যৱনিকা পৰাৰ পাছতো…
সঞ্জীৱ সাগৰ চৌধুৰী
(ভাতৃ অত্ৰিৰ হাতত)
তেওঁ কেতিয়া কোনবাটে উভতি আহে ঠিক নাই
কি হৈ কেনেকৈ উলটি আহে ঠিক নাই
পদূলিৰ নঙলা খুলি ৰাখিবা
আগফালৰ দুৱাৰ মেলি ৰাখিবা
পিছদুৱাৰেদি তেওঁ নাহে
কোঠাৰ চাকি জ্বলাই ৰাখিবা
কেৰকেৰাই উঠিলেই দুৱাৰ
বতাহ বুলি আওকাণ নকৰিবা
তেওঁ নিৰৱে গুচি গ'লেও
বাহিৰত নিশাচৰ চৰাইৰ উচুপনি শুনি থাকিবা
ওহোঁ ! তেওঁ আহিলে শিয়ালে নেমাতে
কুকুৰে নুভুকে
অ’ জিলিয়ে কৰি তুলিব পাৰে ৰাতিটো দীঘল
আৰু সেই সুৰুঙাতেই
তেওঁ সোমাই আহিব পাৰে ভেন্টিলেটৰেদি
জোনাকী হৈ
জোন হৈ জুমি চাব পাৰে মুধচৰে
তুমি সাৰে থাকিবা
সাৰে থাকিম আমিও
খুলি ৰাখিম পদূলিৰ নঙলা
মেলি ৰাখিম আগফালৰ দুৱাৰ
জ্বলাই ৰাখিম কোঠাত চাকি
তেওঁ কোনবাটে কেতিয়া আহে ঠিক নাই
তেওঁ কি হৈ কেনেকৈ আহে ঠিক নাই
আমি সকলোৱে তেওঁলৈ ৰৈ থাকিম
জীৱনৰ এই নাটঘৰত
যৱনিকা পৰাৰ পাছতো
এখনি নতুন নাটৰ আখৰাথলিত…
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment