সন্ধিয়াৰ আকাশ
ৰুণু দেৱী শৰ্মা
পাঞ্জাবাৰী, গুৱাহাটী-৩৭
সন্ধিয়াৰ আকাশখন মই বৰ ভাল পাওঁ,
বিশেষভাৱে মোক আমন্ত্ৰিত কৰে সন্ধিয়াৰ আকাশখনে,
আজি সন্ধিয়াৰ আকাশখনে
মোক বেছি আচম্বিত কৰি তুলিছে, আকাশখনৰ লগত মোৰ বহুত প্ৰতিশ্ৰুতি আছিল
পোৱা-নোপোৱাৰ।
হঠাতে মোৰ দ্ৰ ইং ৰুমৰ খিড়ীকি-খনৰ ফাঁকেদি দেখা পালোঁ অৰুণক লগত এচমকা কাচিয়লী ৰ’দ,
অজানিতে সোমাই আহি মোৰ
চকুৱে- মুখে যাচিলে অযুত মৰম
নদীখনৰ সিপাৰে দৌৰি গৈ দেখিলোঁ শিমলুজোপাৰ ফাঁকেদি
চুচুক-চামাককৈ অৰুণে লাজতে
মুখ ঢাকিছে,
ওপৰলৈ চাই দেখিলোঁ পক্ষীৰ কলৰৱ, ঘৰমুৱা পক্ষীৰ জাকে
নিজৰ নিজৰ স্থান লৈছে
সন্ধিয়াৰ আকাশত।
আজি বহুত ভাল লাগিছে মোৰ
এই সন্ধিয়া বেলাৰ আকাশখন,
শিমলু জোপাৰ তলত ভেজা দি
মই অৰুণক চালোঁ জুমি জুমি
এখোজ-দুখোজকৈ অস্তগামী সুৰুযৰ মনোমোহা সৌন্দৰ্য
যেন জাপান সদৃশ কোনো এক
স্তৰত নামি আহিছে অৰুণে
হঠাতে যেন বিগলিত হৈ যাব নদীত নতু বা সাগৰৰ বুকুত।
মইও কাষৰীয়া হৈ হেলনীয়াকৈ
চাই আছোঁ আকাশখন উপভোগ
কৰিছোঁ যেন আন্ধাৰতে সাৱটি
ল’ম দুহাত মেলি,
হঠাতে যেন এদিন আহিব
মোৰ সুৰ্যাস্তত বিলীন হ’ব মোৰ
এই শৰীৰ আৰু আত্মাৰ এই সন্ধিয়াৰ আকাশত, ৰসজ্ঞৰ মজিয়াত।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment