বিষাদৰ অতীত
এছ.এম ছাইফ উদ্দিন
উত্তৰ লক্ষীমপুৰ
মোৰ বিষাদৰ অতীত
হৃদয়ৰ বেদনা পাহাৰ,
এতিয়াও কান্দে হৃদয়
কৰি হাহাকাৰ।
এৰি থৈ যোৱা দিন ৰাতি
মোৰ জীৱনৰ সমৰ থলী,
সেই দিন নাছিল মোৰ
সূৰুয-মূখীৰ কলি।
পল অনুপল কৰি
সময়ৰ দোলন সদায়,
নদীৰ সতে গৈছিল
বিষাদৰ নিজৰা বোৱাই।
বেদনাৰ বতাহ বলি
আৰাম্ভ হৈছিল জীৱনৰ দুৰ্যোগ,
সেই দিনা অন্ধৰ দৰে
বিচাৰি ফুৰিছো সুখ।
আজিও কান্দে এই মন
অতীজৰ বুৰঞ্জী পঢ়ি,
এনেকুৱা লাগে যেন
মই যাম মৰি।
মোৰ কেনেবাকৈ যোৱা
মৰ্মান্তিক দিনবোৰ
আজি উৰি গুচি গ'ল
ইয়াৰ পৰা বহুদূৰ।
কত ঠাই ঘুৰি ফুৰি
নাপালো আস্রয় মই অঘৰী,
কত দুৱাৰ মুখত খেদা খালো
দীন-দুখনীৰ বেশ ধৰি।
কতনো কান্দিলো
নীলিম আকাশখন চাই,
হে আকাশ! প্ৰকৃতিৰ ৰূপ
দিয়াহি মোক চিনাই।
উৰি যোৱা সেই দিনৰ
আবেগৰ চৰাই
কিমান দূৰলৈকে গুচি গ’ল
উদাসীন কণ্ঠে গান গাই ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment