আপোনাৰ শেষ ইচ্ছা কি?
অজয় বৰুৱা
( ১)
“তোমাৰ জন্মদিনৰ শুভপুূৱা
ক্রমান্বয়ে বাঢ়ি আহিছে ব্যস্ততা,
প্রতিজনে কৰণি ভৰাই দিছে শুভকামনা
সকলোৱে একেমুখে স্বীকাৰ কৰিছে
তুমি হৃদয়ৰ পৰা ধুনীয়া
সজীৱ হৈ উঠিছে ভালপোৱা…।”
সমূখন এখন সেউজীয়া সাগৰ লৈ বহিছোঁ আমি। চকুৰে মনিব নোৱালৈকে সেউজীয়া ঘাঁহ।মাজে মাজে জোপোহা দুই এডাল গছ আৰু তাৰ তলত একোখনকৈ বহিব পৰা কাঠৰ বেঞ্চ। আমি মানে নীৰা আৰু মই। আজি নীৰাৰ জন্ম দিন। জন্মদিনত মোক একান্তভাৱে পোৱাৰ মানসেৰে মোক ইয়ালৈ মাতি পঠিয়াইছে আৰু এতিয়া আমি সেউজীয়া সাগৰৰ মাজত বহি আছো। এক আবেগিক মুহুৰ্তত মই গাই দিলো মোৰ ভাল লগা কবিতাফাঁকি। তাই হাঁহি দিলে। জনজনাই থাকিল দুপৰীয়াৰ নৈঃশব্দ। কবিতাৰ প্ৰতি মোৰ এক যে সাংঘাটিক দূৰ্বলতা আছে তাই জানে। কবিতা প্রীতিত তাই বেয়া নাপায় যদিও তাই নিবিচাৰে সকলোৰে আৰম্ভণি বা শেষ কবিতাৰে হোৱাটো। নীৰা বাস্তৱিক ছোৱালী। অন্ততঃ মই লগ পোৱা দিনাৰ পৰা তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ। তাই সকলো বাস্তৱৰ স’তে মিলাই চায়, কৰে। আৱেগত বিচলিত নহয় সহজে। মোৰ আৱেগ ভৰা কথাবোৰত তাই প্ৰায়ে কমেন্ট দিয়ে মই হেনো স্বাভাৱিকবোৰ অস্বাভাৱিক বুলি কওঁ বা কৰো আৰু অস্বাভাৱিকবোৰ গতানুগতিক।
বহু দিনৰ বিৰতিৰ মূৰে মূৰে আমাৰ দেখা-দেখি হওঁ মানে লগ হওঁ। দুয়োখন ঘৰৰ ভিন্ন পৰিবেশৰ বাবে। তাত আমাৰ কব লগা একো নাই। বিশ্বাসটোহে আচল কথা। যিটো আমাৰ দুয়ো দুয়োৰ প্ৰতি আছে। লগালগি হ’লেই তায়েই প্রথম সোধে…
: কি খবৰ? কেনে আছা?
: গতানুগতিক
মোৰ চুটি আৰু পোনপটীয়া উত্তৰ। তাই অভিমানী হৈ যায়। এইটো কিবা খবৰ হ’লনে? কিমানদিন অপেক্ষা আৰু বিৰতিৰ পিছত আমাৰ দেখাদেখি হয়।
: তোমাৰ আৰু একো খবৰেই নাইনে? তোমাৰ কথাবোৰ মোক খুলি কোৱাত কিহৰ ইমান বাধা? কিয় নোহোৱা?
: কিনো কম মই?
নতুনত্বহীন জীৱন। গতানুগতিকতাৰ বাবে যেন মোৰ একোৱেই নাই আজিকালি। একঘেহেমীয়া, ৰংহীন জীৱন।
কেতিয়াবা উত্তৰ দিওঁ
“নিজা নিজা ঘৰ
নিজা নিজা ঠিকনা।”
দুচকু ঢুলঢুলীয়া হৈ যায় তাইৰ।নিমিষ নপৰাকৈ চাই থাকে মোৰ দুচকুলৈ। মুখত এটাও শব্দও নাথাকে।
কেতিয়াবা আবদাৰ কৰে, ‘লিখিবা মোৰ বাবে কিবা এটা। সেই মূহুৰ্তত ক’ত আৰু লিখা হয়! মই গাই দিও এটা কবিতা তাই শুণি যায়। মোৰ গাত গা লগাই বহি থাকোঁ অনন্ত সময়। বহু আবেলি, গধুলি।
“তই মানেই এটা মন্ত্ৰণা
প্ৰাপ্তি, অপ্ৰাপ্তিৰ উর্দ্ধত
এটা চমৎকাৰ কল্পনা…।”
: আহ: প্ৰান্তিক, বন্ধ কৰা। যন্ত্ৰণা, দুখ, নিঃসংগতাৰ কথা আৰু কিমান শুনাবা। ইয়াৰ বাহিৰে তোমাৰ আন কথা নাই? কিহৰ বাবে তোমাৰ এই যন্ত্ৰণা? কোনে দিলে তোমাক ডাঙিব নোৱাৰা দুখ?
: আৰু কাৰ বাবে এই নিসংগতা তোমাৰ?
: প্ৰান্তিক মোক উত্তৰ দিয়া, উত্তৰ লাগে মোক?
প্ৰান্তিক মই ভাগৰি যাওঁ, ব্যৰ্থ হওঁ, তোমাৰ এই নিসংগতা দেখিলি। মই তোমাৰ কাষত থাকোতে তুমি কিহত ইমান নিঃসংগ? কেতিয়াবা মই নিজকে বৰ দুখী দুখী অনুভৱ কৰো জানা? অপৰাধী যেন লাগে নিজকে। মই তোমাক মোৰ প্ৰেমত পৰিবলৈ বাধ্য কৰাইছো নেকি বাৰু....?
: নীৰা, এই নীৰা চাওঁ…।
নীৰাই বিপৰীত ফালে ঘূৰাই দিয়া মুখখন মোৰ ফালে ঘূৰাই লওঁ।
: নীৰা তুমিচোন মোতকৈও আবেগিক হৈ গলা। বাদ দিয়া এইবোৰ।এই সুন্দৰ দিনটো নষ্ট এনেদৰে নকৰিবাচোন।
নীৰাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহোতে সময় ললে। মাজে মাজে উৎপতীয়া মুখৰ আঁৰত লুকাই থাকে আমাৰ ভিতৰৰ মানুহ দুটা। বিশেষকৈ নীৰাৰ।যাৰ বাবে উপভোগ্য পৰিবেশ এটা কেতিয়াবা নষ্ট হৈ যায়। খুব ব্যতিক্ৰমী দিন সেইটো হয় যিদিনা আমাৰ মুখা-মুখীৰ পাছত অত্যন্ত প্ৰফুল্ল মন এটা লৈ আমি এৰা এৰি হওঁ।
প্ৰথম চিনাকিৰ পিছৰে পৰা ক্ৰমে নীৰা মোৰ কবিতাৰ প্ৰেমত পৰিছিল। কবিতাৰ প্রেমেৰে মোৰ কাষ চাপিছিল। মানে কবিতাৰ লগত কবিৰ প্রেমটো পৰিছিল। ক'ব নোৱাৰাকৈ খুব সংগোপনে কবিতা প্রেমিকজনী এদিন মোৰ প্ৰেমিকা হৈ পৰিছিল।
: প্রান্তিক
ইমান কৰুণ সুৰেৰে নীৰাই মোক কোনো দিনে মতা নাই। মই তাইৰ দুচকুলৈ চালো। বিষন্নতা।
: আজি বিশেষ কথা এটাৰ বাবে মাতি আনিছো তোমাক ইয়ালৈ। তুমি বুজিবলৈ চেষ্টা কৰিবা। ভুল নুবুজিবা। নীৰাৰ চকুত বর্ষাৰণ্যৰ আদ্রতা।
: কি হ’ল নীৰা? তুমি একো নকওঁতেই চকুত চকুপানী?
: প্ৰান্তিক, তুমি মোক কিয় ইমান ভাল পোৱা? মই বৰ কষ্ট পাওঁ জানা? ভাল লগা, ভালপোৱা বস্তুবোৰ মই সততে হেৰুৱাওঁ। সেইবাবে মই সেইবোৰৰ পৰা আঁতৰি থাকো।হেৰুৱাৰ দুখ সহিব পৰাকৈ মই সবল নহয় জানা। প্ৰান্তিক, মই কিজানি তোমাকো, তোমাকো হেৰুৱাম…।
: আৰে নীৰা এইবোৰ কি আবোল-তাবোল কৈ আছা ? খোলা-খুলিকৈ কোৱাচোন কি হৈছে ?
নীৰাৰ কপি আছে দুওঁঠ। দুচকুত অশ্রুৰ ঢল। আৰু এটা সময়ত মোৰ বুকুত মুখ গুজি কান্দোনত ভাগি পৰিল তাই।
(২)
“তুমিটো তুমিয়েই
স্পৰ্শ নকৰাকৈ উদ্ যাপন কৰো
বুকুত সহস্রবাৰ….।
তুমি আছা বাবেই
তোমাৰ অস্তিত্ব মোৰ হৃদয়ত
এপাহ তেজাল কৃষ্ণচূড়া।”
ষ্টেৰিওটোত জগজিৎ সিং আৰু চিত্ৰা সিঙৰ গজলে কৰুণতম সুৰ তুলি হাঁহাকাৰ কৰিছে। বিছনাখনত চিৎ হৈ মই চকু কেইটা মুদি গান শুনিছো। সহবাস কৰিছো শূণ্যতাৰ স'তে। বিষন্নতাৰে সতে বিলাপ কৰিছোঁ। তীব্ৰ দুখবোধৰ বাসনা। ধেৎ, ময়ো কিবা ষ্টেচিষ্ট হৈ পৰিছোঁ…।
কালি মা-দেউতা দুয়োজন মোৰ ওচৰলৈ আহিছিল। কিছুসময় থাকি আগৰ কেইবাৰৰ দৰে বিষন্ন মন এটাৰে গুচি গ’ল। আজি দহবছৰে মই মহানগৰীৰ বাসিন্দা। ঘৰমূৱা হোৱা নাই ইমান দিনে। নগৰৰ এই উপকন্ঠ অঞ্চলৰ এই সৰু কোঠাটো মোৰ আটাইকে প্ৰিয় ঠাই হৈ পৰিছে। সমাজত মই দুই ধৰণে পৰিচিত হ’লো। মোক লগ নোপোৱা দূৰৈৰ চিনাকী-অচিনাকী মানুহখিনিয়ে এজন প্ৰতিষ্ঠিত, বিশিষ্ট কবি-সাহিত্যিক হিচাপে সন্মান কৰে, ভাল পায় বা জানে আৰু ওচৰৰ চিনিপোৱা খিনিয়ে এজন ট্ৰেজেদি ফালি থকা প্ৰেমিক, মদাহী, আধা পাগল বুলি। মোৰ সেইবোৰলৈ একো ভ্রক্ষেপেই নাই। আচলতে কবিতা আৰু মদ দুয়োটা যোৱা দহবছৰে মোৰ একান্ত সংগী হৈ পৰিছে। আগশাৰীৰ প্রায়বোৰ কাকত, জনপ্ৰিয় আলোচনী আদিত মোৰ কবিতা বা সৃষ্টি পঢ়ি মানুহ আপ্লুত হয়। আবদাৰ, অভিমান, তাগিদা আদি ভৰাই চিঠি দিয়ে। ভাল লাগে। বিগত দহবছৰে অনিদ্ৰা, ৰুচীহীনতাত আৰু শাৰিৰীক অত্যাচাৰৰ বাবে মোৰ শৰীৰৰ লগে লগে মনো বিধ্বস্ত হৈ পৰিছে। বিভিন্ন বেমাৰে আগুৰি ধৰিছে। কাহোঁতে ওলাই আহে তেজৰ চেকুৰা। থৰক-বৰক খোজ, কাপোৰ কানি মলিয়ন।
নীৰাৰ সতে মোৰ বিয়া হ'লে এই ‘মাধূর্য’ ৰ সমান এটি ল’ৰা হ’লহেতেঁন কিজানি। মাধূর্য্যই মোৰ উৎশৃংখলতাৰে পাৰ হৈ যোৱা দিনবোৰ সাহচর্য দি আহিছে। মোৰ খেয়াল খুচীত বাধা দিয়া নাই। খবৰ ৰাখিছে মই ক’ত থাকো, কিবা খালোনে নাই। নিচাত ডুবি থাকোতে লিখা টুকুৰা কাগজবোৰ সজতনে ৰাখি থয়। কাকত আলোচনীলৈ পঠিয়াই দিছে। প্রকাশৰ পিছত দেখুৱাই। মই স্পৰ্শ কৰি ছাইছো কপা কপা হাতেৰে। ই জানো ক’ৰ পৰা কেনেকৈ মোৰ লগ লাগিল গমকে নাপালো। আজিলৈ সোধা নাই তাৰ ঘৰ-পৰিয়ালৰ কথা। আছে থাকক। নোকোৱাকৈ মোৰ সমস্ত দায়িত্ব সি মূৰ পাতি লৈছে। অবিশ্বাস-বিশ্বাসৰ কথা নাই। ৰূমৰ চাবি-কাঠী তাৰ হাততেই থাকে আজি কালি। এদিন সি মোক যোৰ কৰি ডাক্টৰৰ ওচৰলৈ লৈ গৈছিল।
ডাক্তৰসকল নিৰুপায়, অসহায়। মোক একো নকলেও তেওঁলোকৰ কথা-বতৰা, চাল-চলনত মই বুজি উঠিছোঁ ফাঁচীৰ প্রাকমুহূর্তত অপৰাধীক সোধাৰ দৰে তেওঁলোকেও প্ৰশ্ন কৰিবলৈ যেন ৰৈ আছে। “আপোনাৰ শেষ ইচ্ছা কি ?”
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment