মিছা অহংকাৰ
ববী কলিতা
কামৰূপ গ্ৰাম্য
কেতিয়াবা শ্মশানলৈ যাবাচোন
দেখিবলৈ পাবা আমাতকৈ
জ্ঞানী, গুণী, ধনী, ধুনীয়া মানুহ পৰি আছে
মৰাশৰ ৰূপত।
মিছাতেই অহংকাৰ ৰূপ-যৌৱনকলৈ
পৃথিৱীত আছোঁ যিমানদিনলৈ
মই ধুনীয়া, মই নিখুঁত, অপৰূপ সৌন্দৰ্য মোৰ
আৰুনো আছে কাৰ?
মৌতকৈ জ্ঞানী মানুহ নাই
মই কোৱাটোৱে ধ্ৰুৱসত্য
আনে ওফৰাব নোৱাৰে মোৰ কথা
বাকীবোৰৰ কথাৰ কোনো অৰ্থ নাই।
মোৰ সমান ধনী নাই
ময়েই ধনীলোক,
মোকেই লাগে সকলো আৰু কৰিম,
আজুৰি আনিম।
বাকীবোৰ চালচিগা ভিকহু
সকলো মগনীয়া মৰক,
মোৰ পেটটো ভৰক
কেৱল ময়েই মই।
মিছাতেই ৰূপ-যৌৱন
ধন, জ্ঞানক লৈ বাহাদুৰি
মিছাতেই গোপত গংগাটোপ হৈ
নাভাবোনো কি?
শ্মশানলৈ গলেইচোন
হৈ পৰে সকলো সমান
একোটা আৱৰণহীন শৰীৰ মাত্ৰ
নতুন নাম মৰাশ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment