মোক ভিক্ষাৰী বুলি নাভাবিবা
নাছিৰ আহমেদ
শিমলাবাৰী গোৱালপাৰা
মোৰ হাওলি পৰা ভগা পঁজা দেখি
দুখীয়া বুলি মোক পুতৌ নকৰিবা।
মোৰ জোৰা টাপলি মৰা পোছাক দেখি
পথৰ ভিক্ষাৰী বুলি মোক উপহাস নকৰিবা।
মই স্বাভিমান থকা এজন নিভাঁজ অসমীয়া –
এমুঠি বিনামূলীয়া চাউল আৰু অকনমান সহায়ৰ বাবে
চৰকাৰৰ ঘৰত নাম লগোৱা নাই বাপেকে —
ধনৰ ভিক্ষাৰী হ’ব পাৰোঁ মই, নহয় মনৰ।
মোৰ বুকুৱেদি প্ৰৱাহিত হৈ আছে অসংখ্য উপনৈৰ সৈতে বিশাল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী; য’ত সাঁতুৰি- নাদুৰি আছে মাছ, কাছ, ঘৰিয়াল, কুম্ভীৰ আৰু নানা বৈচিত্ৰময় জীৱ।
মোৰ শিৰৰ মুকুট শাৰী শাৰী হাবি-বননি — শাল, শিমলু, চেগুন, গামাৰি ,মেহগনি আদি দূৰ্মূল্য কাঠ, ফুল-ফলেৰে ভৰা কাঁইটীয়া, জোপোহা, লতা জাতীয় গছ, বৰগছ,ওষধি গছ আদি; য’ত মহা শান্তিৰে বসবাস কৰে বাঘ, সিংহ, হাতী, ভালুক, বান্দৰ, হৰিণী আৰু অসমৰ জাতীয় সম্পদ এশিঙীয়া গঁড়।
মোৰ নেত্ৰ-যুগলত দৃষ্টি নন্দন সেউজ-সোণোৱালী শইচৰ পথাৰ, বাৰে বৰণীয়া ফুলৰ বাগিচা, শাকনি-বাৰীত লাউ, কোমোৰা, জিকা, ভোল।
গোহালিত গৰুয়ে দিয়ে গাখীৰ, তাঁতশালৰ খিট খিট শব্দ আৰু মাকোৰ ঘূৰ্ণীয়মান গতিত ছাঁতে শুকোৱা হাততেই লুকুওৱা পাটৰ কাপোৰ আৰু বৃন্দাবনী বস্ত্ৰ ।
মোৰ হৃদয়-আকাশত তাৰকাপুঞ্জ, ধুমকেতু, উল্কাপিণ্ড আৰু নীহাৰিকা;
দিনৰ ভাগত সূৰুযে ঢালে সোণালী কিৰণ,
ৰাতিত জোনে সানে স্নিগ্ধ কোমল পোহৰ।
মোক ভিক্ষাৰী বুলি নাভাবিবা
মোক দুখীয়া বুলি পুতৌ নকৰিবা।
মই স্বাভিমান থকা এজন নিভাঁজ অসমীয়া —
মোৰ বাহুত আছে মত্ত হাতীৰ বল;
ইচ্ছা কৰিলেই নতুন ৰূপত সজাব পাৰোঁ
মোৰ এই সোণৰ অসমখন!
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment