মা
মাধুৰ্য বৰা
এদিন মই ৰাতি চিল মিল টোপনিতে
মোৰ কাষতে হাত বাই চালোঁ।
কিন্তু তেওঁ তাত নাছিল
ক’ত গ’ল, কি হ’ল বুলি ভাবি মই
বিছনা খনৰ শিতানতে বহিলো।
আৰু দেখো যে এখন ভগা বেৰত
ওলমি থকা এখন সৰু ফ্ৰেমৰ ফটো।
মোৰ চকুলো বাগৰি আহিল।
এনেদৰে যেতিয়া মই ৰাতি হঠাৎ
টোপনিৰ পৰা সাৰ পাইছিলো
তেওঁ মোক মোৰ মোৰতোত বাৰ বাৰ
স্পৰ্শ কৰি এটা সৰু মাতেৰে নিচূকনি
গীত গাই মোক টোপনি যোৱাইছিল।
নিজেই লঘোনত থাকি মোক খোৱাইছিল।
তেওঁৱেই হৈছে মোৰ ‘মা’।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment