সন্ধ্যা তৰাই উচুপে নীৰৱে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

সন্ধ্যা তৰাই উচুপে নীৰৱে

 


সন্ধ্যা তৰাই উচুপে নীৰৱে…


সঞ্জীৱ কুমাৰ তালুকদাৰ


     পূৰৱীৰ মাকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা আজি এসপ্তাহেই হ’ল, অ'পাৰেচনৰ নাম- গোন্ধ ই লোৱা নাই ডাক্তৰে...! মাকৰ বেমাৰৰ কথা ভাৱি ছোৱালী জনীয়ে জুপুকা মাৰি বহি আছে… ওচৰৰ ৰোগীয়ে চিৎকাৰ কৰিলে মূৰ তুলি চায়...! তাই ভাৱে - “হায় মানুহৰ জীৱন... বেমাৰত পৰিলে মানুহে কি যে নৰক যন্ত্ৰণাত ভুগিব লাগে...! এই নৰক কুণ্ডত অস্থায়ী ভাৱে বাস কৰিবলৈ অহা ৰোগীৰ মনত ডাক্তৰ বিলাক যেন ভগৱান সদৃশ...! কোনেনো আশা নকৰে ইয়াৰ পৰা সুস্থ হৈ পুনৰ ঘৰলৈ যাবলৈ... ! সেই আশা বোৰে কিছুমানৰ মুখত হাঁহি বিৰিঙায়... আৰু আন কিছুমানৰ চকুত অশ্ৰু...!”

    ৰূমটোত ছয় জনী ৰোগী আছে... প্ৰতিজনীৰে বেমাৰ বেলেগ বেলেগ। পূৰৱীৰ মাকৰ ওচৰত থকা জনীৰ ব্ৰীয়েষ্ট টিউমাৰ হৈছিল... অ’পাৰেচন হৈ গৈছে, কিন্তু তেওঁ এতিয়াও সুস্থ হোৱা নাই। তেওঁ এতিয়া যেন সুস্থ হোৱাৰ আশাত বন্দী...!

      পূৰবীৰ দেউতাক দহ বছৰ আগতে সেনাৰ গুলীত নিহত হৈছিল। সিহঁতৰ ঘৰৰ ওচৰত থকা বজাৰ খনত দেউতাকে এখন সৰু পান-তামোলৰ দোকান দি সেই উপাৰ্জনেৰে পৰিয়ালটোক ভৰণ-পোষণ দিছিল। মাক-দেউতাক আৰু দুটি সন্তানৰ সৈতে সিহঁতৰ পৰিয়ালটো এটি সুখী পৰিয়ালেই আছিল...! কাৰো ওচৰত ঋণ নোলোৱাকৈ দৈনিক উপাৰ্জনৰ বলত ঘৰখন নিয়াৰিকৈ চলি আছিল...।

     সেইদিনা সাপ্তাহিক বজাৰ ... মানুহৰ ভিৰ বেছি আছিল। কাৰণ পিছদিনা ৰ পৰা ৰঙালী বিহু...! বিহুৰ বজাৰ কৰাত মানুহ ব্যস্ত হৈ আছে। সেই বজাৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়া-গুলী হৈছিল... সন্ধিয়া অকল্পনীয়ভাৱ পূৰবীহঁতৰ ঘৰত নিয়ৰেও উচুপিছিল..!

   যোৱা দহ বছৰে দুটি শিশুক বুকুত সাবতি মাক জোনালীয়ে আনৰ ঘৰত কাম-বন কৰি চলি আছিল। সম্পত্তি বুলিবলৈ ঘৰৰ ভেঁটি টোৰ উপৰিও দুই বিঘা কৃষি ভূমি। সেয়া সম্বল হিচাপে লৈ ঘৰখন পুনৰ ঠন ধৰি উঠিবলৈ গতি কৰিছিল...!

    পূৰবী ভায়েক বিজয়তকৈ চাৰি বছৰে ডাঙৰ। মেধা শক্তি সম্পন্ন দুয়োটি সন্তানক সুনাগৰিক কৰি গঢ়ি তোলাৰ কল্পনাই মাক জোনালীক বেছি পৰিশ্ৰমী কৰি গঢ়ি তুলিছিল। মানুহৰ আনন্দ -উৎসাহবোৰ যেন কেতিয়াবা ঈশ্বৰে ও সহ্য কৰিব নোৱাৰা হয়...! যোৱা বছৰ অকল্পনীয়ভাৱে এদিনৰ জ্বৰে বিজয়ক পূৰবী আৰু মাকৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল; তাৰ মৃত্যুত মাকে কান্দিবলৈও পাহৰি গ’ল...! আৰু তাৰ পিছৰে পৰা মাক জোনালীয়ে দিনৰ বেছি ভাগ সময় ঘৰতে জুপুকা মাৰি বহি থাকে। বুকু ভেদি ওলোৱা হুমুনিয়াহটো যেন তাইৰ জীৱনৰ লগৰী হৈ পৰিল। পূৰবীয়ে মাকৰ মনৰ পৰা মৃত দেউতাক আৰু ভায়েকৰ স্মৃতি পাহৰাবলৈ অহৰ্নিশে চেষ্টা কৰিছিল যদিও মৃত সন্তানৰ স্মৃতি কোনোবা মাতৃয়ে পাহৰিব পাৰে জানো... যি সন্তানক গৰ্ভত ধাৰন কৰে দহ মাহ দহ দিন...!?

    সময়ৰ সোঁতত পূৰবীৰ দেহলৈ যৌৱন আহিল। এজুৰি বৈ পৰা চকু আৰু ৰিজু দেহৰ অধিকাৰী ছোৱালী জনীয়ে তাইৰ স্ফীত বুকুত কঢ়িয়াই লৈ ফুৰিব পৰা হ’ল বহুতো ৰঙীন কল্পনা আৰু বাস্তৱায়ীত কৰাৰ সপোন...!

   পূৰবীয়ে উচ্চতৰ মাধ্যমিক ক’লা শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আৰু পঢ়িব নোৱাৰিলে। আৰ্থিক দূৰৱস্থাৰ উপৰি ক’লেজৰ বৰ্দ্ধিত মাছুলে তাইক ক'লেজ এৰিবলৈ বাধ্য কৰালে। ইয়াৰ পিছত দুটা টিউচন শিকোৱাৰ উপৰিও ভাৰতীয় জীৱন বীমা নিগমৰ এজেণ্সী লৈ তাইৰ লগতে মাকক পোহপাল দিবলৈ বদ্ধ পৰিকৰ হৈ পৰিল...!

     পূৰবীৰ বয়স বাঢ়ি অহাৰ লগে লগে মাকৰ চিন্তা ও দিনক দিনে কমক চাৰি বাঢ়িবলৈ হে ধৰিলে। মাকে তাইক কোনোবা দ্বায়িত্বশীল যুৱকৰ হাতত অৰ্পন কৰাৰ কথা মাজে মাজে কল্পনা নকৰাকৈ নাথাকে...! কেতিয়াবা মাকে পূৰবীৰ আগত তাইৰ বিয়া সম্পৰ্কে ক'লে তাই মাথোঁ কয় - “মা বিয়াতো হ’ব ই লাগিব, ভাল ল’ৰা পালে নিশ্চয় হ’ম। কিন্তু তাৰ আগতে ঘৰখন সুস্থিৰ হৈ লওকচোন...!”

    “ঘৰ সুস্থিৰ হোৱালৈকে তোৰ বয়স জানো ৰৈ থাকিব...!? তোক উলিয়াই দিব পাৰিলে মোৰ এটা চিন্তা দুৰ হয় ও মাজনী...! কথাখিনি কোৱা সময়ত মাক জোনালীৰ মাতটো কৰুণ হৈ ওলাইছিল...!

      আজি এমাহ পাৰ হ’ল - পুৰবীৰ মাকৰ বেমাৰ হোৱা...! প্ৰথমতে সাধাৰণ মূৰৰ বিষ হৈছিল... লাহে লাহে বিষ ঘনাই হ’বলৈ ধৰাত খেতি মাটি খিনি বন্ধকত থৈ সেই টকাৰে মাকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

    যোৱা সপ্তাহত পূৰবীৰ মাকৰ সকলো পৰীক্ষা হৈ গ’ল, ব্ৰেইন টিউমাৰ হৈছে... অ’পাৰেচন কৰাব লাগিব। অ’পাৰেচনৰ সময়ত দুবটল তেজ লাগিব… কাৰণ ৰোগীৰ দেহত তেজৰ পৰিমাণ কম থকা বুলি কৈছে।

    পূৰবী মহা বিপদত পৰিল, তাই কি কৰিব এতিয়া...! অহা কালি মাকক অ’পাৰেচন কৰিব। এবটল তেজ বাৰু তাই নিজেই দিব, আন এবটল তেজ তাই ক’ত পাব...!? তেজ কিনিবলৈ তাইৰ হাতত থকা টকাৰে নুজুৰিব... তাৰোপৰি চিনাকি লোকৰ তেজ দিয়াত হে ডাক্তৰো পক্ষপাতি। এইবোৰ কথাই ভাৱি আমন-জিমনকৈ বহি আছে পূৰবী।


“পূৰবী কি ভাৱি আছা ...!?”


কাৰোবাৰ মাতত সচঁকিত হ’ল পূৰবী। মূৰ তুলি চালে। সম্মুখত বিভাশ। ব্ৰিয়েষ্ট টিউমাৰ হোৱা ৰোগী জনীৰ লগত থকা ল’ৰাটো। পূৰবী তকৈ তিনি -চাৰি বছৰ মানৰ ডাঙৰ হ’ব।

  “মাৰ কথাই ভাৱি আছোঁ। অহা কালি অ’পাৰেচন হ’ব বুলি কৈছে। দুবটল তেজ লাগিব বুলি কৈছে। এবটল বাৰু ময়েই দিম... আৰু এবটল ক’ত পাওঁ তাকেই ভাৱি আছোঁ... কিনিবলৈ ও টকা নহ’ব...!”

   পূৰবীৰ কথা মনোযোগেৰে শুনাৰ পিছত বিভাশ কিছু সময় তলমূৰ হৈ ৰ’ল, তাৰ পিছত পূৰবীৰ চকুত চকু থৈ ক’লে - “পূৰবী তুমি যদি বেয়া নোপোৱা তেজ মই দিম, অ'পাৰেচনটো যেনে তেনে কৰাবলৈ দিয়া, তুমি চিন্তা কৰিব নালাগে।”

   বিভাশৰ কথা শুনি পূৰবীৰ চকু চলচলীয়া হ’ল... বিভাশক তাই কি বুলি ধন্যবাদ জনাব ভাৱি নাপালে...!

নিৰ্দিষ্ট দিনত অ’পাৰেচন ভালে ভালে হৈ গ’ল... এতিয়া মাকক চেলাইন দি আছে। ডাক্তৰে কৈছে.... দহদিন মান থকাৰ পাছত তেওঁ মাকক ৰিলিজ দিব পাৰিব । কিন্তু মাজে মাজে ৰোগীৰ দেহত জ্বৰ আহি আছে । আৰু দহটা দিন…. পূৰবীৰ চিন্তা বাঢ়িল। এই ফালে হাতত থকা টকাও শেষ হৈ আহিছে... সোনকালে ৰিলিজ ল’ব পাৰিলে ৰক্ষা...!

     সেইদিনা সন্ধিয়ালৈ মাকৰ জ্বৰ বেছি হ’ল। ভিজিটিং ডাক্তৰ জনে মাকক চাই তেজ পৰীক্ষা কৰাবলৈ লিখি দিলে। তেজ পৰীক্ষা হাস্পতালৰ বাহিৰত ৰাজগড় পথত থকা ডাইগ্নোষ্টিক ৰিচাৰ্ছ চেন্টাৰত কৰাই ৰিপোৰ্ট টো সোনকালে আনিবলৈ ক’লে। মাকৰ দেহৰ পৰা নাৰ্চে উলিয়াই দিয়া তেজৰ বটলটো পৰীক্ষাৰ বাবে লৈ পূৰবীয়ে বিভাশক বিচাৰিলে… তেতিয়া ৰাতি ন’ টা বাজিছে… বিভাশ নাই কৰবালৈ গৈছে। বহু চিন্তাৰ অন্তত তাই নিজেই যাবলৈ মন স্থিৰ কৰিলে। হাস্পতালৰ বাহিৰত পূৰবীয়ে ৰিক্সা এখন ল’লে। আকাশ ডাৱৰীয়া। জোনাকী পৰুৱাই আন্ধাৰৰ মাজে মাজে যেন কিবা বিচাৰি ফুৰিছে। দুৰৈত জিলীৰ জী জী মাতে পৰিৱেশটো যেন বেছি জয়াল কৰি তুলিছে..!

ৰিক্সা গৈ থাকিল। সেই সময়ত পথচাৰিৰ সংখ্যা নাই বুলিয়েই কব পাৰি... দুই এখন অটো আৰু বাইক চলি আছে…. ৰিক্সা ও কম। পূৰবীয়ে ভাৱি গ’ল... তেজৰ পৰীক্ষাটো সোনকালে কৰাব পাৰিলে ডাক্তৰে হয়তো নতুন কিবা ঔষধ প্ৰয়োগ কৰিলেহেঁতেন... যি ঔষধে মাকক সোনকালে সুস্থ কৰি তুলিব পাৰে। বিভাশক লগ পোৱা হ'লে এই সময়ত তাই তেজ পৰীক্ষা কৰাবলৈ নাহি তাক পঠাব পাৰিলেহেঁতেন। তাক ভৰশা কৰিতো তাই মাকক চিকিৎসা কৰাবলৈ অনা নাই...! অৱশ্যে সিও অকলশৰীয়া... সি থকা হ’লে নিশ্চয় পূৰবীক এইকণ সহায় কৰিলে হেঁতেন ...!

   হঠাৎ মাৰুটি ভান এখন আহি তাই থকা ৰিক্সা খনৰ সম্মুখত ৰখালে। পূৰবীৰ বুকুখন দুৰু দুৰুকৈ কঁপিবলৈ ধৰিলে... দুজন ডেকা ল’ৰা নামি আহি ৰিক্সাৰ পৰা পূৰবীক জোৰ জুলুমকৈ টানি নি ভানখনত তুলিলে... পূৰবীয়ে হাতজোৰ কৰি যুৱক দুজনক অনুৰোধ কৰিলে... তাইক এৰি দিবলৈ... মাক হাস্পতালত অকলে পৰি থকাৰ কথাও ক’লে। নাই তাইৰ কাকুতি-মিনতি সিহঁতৰ ওচৰত অৰোণ্য ৰোদনহে হ’ল...! শেষত তাই উদ্ধাৰৰ বাবে খুব চিঞৰিলে... কিন্তু সেয়া ও নিস্ফল হ'ল...! ৰিক্সা চালক জনে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও এজনে মৰা ঘোচা এটাত সি কৰ্ফাল খাই মাটিত পৰি থাকিল। 

   গাড়ী কলৈ গ’ল... কোনে পূৰবীক উঠাই লৈ গ’ল কোনোৱে নাজানিলে... মাথোঁ ৰাষ্টাৰ কাষত পৰি ৰ’ল গোটেই নিশা নিয়ৰৰ স’তে উচুপি... পূৰবীয়ে পৰীক্ষাৰ বাবে নিয়া তেজৰ সৰু বটলটো ঘটনাৰ নীৰৱ সাক্ষী হৈ…!


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages