তৃষ্ণাতুৰ সপোন
নৰেন নৰহ
তোমাৰ হাতৰ পৰশত
সোণবৰণীয়া হ'ব দিয়া
বৰুণ দেৱৰ আশীৰ্বাদত
দুনাই সেউজীয়া হ'ব
শাওণৰ সাৰুৱা পথাৰ
সুযোগ বিচাৰি ফুৰা
তৃষ্ণাতুৰ সপোনবোৰ
বহলাই বগাবলৈ ল’ব
অ'ত-ত'ত সুলভ হৈ পৰা
জাৰ্মানী লতাৰ দৰে
সেউজীয়াৰ পৰা ক্ৰমান্বয়ে
সোণোৱালী হ’ব পাতবোৰ
ঐনিতমৰ সুৰৰ লহৰ তুলি
এগছী-দুগছীকৈ দাই
বান্ধিব মুঠি ৰূপোৱালী দাৱনী
যুৰীয়া যুৰীয়া কৈ কঢ়িয়াই আনিম
ধেনুভিৰীয়া বিৰীয়াত পাঁচ থৰ ডাঙৰি
সন্ধিয়া আপং দুই-এবাটি
হালধিৰ পাতেৰে নেফাফুৰ সৈতে
পাতত দিয়া সৰু মাছ
কিম্বা ডোখৰ-ডোখৰ কৰি
খৰিকাত পোৰা মাগুৰ মাছেৰে সৈতে
লগে ভাগে দুয়ো এমুঠি ধৰিম
অত দিনে মনত পুহি ৰখা
সপোনবোৰ পূৰণ কৰিম।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment