি কৰিছা তুমি হয়তো বুজি নাপাবা পৰী। পৰী চিৰিয়াছ হৈ পৰিল। অজানিতে পৰীৰ হৃদয়ত এক অবুজ শিহৰণ জাগি উঠিল। মুখেৰে একো মাত দিয়া নাছিল যদিও অভিয়ে পৰীৰ নীৰৱতা আৰু চকুৰ ভাষা বুজি পাইছিল। অভিয়ে আনন্দত মতলীয়া হৈ চিঞৰি চিঞৰি কৈছিল পৃথিৱীৰ ভিতৰত মই আজি সকলোতকৈ সুখী পৰী আই লাভ ইউ। অভিয়ে পৰীক ঘৰত থৈ গ’লহি।
এইদৰেই আৰম্ভ হৈছিল অভি আৰু পৰীৰ প্ৰেমৰ মধুৰ কাহিনী। সিহঁতৰ প্ৰেমৰ আকাশত বহু ৰ’দালিয়ে হাঁহিছিল। অনবৰতে অভিৰ মুখখনে আমনি কৰিব ধৰিলে। অভিৰ চকুৱে যেন পৰীক ক’লে আৰু বহু প্ৰেমৰ কথা। পৰীয়ে সেই কথাৰ ভাষা বুজিবলৈ যত্ন কৰি অনুভৱ কৰিলে এক কল্পিত উন্মাদনা। কল্পনাৰ সাগৰখনত সাঁতুৰি নাদুৰি পৰী বিহ্বল হৈ পৰিল। পৰীৰ জীৱনত জাগ্ৰত হ’ল এক নতুন প্ৰত্যয়। সেয়া আছিল পৰীৰ জীৱনৰ যথাযথ সত্যতা। ইফালে পৰীৰ আকৰ্ষণ আৰু সৌন্দৰ্য্যই অভিৰ জীৱনৰ অপূৰ্ণ হৈ থকা স্থানখিনি পুৰাই অভিৰ জীৱনলৈ কঢ়িয়াই আনিলে এক অনাবিল আনন্দ। লাহে লাহে পৰীৰ মনৰ মনপুঞ্জীত অভিৰ ভাৱনাই আকৃষ্ট কৰি তুলিলে। পৰী অধীৰ হৈ পৰিল। পৰী আৰু অভি প্ৰায়ে ব্ৰহ্মপুত্ৰৰ ফালে ফুৰিব যাব ধৰিলে।
এদিনৰ কথা দুয়ো ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত বহি নানান সোণালী ভৱিষ্যতৰ সপোন ৰচিছিল। অভিয়ে পৰীৰ কাষত বহি তাইৰ হাতখন তাৰ হাতৰ মাজত লৈ কৈছিল যদি পৰীৰ মাকদেউতাকে অভিলৈ পৰীক বিয়া নিদিয়ে অনাথ বুলি ঘৃণ কৰে। পৰীৰ সহজ সৰল মনে অভিক সান্ত্বনা দি কৈছিল যে এতিয়া এইবোৰ কথা ভাবিবৰ হোৱা নাই, প্ৰথমে পঢ়াশুনা কৰি লওঁ বিয়া হবলৈ বহুদিন বাকী আছে। পৰীৰ বাস্তৱবাদী কথাই অভিৰ মনত সাহস দিলে। পৰীৰ অভিৰ ওপৰত বহুত বিশ্বাস আছে এদিন সি ডাঙৰ মানুহ হ’বই। সিহঁত দুয়ো বহুত সুখী হ’ব। অভি সচাঁকৈ ধন্য হ’ল পৰীক জীৱনৰ বাটত পাই, পৰীক বুকুৰ মাজত সাৱটি ধৰি অভিয়ে ক’লে তুমি সদায় মোৰ প্ৰেৰণা হৈ থাকিবা ! পৰী প্ৰমিজ কৰা মোক।
তেতিয়া বেলি পশ্চিমত ডুবু ডুবু ৰঙা বেলিৰ ৰঙীন কিৰণে মন প্ৰাণ চুই গ’ল। সেইদিনা ঘৰ আহি পোৱাত অলপ দেৰি হ’ল। জেঠায়েকে পৰীক খং কৰি ক’লে ভাল ঘৰৰ ছোৱালী ইমান দেৰিলৈকে বাহিৰত নাথাকে। পৰীয়ে আৰু দেৰি নকৰাৰ প্ৰমিজ কৰি জেঠায়েকক সকলো কথা ক’লে কিন্তু জেঠায়েকে পৰীৰ কথাত সমৰ্থন নিদিলে।
সময় দৌৰাত্মক গতিত আগবাঢ়িল। অভিৰ লগ হোৱা সান্নিধ্যই প্ৰত্যেক মুহূৰ্তই পৰীৰ জীৱনলৈ আনিলে গভীৰ প্ৰশান্তি। পৰী তেজপুৰলৈ উভতি আহিল। যথা সময়ত ৰিজাল্ট ওলাল। পৰীৰ ৰিজাল্ট ভবাতকৈ বেছি ভাল হ’ল। অনায়াসে কটনত চিট পালে। জেঠায়েকৰ ঘৰত থাকি পৰীয়ে বিএ কটন কলেজত নামভৰ্তি কৰিলে। প্ৰথম দিনা জেঠায়েকৰ ঘৰত পৰীয়ে অবিৰত ভাৱে মনৰ দুৱাৰখন মুকলি কৰি এটা এটাকৈ সুক্ষ্ম দৃষ্টিৰে ভিতৰৰ সকলো বস্তু চালে। প্ৰত্যেক বস্তুৱেই পৰীলৈ এক নতুন ৰহণ কঢ়িয়াই আনিছে। পৰীৰ মনত পৰিল লগ পোৱাৰ কথা। কি দিন আছিল সেইদিনা কেঁচা আমেজ ভৰা, উমাল,স্পৰ্শকাতৰ।
কলেজৰ প্ৰথমদিনা অভি ৰৈ আছিল পৰীৰ বাবে। অভিৰ লগত থকাৰ বাবেই পৰী ৰেগিঙৰ পৰা বাচিল। কলেজৰ দিনবোৰ বৰ আনন্দৰে পাৰ হৈছিল। নৱাগত আদৰণিৰ দিনা অভিয়ে পৰীক সি থকা আশ্ৰমখন দেখুৱাব লৈ গৈছিল। পৰীৰ বহুত দুখ লাগিছিল অভিৰ যে মাকদেউতাক নাই। ইমান অকলশৰীয়া সি। তাই সেইদিনাই চিৰ প্ৰতিজ্ঞা কৰিছিল, অভিক কেতিয়াও অনুভৱ কৰিব নিদিয়ে যে তাৰ কোনো নাই। তাই সকলো মৰমেই দিব তাক। অলপ দিনৰ পিছত অভিৰ ৰিজাল্ট ওলাল। সি বহুত নম্বৰ লৈ বিএ পাছ কৰিলে। অভিয়ে থিৰাং কৰিলে এমএ পঢ়িবৰ বাবে সি দিল্লী যাব। পৰীৰ মনতো বেয়া লাগিছিল যদিও অভিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই অভিক একো নক’লে। যথা সময়ত অভি পৰীৰ পৰা বিদায় লৈ সুদূৰ দিল্লীত পঢ়িবৰ বাবে গুচি গ’ল। ফোন আৰু মেছেজৰ মাজৰেই আজি ইমান দিনে পৰী আৰু অভিৰ প্ৰেম সজীৱ হৈ আছে। পৰীয়ে জেঠায়েকৰ ঘৰৰ পৰা কলেজ বহু দূৰ হয় বাবেই হোষ্টেল গুচি আহিল। ব’হাগ বিহুৰ সময়ত বন্ধত পৰীৰ ওচৰলৈ অভি অহাৰ কথা। নিশ্চয় বহু বিৰতিৰ পিছত আকৌ এহাল প্ৰেমিক প্ৰেমীকাৰ লগ হ’ব।
গল্পটো শুনি লগৰ কেইজনীয়ে বৰ ভাল পালে। তাৰে অৰুণিভাজনী বৰ চালাক আৰু তীক্ষ্ণ বুধিয়ক আছিল। তাই ক’লে অ পাপৰি তই অভিজিতৰ আৰু তোৰ প্ৰেমৰ কাহিনীটোকে কোৱা নাই জানো!
মই হাঁহি দিলোঁ
বাঃ তই আমাক বুৰ্বক বনাইছ!
লগৰ কেইজনীয়ে চিঞৰি উঠিল — তহঁতৰ প্ৰেমৰ কাহিনীটো জানো কিন্তু অই পাপৰি তহঁতৰ প্ৰেম ইমান গভীৰ আৰু ৰোমাঞ্চকৰ বুলি ভবা নাছিলোঁ।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment