কবি মানুহ
ধন দাস
এজন কবিৰ দাড়িবোৰ দীঘল হৈছে
তেওঁ আখৰবোৰক সুধিব পৰা নাই প্ৰশ্ন
দেশ নে প্ৰজন্ম
চিন্তা নে প্ৰবোধ
শব্দ নে প্ৰলাপ
স্বাভাবিকভাৱেই বাঢ়ি যায় সকলো
এজন কবিৰ চুলিবোৰ দীঘল জপৰা হৈছে
তেওঁ সময়ক সুধিব পৰা নাই একো
কঠিন নে কুটিল
মূল্যবৃদ্ধি নে যুদ্ধ
অপমান নে আত্মসমৰ্পণ
স্বভাৱৰ বিপৰীতে সকলো বাঢ়ি যায়
কবি এজনৰ নখবোৰ দীঘল হৈছে
তেওঁ ভাতক সুধিব পৰা নাই
ভোকৰ ৰং কি
শ্ৰম নে ৰ’দ
ঘাম নে পাৰফিউম
ঘৰ নে বাঁহতল
অস্থিৰতাত পাহৰণিৰ দীঘল বাট
কবি এজন জধলা
তেওঁৰ প্ৰশ্নৰ লাগতিয়াল উত্তৰ নাই
অসংলগ্ন শতিকা
উচ্চাকাংক্ষাৰ পাহাৰ
যান্ত্ৰিক বিজুতি
যান্ত্ৰিক প্ৰেম কিম্বা দুখ
ৰ’বটিক প্ৰয়োগ সকলোতে
এজন কবি পলাতক
পৃথিৱীক তেওঁ সুধিব পৰা নাই
সৰল নে দুৰ্বল
অকলে নে আৰু কোনোবা
ৰাষ্ট্ৰ নে বিপ্লৱ
শেষত অকলশৰীয়া ৰাষ্ট্ৰৰ সন্মুখত
বাট বিচাৰি বদনাম কবিৰ
কবি এজন মনে মনে আছে
তেওঁ ভাবি ভাবি গধুৰ হৈ আছে
স্বপ্নৰ দুহাতত
ভৱিষ্যতৰ দোমোজাত
মৰি থকা একোৰা জুইৰ এঙাৰ
ইয়াৰ পিছফালে কি
কোনোবাই বুজিব নে
বুজিলে কবিক ক’ব
নে নুবুজাকৈয়ে সহজে কৈ দিব আপুনিও
“কবি মানুহ আৰু”।।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment