আমি কিয় হ’ব নোৱাৰো ?
জনাৰ্দন পাটৰ মচৰং
গাঁৱৰ কেকুৰিত থকা দোকানবোৰ আমাৰ কিয় হ’ব নোৱাৰে
কাহিলি পুৱাতেই ঘৰে ঘৰে মাছ-শাক দিয়াসকল আমি কিয় হব নোৱাৰো,
চহৰৰ ফলৰ দোকানখন আমাৰ কিয় হ’ব নোৱাৰে।
দুই-তিনিটা পাহাৰ বগাই পোৱা অথবা
ভিতৰুৱা গাৱঁখনৰ সৰু চকটোত থকা হোটেল খনো আমাৰ কিয় নহয়।
পান-তামুলৰ দোকানখন, মাছ মঙহৰ বজাৰ বোৰ আমাৰ হ’ব নোৱাৰে কিয় ?
ফেৰিৱালা, চানাৱালা আৰু যে বিভিন্ন সামগ্ৰী হাতত লৈ
চিঞৰি চিঞৰি বিক্ৰী কৰা কেইজন
অথবা ট্ৰেইনত টাইম পাচ বুলি কৈ থকা কেইজন
আমি কিয় হ’ব নোৱাৰো ?
চহৰৰ মাজমজিয়াত থকা ওখ ওখ ব্যৱসায় কেন্দ্ৰিক
দালানবোৰ আমাৰ নহয়,
চপিং মলবোৰো কোনোৱা…!
চাৰিলেন যুক্ত ৰাস্তাৰ কাষৰ পথাৰবোৰত
পকি পিলাৰ বনাই দখল কৰি লোৱা সেই যে মাটিবোৰ…
সেইবোৰো আমাৰ নহয়।
আমাৰ গাওঁৰ বাপধনে দুদিন মান চেলুন এখন খুলি
বন্ধ কৰিলে গাওঁৰ মানুহৰ নানানটা কথাত।
ফুলচনে ব্ৰইলাৰ ফাৰ্ম খন আধাতে সামৰিলে
গাওঁৰ পৰা নিলগ হোৱাৰ ভয়ত।
উদং পথাৰ আৰু উদং ঘৰ-বাৰিৰ গৰাকী হৈ
গাওঁৰ কেকুৰিটোৰ পৰা অথবা সাপ্তাহিক বজাৰৰ দৰৱ
দিয়া লাই-পালেং কিনি খোৱা স্বভিমানি নাগৰিক আমি।
বহিঃ ৰাজ্যৰ পৰা আহি প্ৰথমে বস্তুাপাৰি আৰু
পাচলৈ নিগাজীকৈ দোকান সাজি লোৱা কেইগৰাকীৰ লগত
দিনৰ দিনটো আড্ডা মাৰি ভাল পোৱা কথা চহকী আমিবোৰ।
আমি অন্যসকলৰ দৰে কিয় হ’ব নোৱাৰো…?
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment