তুমি কথা ক’লে মোৰ দুচকুত সপোন নামে
তৰা বৰুৱা
বৰপথাৰ, গোলাঘাট
হাজাৰটা ভাগৰ
দেহত ওলমি থাকিলেও
তুমি কথা ক’লে
মোৰ হিয়াখন শাত পৰে ।
তুমি কথা ক’লে
বুকুৰ ধুমুহা জাক
পলকতে নাইকীয়া হৈ পৰে।
তোমাৰ ওঁঠৰ এটা হাঁহিত
দুখ-ভাগৰ কি
সকলো পাহৰি
মনৰ পাপৰি জী উঠে।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment