বাট-চকু
বিশ্বজিৎ শইকীয়া
হাউলি সৰি পৰিব ধৰা হেঙুল চকু দুটা
পটা-গুটিৰে আকৌ পিহি পেলোৱা হৈছে
এবাতি পানীত ডুবি আত্মজাহ সেন্দুৰীয়া এটুকুৰা কলিজা,
চকু দুটা দুমুঠি বালিত পুতি খন্দা হ’ল চাহাৰা
শিমলুৰ ৰং দেখিছা?
মাদাৰৰ ৰং?
দুচকুত গজি উঠা চাহাৰা তিতিছিল তেজত।
পোহৰে আন্ধাৰ গিলে নে আন্ধাৰে পোহৰ
খুচৰি খুচৰি চকুত দুটা হেল’জিন পিন্ধি
পোহৰলৈ বাট চাই
গালে-মুখে খেপিয়াই বিচাৰি ফুৰিছে দগমগ ৰ’দ
পোহৰৰ ৰং দেখিছা?
পোহৰক পৰুৱাই পোৱা দিনা বাটৰুৱাই
বিচাৰি মৰে বাট
সকলো বিলাক খেলেই আন্ধাৰৰ,
পাগুৰিৰ পোহৰত হেৰাই চকু।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment