মাটিৰ মানুহ
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
মাটিৰ সৈতে কথা কোৱাৰ
সেই দিনবোৰতে
মোৰ ঘৰৰ কাষেদি বৈ যোৱা
সৰু নৈখনে মোক
প্ৰশ্ন কৰিছিল,
আগলৈ এনেকৈয়ে এদিন
পৰিবনে মনত তোমাৰ
আমাৰ এই সখি সখি
দিনৰ কথা ?
পাৰিবানে তুমিও এই
মাটিৰ মানুহ হৈয়ে
সৰ্বহাৰাৰ সাহস হৈ
থাকিব সদায় ?
উত্তৰ কিন্তু দিয়া নাছিলো
তেতিয়াই ।
আজি এই উচ্চ আকাশ ধিয়াই
উৰি যোৱা বগা ধোঁৱাৰ দৰে
ঢাকি ৰাখি নিজকেই
কিদৰেনো প্ৰকাশো তোমাক !
তাহানিতে মাটিৰ মানুহে
কোৱা কথা
এতিয়াযে পাহৰণি হ’ল,
মইচোন নিজেই স্বৰগ হৈ গ’লো
মাটিৰ মানুহবোৰে
ঢুকিকে নোপোৱা।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment