সোণালী সুবাস
দীপ্তি ঠাকুৰ গোস্বামী
শাওনৰ পথাৰত বাৰিষাৰ ঢল
ঝিৰ ঝিৰ্ কৈ নামি আহে
অমৃতস্রবিনী
সৰু সৰু আলিৰ মাজেৰে বৈ যায়
আশাৰ সঞ্চাৰ
পূব আকাশৰ প্ৰথম কিৰণত
দদাইদেউ, ককাইদেউ গৰুহাললৈ
খেতিলৈ যায়
জুইয়ে পুৰা ৰ’দৰ তাপ
কষ্টৰ বোজা
নাঙলৰ মুঠিতেই কৰ্মৰ ফল
মূৰৰ ঘাম মাটিত পেলাই
গজালি মেলে স্বপ্ন ভৰা বাস্তৱৰ
আনন্দাশ্রু বৈ যায় নীৰৱে নীৰৱে
জীৱনৰ ৰঙবোৰ সাৰ পাই উঠে
সেউজীয়া কঠীয়াগোছা হাতৰ মুঠিত
শাৰী শাৰীকৈ ৰুই গ’ল সোণালী সপোন
ভূঁই ৰোৱা পথাৰত মাছৰ উজান
ৰোৱনীৰ খিলখিল হাঁহি
খালৈত ভৰাই
পুঠি, খলিহনা, গৰৈচিৰিকা
এসাঁজ খোৱাৰ তৃপ্তিৰ আনন্দ
সেইয়া জীৱন সঁচা জীৱন
নাই কৃত্ৰিমতা প্ৰসাধনৰ প্ৰলেপ
মাথোঁ প্ৰেমৰ আলিংগন
ভাতৃত্ববোধৰ চানেকি
শৈশৱ কৈশোৰৰ সেই মিঠা মিঠা ছবিখনৰ
মধুৰ মাদকতাই প্রাণ উপচায়
কেঁচা মাটিৰ গোন্ধে মোক ৰিঙিয়াই মাতে
য’ত মৈ দিয়া মাটি ডৰাত
সেউজ সপোনবোৰ ঠন ধৰি উঠে
শ্যামলী সাজ
সোণোৱালী ৰহণত
ৰোৱনীৰ মনবোৰ হেঁপাহেৰে ভৰে
ভঁৰাল ঘৰৰ ডুলিত সোণগুটিবোৰ জিলিকি উঠে
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment