ৰূপচন্দা
গাৰ্গী ভূঞা
যোৰহাট
মায়াময় জোনাকৰ প্ৰহেলিকাত
তিৰবিৰাই থকা এটি সাধুকথা !
কাৰোবাৰ চকুত গজা অ-সুখ
নে কণা-শিমলুৰ আঠা !
চকুৰ এপতিয়া খিৰিকীৰ সিপাৰে
মায়ানগৰীলৈ বুলি ঢাপলিমৰা বাট এটা
যি বাটে ফুলে সৰগৰ পাৰিজাত
নে গজে মৰতৰ মেহেগণি !
বাটৰ শেষত এখন চহৰ
সোণপানী চৰোৱা !
যাৰ ঘাটে একঁকাল দুখ
আৰু কপালেৰে বৈ থাকে
সুখ নামে সৰীসৃপ এডাল
দিনান্তত টোপনি ভঙাৰ পাছত
মোৰ ভাল লগে সেই পিতলী বৰণ !
মনৰ মহানগৰীখন আচলতে
এবুকু বানত ডুব যাম বুলি ৰৈ থকা
ৰূপচন্দা মাছ এটা...!
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment