ৰাজনীতি, অৰ্থনীতি নে আন কিবা! - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

ৰাজনীতি, অৰ্থনীতি নে আন কিবা!

 

ৰাজনীতি, অৰ্থনীতি নে আন কিবা!


ৰিচা গগৈ 

ডিব্ৰুগড়


বঙহৰ মঙহ 

সুলভ মূল্যত উপলব্ধ ।

কিমান মূল্য....

নাজানো,কিন্তু বিশুদ্ধ । 


লিখিত নে অলিখিত,

সাধাৰণ ভাৱেই হেনো 

নিৰক্ষৰৰ স্বাক্ষৰৰ গুৰুত্ব আছে । 


ৰাজনীতি নেকি….?

হয়তো অৰ্থনীতিৰ পয়োভৰ। 

বঙহৰ কলঙ্ক 

জীৱনৰ এটা জটিল অংক 

হিচাপ নকৰোঁ 

সময়ৰ উত্তৰ সময়ে দিব । 


আচৰিত হৈ কৈছিল,

আন কিবাওটো হ’ব পাৰে!

নিৰুত্তৰ...

সন্ধান কৰাৰ ইচ্ছা শূণ্য।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages