ভিন্ন দৃষ্টি
গীতা ৰাজখোৱা
গোলাঘাট
মোৰ একান্তই সুহৃদ বন্ধুৰ সতে আজি এইয়া আমি এক সদ্য প্ৰসিদ্ধ মন্দিৰৰ প্ৰাংগণত।মন্দিৰৰ ওখ বিশাল গেটখনৰ বাহিৰতে জোতা খুলি কাষতে থকা টেপটোৰ পৰা পানী অকণ লৈ হাতত লৈ অহা বেল পত্ৰ, ধূপ-চাকি, আধা লিটাৰৰ পানীৰ বটল আৰু গংগাজলৰ কণমানি বটল এটা থকা পলিথিনৰ বেগটোত, আৰু নিজৰ গালৈ অকণমান চটিয়াই ললোঁ।নিজৰেই আচৰিত লাগিল মোৰ, পলিথিনৰ বেগটোত থকা গংগাজলো মই টেপৰ পানীৰে শুদ্ধ কৰিছোঁ।কাষতে ৰৈ থকা ভক্ত এজনে ভৰি হালত পানী নিদিয়া দেখি ক’লে,
: মোজা যোৰ খুলি জেপত সোমোৱাই লওক।
মই সেমেকা হাঁহি এটা মাৰি ক’লোঁ,
: বৰ ঠাণ্ডা, নোখোলোঁ।জেপত নিয়া আৰু পিন্ধি যোৱাৰ মাজত দেখোন একো পাৰ্থক্য নাই।
ভৰিত মোজাৰে সৈতে মই মোৰ একান্তই সুহৃদ বন্ধুৰ সতে মন্দিৰৰ ভিতৰলৈ সোমাই গলোঁ।
অসংখ্য ভক্ত। ভক্তসকলৰ ভৰিলৈ মোৰ চকু গ’ল। আমাৰ সৈতে আৰু এজন ভক্তৰ ভৰিতহে মই মোজা দেখিলোঁ। নিজৰে কিছু অস্বস্তি লাগিল যদিও মন্দিৰলৈ অহাৰ উদ্দেশ্য পুৰণ কৰিবলৈ ভক্তসকলৰ লানিত থিয় হ’লোঁ। আমি থিয় হোৱা দীঘলীয়া লানিটোৰ শেষত থিয় হৈ অপেক্ষা কৰিলোঁ আমাৰ সময়লৈ।শাৰীটো আগবাঢ়ি গৈ থাকিল। আমিও গৈ থাকিলোঁ। মাজে মাজে মন্দিৰ কৰ্তৃপক্ষৰ আশিস ধন্য হৈ আমাৰ শাৰীটোৰ দৈঘ্য বাঢ়ি গৈ থাকিল।।
আমি আমাৰ লক্ষ্যস্থানত উপনীত হৈ হাতত লৈ যোৱা আধা লিটাৰ পানীত গংগাজল মিহলাই দেৱাদিদেৱ মহাদেৱৰ বিগ্ৰহৰ ওচৰত থৈ দিয়া এটা কলচিত পানীখিনি ঢালি দিলোঁ। চাই থাকোতেই বহুজনে গাখীৰো ঢালিলে কলচিটোত। পানীখিনি বিশেষভাৱে গৈ লিংগত পৰিছে বুলি ভাবি থকাতো মোৰ ভুল বুলি প্ৰমাণিত হ'ল।পানীখিনি এটা বাল্টিত পৰিছেগৈ আৰু মন্দিৰৰ এজন কৰ্মীয়ে তাৰ পৰা কঢ়িয়াই অন্য এঠাইত ডাঙৰ পাত্ৰ এটাত পানীখিনি সংগ্ৰহ কৰিছে। আচৰিতভাৱে সেই ঠাইতো ভক্তৰ জুম। কাষতে থকা এজন ভক্তক সুধি গম পালোঁ,
সেইয়া হেনো পদজল, সকলোৱে নিব পাৰে ঘৰলৈ।মই সেই ভক্ত জনক আকৌ সুধিলোঁ,
: পদজল নি কি কৰে?
ভক্তজনে সন্মুখলৈ আঙুলিয়াই ৰুক্ষতাৰে ক'লে,
: পঢ়ি চাওক।
পঢ়ি চাই জানিলোঁ যে গা ধোৱাৰ পিছত অলপ গাত ঢালিব লাগে।
মই মোৰ সুহৃদ বন্ধুক কাণে কাণে সুধিলোঁ,
: এই গাখীৰপানী খিনি কেনেকৈ পদজল হ’ল? ভগৱানৰ চৰণত নপৰা এই পানীখিনি ঘৰতে আমিও দেখোন তৈয়াৰ কৰি ল’ব পাৰোঁ।
মোৰ সুহৃদ বন্ধু অধৈৰ্য হৈ ক’লে,
: কি কথা কোৱাহে তুমি।ভগৱানৰ ঘৰলৈ আহি ভগৱানকে অগ্ৰাহ্য কৰিছা। অন্য একো নহলেও এই পানী খিনিত ভক্ত সকলৰ সদিচ্ছা আৰু ভক্তি সোমাই আছে। সেইবাবেই সেয়া পদজল।
মই মনেমনে থাকিলোঁ।
এইবাৰ আহি আমি থিয় দিলোঁহি বিগ্ৰহ সাক্ষাতৰ শাৰীত।দূৰৈৰ পৰাই চকুত পৰিল “মূল মন্দপৰ ভিতৰত মোজা পিন্ধি সোমোৱা নিষেধ।” আমি দুয়ো দুয়োলৈকে চালোঁ।কি কৰা যায়!! মন্দিৰলৈ সোমাই আহোতে উপদেশ দিয়া ভক্তজনৰ কথাকেই সৰোগত কৰি মোজা জেপত ভৰালোঁ।তেনেতে ৰাজহুৱা চাকিগছ জ্বলাই মন্দিৰৰ গৰাকীয়ে প্ৰাৰ্থনা আৰম্ভ কৰিলে— “ব্ৰক্ষ্মা আদি কৰি জীৱ য’ত–। সুন্দৰ কণ্ঠৰে গোৱা প্ৰাৰ্থনাৰ সুৰে মন চুই গ’ল, লগে লগে নিজেও আওৰালোঁ যদিও মই প্ৰশ্ন এটাৰ উত্তৰ বিচাৰি ফুৰিলোঁ। পূজাৰ মন্ত্ৰোচাৰণেৰে মুখৰিত হৈ থাকিব বুলি ভাবি থকা মন্দিৰত গুৰুজনাৰ পূজা ৰহিত প্ৰাৰ্থনাৰ সুৰ। কি যে বৈপৰীত্য! মোৰ কৌতূহল নিবাৰণৰ অৰ্থে মই সুধিয়েই পেলালোঁ বন্ধুক,
: মন্দিৰত যে মন্ত্ৰোচাৰণৰ ঠাইত প্ৰাৰ্থনা?
বন্ধুয়ে মোক ক’লে,
: তাতে কি হ’ল?
: কিয়, কথাতো নিমিলা অংক নহয়নে?
: কিয় হ’ব? বিশ্বকৰ্মা পূজাত যদি ভাওনা পাতিব পাৰে, মন্দিৰত গুৰুজনাৰ প্ৰাৰ্থনা গোৱাত আপত্তি কি? এইবোৰ অদৰকাৰী কথা চিন্তা কৰি থকাতকৈ তুমি একান্ত মনে ঈশ্বৰ চিন্তা কৰা।
এইবাৰ মই নিমাতে থকাৰ সংকল্প ললোঁ। পকেটত মোজা লৈ মন্দিৰৰ বিগ্ৰহ সাক্ষাৎ কৰি নিৰ্মালিৰ বাবে দীঘলীয়া শাৰীত থিয় হ’লোঁ
এইটো আটাইতকৈ দীঘলীয়া শাৰী। বৰ ধৈৰ্যৰে নিৰ্মালি সংগ্ৰহৰ বাবে ৰৈ থকা এগৰাকী মহিলা ধহমহাই বাগৰি পৰিল। কাষৰ গৰাকীয়ে নিজৰ আচলখনেৰে বিচি দি কবলৈ ধৰিলে,
: অনুগ্ৰহ কৰি এখেতক আগতে যাবলৈ দিয়ক।বেচিকৈ অসুস্থ হ’লে সমস্যা হ’ব।
মই আৰু মোৰ বন্ধুয়ে বাট এৰি দিলোঁ। অসুস্থ গৰাকীক পাছ পেলাই আন গৰাকীহে আগবাঢ়িল। আচৰিত লাগিল মোৰ। ভগৱানক লগ পাবলৈ কৰা লৰালৰিখন দেখি। মন্দিৰৰ পৰা ঈশ্বৰক ঘৰলৈ নিয়াৰ এয়া যেন অঘোষিত প্ৰতিযোগিতা। সকলোকে আগত লাগে। বিশেষ ভাৱে মন্দিৰৰ গৰাকীক লগ কৰি ধন্য হোৱাৰ ইচ্ছা। অৱশ্যে সেই লক্ষ্যৰ পৰা ময়ো ব্যতিক্ৰম নহয়। !
মন্দিৰ দৰ্শন সম্পূৰ্ণ কৰি উভতি খোজ ল’লোঁ। ভিন্ন প্ৰশ্ন কৰি বন্ধুক আমনি দি থকা মোৰ নিজকে দোষী দোষী লাগিল। ঈশ্বৰৰ ওচৰলৈ আহিও নিজৰ মনটোক অবান্তৰ প্ৰশ্নবোৰৰ পৰা আঁতৰত ৰাখিব নোৱাৰাৰ বাবে ভগৱানে দোষ ধৰিব বুলি মনে মনে ভয় এটাইও মনত দোলা দি গ’ল। তথাপিও মোৰ মুখখন বন্ধ নহ’ল। হঠাৎ মই বন্ধুক ক’লো,
: মন্দিৰৰ ব্যৱসায়টো বৰ বেয়া নহয় বুজিছা?
তেওঁ মোলৈ চকু দুটা বহলকৈ মেলি চাই ক’লে,
: মানে, কি কথা কৈছা তুমি?
: নহয় মানে নতুনকৈ মন্দিৰ এটা হ’লে বেয়া নহয়। অথনি আমি আহোতে যে দুজন ব্যক্তিয়ে কথা পাতিছিল, “পুৰণি মন্দিৰবোৰ মন্দিৰ নহয় নেকি,মানুহবোৰ তালৈ নগৈ নতুন মন্দিৰলৈ আহে যে”- শুনা নাছিলা জানো?
: অ’ শুনিছিলোঁ? মই মন্দিৰৰ ব্যৱসায় কথা পতা পিছে শুনা নাছিলোঁ। বন্ধুয়ে অকণমান উষ্মাৰে ক’লে।
: মোৰ মতে ৰাজহুৱা মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰাটো এটা ভাল ব্যৱসায় জানানে ?। কাৰণ কব লাগিব জানো ?
বন্ধুয়ে ইতিকিং কৰি কোৱাৰ দৰে ক’লে,
: কোৱা কোৱা।ঈশ্বৰক লৈ ব্যৱসায়ৰ চিন্তা কৰিব পৰা মানুহ কেৱল তুমিয়েই আছা।মোৰ ওপৰত বন্ধুৰ কিজানি খঙেই উঠিছিল।
মনেমনে মোৰ ভয় ভয়ো নলগা নহয়। ঈশ্বৰক ব্যৱসায়ৰ সৈতে সাঙোৰি পেলোৱাটো দোষণীয় দিয়কচোন। তথাপিও কিয় জানো মগজুয়ে কথাবোৰ সাধাৰণভাৱে নলৈ কিয় অন্য দিশলৈ গতি কৰে, মই নিজেই বুজি নাপাওঁ। বন্ধুৰ খং পাতলাবলৈ মই ক’লো,
: তোমাৰ খং উঠিছে?
: তোমাৰ এই অবান্তৰ কথাবোৰ শুনাৰ পিছত অন্ততঃ এইটো মই সুধিব লগীয়া কথা বুলি ভবা নাই।
মই ক’লো,
: ঈশ্বৰৰ ওচৰলৈ আহি যদি তুমি নিজৰ খঙটো দমাবই নোৱাৰা, কাষত থকা জনক খঙেই কৰি থকা তেন্তে কিনো ঈশ্বৰ ভক্তি কৰা হ’ল? কাৰণ, “যত জীৱ তত শিৱ”
বন্ধু মনে মনে ৰ'ল যদিও শান্ত ভাৱেৰে ক'লে,
: মোক যে জ্ঞান দিছা, ঈশ্বৰ সম্বন্ধে তোমাৰ মতামত সলনি নকৰা কিয়?
: সেইটো আক’ কি কথা হ’ল। মইতো ঈশ্বৰ নাই বুলি কোৱা নাই বা ঈশ্বৰক অমান্য কৰা নাই।
: ঈশ্বৰক লৈ ব্যৱসায় কৰাৰ কথা কোৱাৰ পিছতো তুমি এনেকৈ কৈছা ?
: মই ভাবো তুমিও মোৰ দৰে বিচাৰ কৰিলে,মন্দিৰ প্ৰতিষ্ঠা কৰাটো এটা ব্যৱসায় বুলি ভাবিবলৈ বাধ্য হ'বা।
বন্ধুয়ে মোলৈ বৰ কৌতুহলেৰে চালে।
চোৱা, যদিও লিখা আছে যে শৰাইৰ সৈতে অৰিহণা এবাৰ দিলেই হয়, তথাপিও ভক্তৰ প্ৰতিটো শাৰীৰ শেষত একোখনকৈ শৰাই থোৱা আছে। শৰাইবোৰত কি দেখিলা?
: পইছা।
মই আকৌ ক’লো,
: কথাটো জিঅৰ ৰিচাৰ্চৰ দৰে নহ'লনে বাৰু? জিঅই প্ৰথমতে ফ্ৰি দাতা দি এতিয়া দস্তুৰমত বঢ়াই দিলে। ঠিক তেনেকৈ নালাগে বুলি কৈ শৰাই থৈ দিয়াতোও একেই কথা। ব্যৱসায় তেনেকুৱাই।
: আৰু কোৱাচোন,মন্দিৰ ব্যৱসায়ৰ লক্ষণ।
: কিয় প্ৰচাৰ আকৌ।অন্য বস্তু বিক্ৰীৰ বাবে যেনে দৰে প্ৰচাৰ চলে তেনেদৰে মন্দিৰ ব্যৱসায়ৰ প্ৰচাৰ চলে। সেই প্ৰচাৰ শুনি মানুহ আহে ধপলিয়াই ঈশ্বৰক লগ পাবলৈ। যেনেকৈ তুমি আৰু মই আহিছোঁ। আমি দেখোন জানোয়েই ঈশ্বৰ সৰ্বত্ৰত।
ঃঈস্পিত পাবলৈ সকলোৱে আশা কৰে।তাত কি দোষ?
: দোষৰ কথা নাই,ব্যৱসায়ৰ কথাহে আছে।প্ৰচাৰ চলাই, অফাৰ দি একে ধৰণৰ বস্তু বিক্ৰী কৰাৰ দৰে একেধৰণৰ মন্দিৰত ঈশ্বৰ ভিন্ন ধৰণে পোৱাতো একেই কথা নহয়নে?
বন্ধুই মুখখন কোঁচাই ক'লে,
: তোমাক নোৱাৰি আৰু?এটা কথা কোৱাচোন একোটা ব্যৱসায়ত ভিন্ন ধৰ্মৰ, ভিন্ন জাতিৰ মানুহ জড়িত থাকে।ব্যৱসায়ত বিশেষ ধৰ্ম বুলি কথা নাই।কিন্তু তোমাৰ মন্দিৰৰ ব্যৱসায়ত নিৰ্দিষ্ট ধৰ্মটোৰ মানুহহে জড়িত থাকে বা থাকিব পাৰে।কিয়?
মই অকণমান চিন্তা কৰি ক'লো,
: ব’লা মই তোমাক প্ৰমাণ দিম যে ইয়াত কেৱল নিৰ্দিষ্ট ধৰ্মৰ মানুহেই জড়িত নাই। যিকোনো ব্যৱসায়ৰ দৰে ভিন্ন ধৰ্মৰ লোকো জড়িত আছে।
আমি আগবাঢ়ি যোৱা ৰাষ্টাৰ দুয়োকাষে মন্দিৰৰ প্ৰয়োজনীয় সামগ্ৰীৰে ভৰি থকা অসংখ্য দোকান। আমি মন্দিৰলৈ আহোতে ধূপ চাকি কিনা দোকান খনে আমাৰ পৰা পাবলৈ থকা পইছাকেইটা দিবলৈ সোমালোঁ। ইতিমধ্যে চাৰি বাজিছিল। কৰবাৰ পৰা ভাঁহি আহিছিল আজানৰ শব্দ। দোকানখনৰ দোকানী মহিলা গৰাকীয়ে আমাক দেখি লগত থকা ল’ৰাটোক ক’লে,
: বেটা, ছাৰ সকলক কি লাগে দেচোন।
মই ক’লো,
: বাইদেউ, আমি আপোনাক পইছা দিবলৈহে আছে। পাবলৈ একো নাই।
: এহ! তেনেকৈ কিয় কৈছে, মন্দিৰলৈ আহিছে আশা কৰাতো পাবই--মহিলা গৰাকীয়ে ক’লে।
: সেইটো বাৰু হয়।আজি কিন্তু মন্দিৰত বহুত ভক্ত।
: হয়, এইকেইদিন বহুত দূৰৈৰ পৰা ভক্ত আহিছে। দিনটোত অসংখ্য সৰু গাড়ীৰ লগতে বাচ কমেও দহ-বাৰ খন থাকেই। খোজকাঢ়ি অহা সকল আছেই।
: দিনটোৰ বিক্ৰী চাগৈ ভালেই হৈছে আপোনাৰ।
: এইকেইদিন ভালেই চলিছে।এইখন দোকানৰ ওপৰতে মোৰ ঘৰখন চলি আছে।
: ভাল বাৰু বাইদেউ। ভাল লাগিল আপোনাক লগ পায়। আপোনাৰ নামটো ক’ব নেকি। আমাৰ চিনাকি কোনোবা আহিলে আপোনাৰ ইয়াতে মন্দিৰৰ সামগ্ৰী কিনিবলৈ কম।
মহিলাগৰাকীৰ মুখত হাঁহি বিৰিঙি উঠিল, তেও ক’লে,
: আচমা খাতুন।
মোৰ বন্ধুয়ে মোলৈ মুখ মেলি চাই ৰ’ল।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment