নিজক বিচাৰি
ইৰা দেৱী
শব্দবোৰ হেৰাই গৈ
মৌনতাবোৰ প্ৰিয় হৈ পৰে,
ঠিক সেই সময়তে বিষাদে আগুৰি ধৰে
আৰু সেই বিষাদৰ লগৰী হৈ পৰে
কেৱল চকুপানী ।
চকুৰ পানীয়ে চানি ধৰি
যেতিয়া বাট নেদেখা কৰি তোলে
তেতিয়া পোহৰৰ সলনি
আন্ধাৰ কোঠাটিয়েই প্ৰিয় হৈ পৰে,
য'ত মাথোঁ থাকে কেৱল নীৰৱতা ।
সেই নীৰৱতাৰ মাজত
নিবিচাৰোঁ মই কাকোকেই,
নিবিচাৰোঁ মই মোৰ প্ৰিয়জনকো ।
এই নিসংগতাৰ মাজত
উচুপি উচুপি মাথোঁ
বিচাৰিব খোজোঁ কেৱল নিজক ।।
কাৰণ এই ব্যস্ত পৃথিৱীখনৰ মাজত কৰ’বাত যেন,
মই নিজেই নিজৰ পৰা হেৰাই গৈছো ।
কেতিয়াবা যদি নিজৰ আশা পূৰণ কৰিবলৈ,
কেতিয়াবা যদি কাৰোবাক সুখী কৰিবলৈ,
আকৌ কেতিয়াবা কাৰোবাৰ প্ৰিয় হ’বলৈ ।।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment