বুদ্ধ বাণী
ঐশ্বৰ্য জীৱন বৰুৱা
বোধিদ্ৰুমৰ আধাকটা মূঢ়াটোত থিয় দি
তথাগতই চিঞৰি ক’লে...
সকলোৱে হাতে হাতে কুঠাৰ লৈ
এফালৰ পৰা গছবোৰ কাটা।
পাহাৰৰ চুড়াটো খহাই
এখন বিলাসী ৰিজৰ্ট সাজা।
শিহুৰ তেলেৰে দিয়া যৌৱনৰ পৰীক্ষা চলাবলৈ
তালৈ এগৰাকী দেহোপজীৱিনীক মাতা।
সাংবাদিক বন্ধুসকলকো
এবটলকৈ অগৰুৰ আতৰ যাঁচা।
কান্ধত জোলোঙা অঁৰা মানুহজনৰ নামত
কাজিৰঙাত ১০ একৰ মাটি লিখি দিয়া।
যদি কোনোবাই প্ৰতিবাদ কৰে
তেওঁ ডিঙিত ঢালি দিয়া হওক গলিত লোহা।
আৰু তাতো প্ৰতিবাদ শান্ত নহয়
সকলোৰে নামত
পাঁচ কেজিকৈ বিনামূল্যৰ চাউল
আৰু মাহিলী ১২০০ টকাৰ অৰুনোদয় আঁচনিৰ ঘোষণা কৰা।
লেখক আৰু শিল্পীসকললৈকো এককালীন সাহাৰ্য্য আগবঢ়োৱা।
দেৱালত ছবি অঁকা ল’ৰাজন
আৰু ফেচবুকত কবিতালিখা ছোৱালীজনীক
অন্ধকাৰ কাৰাগাৰলৈ নিক্ষেপ কৰা।
আৰু...আৰু...
হাতীৰ দাঁত আৰু গঁড়ৰ খৰ্গবোৰ সিহঁতৰ পৰা কাঢ়ি আনি
সংগ্ৰহালয়ত সজাই ৰখাৰ ব্যৱস্থা কৰা।
১০০ টকীয়া টিকেটৰ বিনিময়ত
এদিন সেয়া আমাৰ উত্তৰ পুৰুষে চাব।
বাতৰি চেনেলবোৰত
বাধ্যতামূলকভাবে প্ৰচাৰ কৰা...
“বুদ্ধং শৰণং গচ্ছামি”
“সঙ্ঘং শৰণং গচ্ছামি”
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment