এটি অচিন পথৰ লগৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

এটি অচিন পথৰ লগৰী

 

এটি অচিন পথৰ লগৰী


                                             সৰিফুল আলম

                                             মায়ং, মৰিগাঁও


কিনো কৰো প্ৰকাশ 

কেনেকৈ নো ৰচো কবিতা 

নহয় যেন,

তুমি অচিন পথৰ 

অচিন লগৰী ।

অনুভৱ হয় যেন,

এক অচিন ৰাজ্যৰ 

অচিন পৰী ।

যাৰ লগত চিনাকি পৰ্বতেই

অনুভৱ হ’ল যেন 

এক বিৰল অনুভূতি।

যদিওবা হয় যেন 

দুদিনীয়া সম্পৰ্ক 

কিন্তু অনুভৱ হয় যেন 

এক অপোনস্বেতীয়া সংযুক্ত।

কিন্তু কিয় বাৰু ?

দৃষ্টি নিৱদ্ধ হয় 

আজি  বাৰে বাৰে 

এটি অচিন ৰাজ্যৰ 

অচিন ৰাজকুমাৰীৰ প্ৰতি ।

হে চঞ্চল ৰাজকুমাৰী, 

তোমাৰ প্ৰতিভাৱান,

তোমাৰ একাগ্ৰতা

তোমাৰ স্পষ্টবাদীয়ে 

মোক গ্ৰাহিত কৰিছে ।

ক্ষণস্তায়ী সম্পৰ্কৰ নহয় 

চিৰ যুগমীয়া এক সুশীল

সম্পৰ্কৰ বাবে 

এটি ডাঙৰ মনোকামনাৰে

তোমালৈ আৰ্জি কৰিছোঁ,

হে অচিন ৰাজ্যৰ 

অচিন ৰাজকুমাৰী।।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages