অধীৰস্থ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

অধীৰস্থ

 

অধীৰস্থ


                    ভাৰতী বসুমতাৰী


ক্ৰমাৎ লঠঙা হৈ যোৱা গছবোৰ 


চাৰিওফালে বিয়পি পৰা জুইফুলৰ‌ আকাশ

 

যেন এইমাত্ৰ গিলি পেলাব অজগৰ এটাই  

দিহিং-পাটকাইৰ ফাগুন 


শিলৰ খটখটিয়েদি সেইয়া কোন পাৰ হৈ যায়!

প্ৰাণোচঞ্চল, উন্মুক্ত 


বতাহৰ দৰে বৰষুণ এজাকত

কিঞ্চিৎ তিতি যোৱা নিৰ্জনতাই

সুখী কৰি নিয়ে সমগ্ৰ


আৰু মই চাই ৰওঁ 


নিৰ্বিকাৰ


সেউজীয়ালৈ গুচি যোৱা বসন্তৰ প্ৰতিপল উন্মুখ অধীৰস্থ।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages