প্ৰলোভন
শৰৎ হাজৰিকা
ৰঙাগড়া ঘাট, গোলাঘাট
নলাটোৰ পানীখিনি যাবলৈ নিদি বন্ধ কৰি থোৱাটো ভাল হোৱা নাই। বৰষুণৰ বাবে বন্ধ পানীখিনি ওফন্দি ৰাস্তাটো জলমগ্ন কৰা নাইনে? মানুহখিনিয়ে কথাটোত মনে মনে থকাটো ভাল কথা হৈছে জানো ? সকলোৱে গৈ অতুল মহৰীক কোৱাটো জৰুৰী। এই দুৰ্ভোগ চুবুৰীটোৱেহে ভুগিছে ? তেওঁ নোভোগে।
চুবুৰীৰ মানুহখিনিক ইমান চিঞৰি চিঞৰি শান্তিৰাম মাষ্টৰে ক’লে কিন্তু কোনো মানুহেই তেওঁৰ কথাত সহযোগ নকৰিলে। শান্তিৰামে বুজিলে - চুবুৰীয়াৰ কোনেও মাত নামাতে। কাৰণ অতুল মহৰীয়ে চুবুৰীয়া মানুহখিনিক হিতাধিকাৰীৰ লোভ দি থৈছে।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment