গোলাপীহীন সেউজীয়াবোৰ
পুষ্পজ্যোতি নাথ
জামুগুৰি, নগাঁও
অফিচটো প্ৰায় খালী। computer operator দুগৰাকী, security গাৰ্ড এজন আৰু দুজন পিয়নৰ বাদে অফিচত আৰু কোনো নাই। প্ৰায়বোৰ অফিচাৰেই field ত। এপ্ৰিল মাহৰ আৰম্ভনিৰ পৰাই কলিকতাত অলপ গৰম পৰিছে। ৰাস্তাত বাইক-স্কুটাৰত অলপ গৰম লাগে। পলাশে ওচৰতে অলপমান field ৰ কাম কৰি অফিচলৈ সোমাই আহিল। সকলোকে সম্ভাষণ জনাই নিজৰ desk ত laptop টো খুলি ল’লে। নতুন বছৰৰ ব্যৱসায় আৰম্ভণিৰ সময়, head অফিচৰ pending মেইল ভৰি আছে, এটা এটাকৈ reply কৰিব লাগিব ।
পলাশে পকেটৰ পৰা ফোনটো উলিয়াই টেবুলত থব লওতেই বাজি উঠিল, অজান নম্বৰ। ধৰো-নধৰোকৈ পলাশে ফোনটো receive কৰিলে। “হেল্ল”.....পলাশ নেকি? এগৰাকী মহিলাৰ কণ্ঠস্বৰ । “হয়, আপুনি কোনে ক’লে?” পলাশে সুধিলে। “অই বান্দৰ, মই অনুৰাধা, যোৱা তিনি-চাৰি বছৰে তোৰ কোনো খা-খবৰ নাই, তোৰ গাৱৰ ঘৰলৈ কালি গৈ ফোন নম্বৰটো আনিছো । ভালে আছ তই, আৰু পৰীৰ ভালনে ? ইহঁত দুটা? অনুৰাধাই একেবাৰে চিঞৰ-বাখৰ লগালে। ভাল, ভাল পাগলী, সব ভালে আছো, তোৰ নম্বৰটো ফোনটো সলাওঁতে হেৰুৱালো, মনত পৰে তোলৈ, পৰীয়ে সুধে তোৰ কথা মাজে- মাজে। ভালে আছ তই ?” পলাশে খবৰ ল’লে। “শুন বান্দৰ, এটা ভাল কাম কৰিবলৈ গৈ আছো, তই আহিব লাগিব, তই মোক বহুত সহায় কৰিছ, গতিকে মোৰ এই কামটোৰ opening তোৰ দ্বাৰাই কৰিব বিছাৰো। “অনুৰাধাই দাবী কৰিলে । “ধেই পাগলী, company ৰ চাকৰি,যাও বুলিয়েই যাব নোৱাৰো, বিহুত দুদিনৰ বাবে গৈ আহিছোহে, এতিয়া আৰু নাযাওঁ ....।”
“নাই, নাই তই আহ এদিন সোনকালে, পাৰিলে সপ্তাহৰ ভিতৰতে, মই আশা কৰিছো,আহিলে সকলো গম পাবি, ভাল পাবি ....। জনাবি মোক।
“হ’ব চাও” বাৰু বুলি পলাশে ফোনটো কাটিলে।
অনুৰাধা বৰুৱা, পলাশ-পৰীৰ কলেজৰ সহপাঠী , ঘৰো একে অঞ্চলতে। প্ৰেমিক যুগল পলাশ-পৰীৰ যেন অভিভাবক তাই। একোতে ভয় ভীত নথকা তাইক কোনেও জোকাই নলয়। এদিন অনুৰাধাৰ জীৱনলৈও প্ৰেম আহিছিল, ৰজত শৰ্মা, প্ৰায় দুশ কি:মি: মান দুৰৰ চহৰখনৰ নামজ্বলা ব্যবসায়ী। ৰজতৰ ঘৰৰ অমান্তি স্বত্বেও এদিন ৰজত-অনুৰাধা এক হৈছিল। সহায় কৰিছিল পলাশ-পৰী আৰু অন্য বন্ধু বৰ্গই। দুয়ো প্ৰায় সুখেৰেই সংসাৰখন চলাই নিছিল আৰু লাহে লাহে ৰজতৰ ঘৰখনেও সিহতক সামৰি লৈছিল। চাকৰি পাইছিল যদিও অনুৰাধাই নকৰি ৰজতকে সহায় সহযোগীতা কৰিলে। এনেদৰেই প্ৰায় চাৰি পাঁছ বছৰ বাগৰিল। আনফালে পলাশ পৰীয়েও নিজৰ সংসাৰ চম্ভালি ল’লে, বছৰটোৰ ভিতৰতে পৰী মাক হ’ল। পিছে বহু চেষ্টাৰ পিছতো অনুৰাধাই অতবছৰে সন্তানৰ মুখ নেদেখিলে। লাহে লাহে যেন ৰজতে অনুৰাধাক অবজ্ঞাৰ দৃষ্টিৰে চাব ধৰিলে আৰু ৰজতৰ ঘৰখনেও ইয়াত সাৰ-পানী যোগালে। মাতৃত্ব নাপালে বুলিয়েই অনুৰাধাৰ নাৰীত্বক পদে পদে অপমান কৰা হ'ল ।হয় অনুৰাধা বন্ধ্যা, কিন্তু বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে চিকিৎসাৰে সন্তান লাভ কৰিব পাৰি অথবা বেলেগৰ তুলি-টালিও লব পাৰি। কিন্তু ৰজতক বা ঘৰখনক অনুৰাধাৰ গৰ্ভৰ সন্তান লাগে। এইকাৰনটোতে ইমানদিনীয় প্ৰেম আৰু বিবাহৰ পৰিনতিয়ে শেষত বিচ্ছেদৰ ৰূপ পালে। পলাশ -পৰী আৰু বিভিন্ন বন্ধু -আত্মীয়ৰ বুজনিৰ স্বত্বেও সিহতৰ সংসাৰখন নৰলগৈ। অনুৰাধাই চহৰখন এৰি গাৱৰ একমাত্ৰ মাক থকা ঘৰখনলৈ গুছি গ’ল। উপাৰ্জনহীন ঘৰখন চলিবলৈ পলাশে অনুৰাধাক এটা coaching centre খুলি দিলে। চবেই অনুৰাধাক পুনৰ বিয়া কৰাৰ কথা ক’লে। তাই মাথো কয় যে তাই তাইৰ নাৰীত্বক পুনৰ অপমান কৰিব নোখোজে। বন্ধ্যাত্ব তাইৰ জীৱনৰ এক অভিশাপ আৰু তাৰ সমভাগী তাই কাকো নকৰে। নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকেই তাইক যিদৰে অৱহেলা কৰিলে, আকৌ তাৰ পুনৰাবৃত্তি হোৱাটো তাই নিবিচাৰে।
বিজ্ঞানৰ স্নাতক অনুৰাধাৰ coaching centre টো ভালেই চলিল। পলাশ-পৰী প্ৰায়ে যায়, কেতিয়াবা সহায় কৰে। পলাশ-পৰীৰ সন্তানটিক বুকুত সাবতি মৰম কৰে তাই। প্ৰায় তিনিবছৰ মানৰ পাছত পলাশৰ চাকৰিৰ প্ৰমোচনৰ সুত্ৰে কলিকতালৈ আহিল আৰু লাহে লাহে যোগাযোগ কমি আহিল।
কামৰ পৰা আহি ৰাতি পলাশে অনুৰাধাৰ কথা পৰীক ক’লে। পৰীয়ে অনুৰাধালৈ ফোন লগালে। বহু সময় কথা হ'ল সিহত দুজনীৰ। শেষত পলাশ দুদিনৰ কাৰনে যোৱাৰ কথা ঠিৰাং কৰিলে।
এয়াৰপৰ্টৰ পৰাই দিনটোৰ কাৰনে গাড়ী এখন ভাড়া লৈ পলাশ অনুৰাধাৰ ঘৰ পালেগৈ। আগৰ সৰু ঘৰটো নাই, তাৰ ঠাইত এটা ডাঙৰ দুমহলীয় RCC ঘৰ। অনুৰাধা প্ৰায় দৌৰি আহি চোতালতে পলাশক সাবতি ধৰিলে “আহ, আহ... বৰ আনন্দৰ দিন আজি, বহুবছৰৰ মুৰত তোক পাই মই আত্মহাৰা হৈ পৰিছো। বাৰান্দাত ৰ’দ লৈ বহি থকা মাক প্ৰণাম কৰি পলাশ ভিতৰলৈ গ’ল। তাক drawing room ৰ ছোফাখনতে বহিবলৈ দি তাইয়ো গাত গা লগাই বহি ল’লে। আগৰ জৰ্জৰিত অনুৰাধাক বৰ উজ্জ্বল দেখা গৈছে। কেইদালমান ৰূপালী চুলি কপালৰ আগত নাচিছে, অলপ শকতো হৈছে। পৰিবেশটো কিবা উৎসৱমুখৰ। পলাশে চাৰিওফালে চকু ফুৰালে। বাৰান্দাত দুজনী কণমানিয়ে মালা গাঠি আছে, চোতালৰ সৰু জোলনাখনটো এটা সৰু ল'ৰাই খেলি আছে। দুগৰাকী মহিলাই আহি চাহ বিস্কুট দিলে।
“কোন এওঁলোক - পলাশে নম্ৰতাৰে অনুৰাধাক সুধিলে। দুয়ো নমস্কাৰ দি অকনমান হাহিলে। “পলাশ, এয়া মানসী আৰু নিৰু, আমি সকলো বন্ধ্যা, আমি উপেক্ষিত, সেয়ে ইহঁত দুজনীকো মই মোৰ লগৰী কৰিলো।” আৰু আহ পলাশ, ইহত দুজনী অনু আৰু ৰাধা, মোৰ প্ৰথম দুটি সন্তান, ৰাস্তাত প্লাষ্টিক বিচাৰি আছিল, মই লৈ আহিলো, আৰু জোলনাত সেইটো ৰূপ, ভিক্ষা কৰি ফুৰিছিল সি। এতিয়া মই ইহঁত বোৰৰ মাক। মই এতিয়া বন্ধ্যা নহয়, মই মাতৃ ,আমি সকলো মাতৃ, পলাশ...। “অনুৰাধাৰ বিৰাট ফুৰ্তি, যেন তাই পখিলা হৈ উৰিব, হাহিব, নাচিব !
আহ… আহ ভিতৰলৈ আহ, এয়া চা… “অনুৰাধাই বিচনাখনলৈ আঙুলিয়াই দিলে।” আৰে এইটোচোন একেবাৰে পানীকেচুৱা! তই কেনেকৈ চম্ভালিবি ? পলাশ আচৰিত হ’ল। “বুকুৰ পিয়াহ দিব নোৱাৰিলেও বুকুৰ ওমেৰে তাক চম্ভালিম, ডাঙৰ কৰিম তাক পলাশ।” মোৰ দেহত মাতৃত্ব নিদিলে যদিও নাৰীত্ব সম্পুৰ্ন আছে, মৰম-ভালপোৱা আছে, উৎপাদনক্ষম নহ’লো যদিও প্ৰতিপালনৰ ক্ষমতা আমাৰ আছে, পলাশ।” এইবাৰ অনুৰাধা আবেগিক। “ইয়াৰ নাম জীৱন দিছো, পৰহি চহৰৰ ৰাস্তাৰ দাষ্টবিনত পাই লৈ আহিছো।
অনু আৰু ৰাধাই ওপৰমহলাৰ দৰ্জাত মালা বান্ধিলে, লগতে এডাল ফিটা। ৰূপে দৌৰি আহি পলাশৰ হাতত এখন কেঁচি দিলে, সকলোৱে আগবাঢ়িলে সেইফালে। অনুৰাধাৰ অনুৰুধ মৰ্মে পলাশে ফিটা কাটিলে “মাতৃত্ব, এক অনাবিল আনন্দ” নামৰ গৃহটিৰ। সকলোৱে হাতচাপৰি বজালে, মানসীয়ে এখন ফুলাম গামোছা পলাশৰ ডিঙিত পিন্ধাই দিলে। অনু, ৰাধা আৰু ৰূপে পলাশৰ ভৰি চুই প্ৰণাম কৰিলে।
অনুৰাধাই খোৱা-বোৱাৰ ব্যৱস্থাত ব্যস্ত হ’ল। মাজে মাজে পলাশে লক্ষ্য কৰে, বৰ আনন্দ আজি তাইৰ মনত। মাতৃত্বৰ গোলপীয়াবোৰ তাইৰ সৌভাগ্য নহ'ল যদিও নাৰীত্বৰ সেউজীয়াবোৰে তাইক অতিমাতৃ কৰি তুলিছে। সেউজীয়াবোৰ তাই হেঙুলীয়া হ'ব নিদিলে ।
যোৱাৰ সময় হ’ল পলাশৰ, এদিন গাৱৰ ঘৰত কটাই তাৰ পিছদিনা কলিকতালৈ যাবগৈ। সকলোৱে ৰাস্তালৈকে আগবঢ়াই দিলে। “তই বৰ ডাঙৰ মানুহ হৈ গ'লি পাগলী”, পলাশে অনুৰাধাৰ কপালত এটা চুমা আঁকি দি ক’লে। অনুৰাধাই চলচলীয়া চকুহাল মুহাৰি কিবা ভোৰভোৰালে, “ভালে থাকিবি, বান্দৰ” বুলি কোৱাৰ দৰেই লাগিল।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment