অভেদ প্ৰয়োজন
মুকতাৰ আলী
যোৰহাট চিকিৎসা মহাবিদ্যালয়
সপ্তম ষান্মাসিক, ৩য় বৰ্ষ
আকাশত তৰাবোৰ জিলিকে
জিলিকে আদৰৰ জোন,
ৰাতিৰ বুকুত জোনবাইক
মুখখনি মেলোতে আনৰ প্ৰয়োজন ।
উশাহকো নিশাহৰ প্ৰয়োজন।
হাবি ভাঙি ক্লান্ত হোৱা চৰাইক
জিৰাবলৈ এখনি বুকুৰ প্ৰয়োজন,
নিঃস্বাৰ্থ, উষ্ম সমাহিত মৰমৰ।
ৰাতি জাগি পহৰা দিয়া
প্ৰহৰীকো পহৰাৰ প্ৰয়োজন,
নিজ গৃহৰ সিয়ো আপোনজন ।
নিৰাময়কাৰীকো নিৰাময়ৰ প্ৰয়োজন
অবাঞ্চিত অনাকাংক্ষিত পীড়াৰ পৰা
তেহে সফল হ’ব সুস্থ জাতিৰ সপোন,
কথাবোৰ বিষ নহৈ;
মিঠা হাঁহি সনা মুখ
মৰম সনা বুলনিয়ে কৰিব ৰোগ নিবাৰণ।
এপ্ৰন পৰিহিত সৈনিককো
এফুটা হাঁহিৰ প্ৰয়োজন
আৰু সহানুভূতিৰ এখনি হাত,
পৰিনামত ৰুগীয়াই পাব উপশমৰ
সুস্থ হাঁহি ফুলা ৰঙীণ কানন ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment