তোমাক হেৰুৱাৰ পিছত
বলিন বৰদলৈ
আলামি, গোলাঘাট
তোমাৰ কথা এইমাত্ৰ ভাৱি থাকোঁতে
সৰি পৰিছিল বুকুৰ পৰা
এটা দুখৰ দীঘল হুমুনিয়াহ।
তুমি আচলতে শিল নে কি বুজি নাপালোঁ
তুমি আচলতে কি ?
তোমাৰ যে এখন হৃদয় আছে
মই আজিহে গম পালোঁ,
কাৰণ তোমাৰ চকুপানী -
আগতে তোমাৰ হৃদয় নাছিল
নহ'লে কাৰোবাক বন্ধকত দি থৈছিলা ন ?
তেনে মোক দিয়া মৰমবোৰ ছলনা আছিল নেকি ?
যদি নাছিল তেনে কি আছিল
সঁচা মৰমত ছলনাৰ বাদে একো নাই ।
মৰমে নিজেও কান্দে আনকো কন্দুৱাই
নিজে হাঁহে আনকো হঁহুৱাই
সন্মুখত আহে অলেখ বাধা প্ৰাচীৰ -
তোমাৰ অকণমান ভালপোৱাই
আৰু অধিক প্ৰেমিক কৰি তুলিছে মোক,
গভীৰৰ পৰা গভীৰলৈ গৈ আছোঁ
নাজানো ক’ত ৰুদ্ধ হ'ব গতিছন্দ
নাজানো তোমাক হেৰুৱাৰ পিছত
জীয়াই থকাৰ অৰ্থ আছেনে নাই
মোৰ জীৱনৰ ?
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment