ফেৰেংগাদাও
তুলিকা দেৱী
নগাঁও
তুমি ক’লা, “সময়বোৰ আমাৰ নহয়
পল, দণ্ড, ক্ষণ
সৰকি গৈছে আঙুলিৰ ফাকেৰে
থৰকবৰক হৈছে দিনলিপি”
চকুমুদি চালোঁ
গৰকি অহা জীৱন
সুখৰ আলিংগন
দুখৰ নিৰ্যাতন
চকু মেলি দেখোঁ
নিশাটো কুটি খাই বহি থকা
এটা ফেৰেংগাদাও
কণ্ঠত পুৱতিৰ চৰ্যা
জীৱন জিনিব পৰাটোৱেই জীৱন
ভালপোৱা জীৱনৰ উত্তৰণ
উত্তৰণ ৰহস্যঘন মানেই
জীৱনৰ গ্ৰহণ
এটা ফেৰেংগাদাও
কণ্ঠত পূৱৰ ধলফাটৰ আৰাও
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment