জয়া
লিচা গায়ন
নগাঁও, পুৰণিগুদাম
সেইদিনা মই নক’লো বঙহৰদেউ!
বোকা পিতনিৰ মাজতো মই ভাবিলোঁ!
মই ভালেই কৰিলোঁ।
মই সেইদিনা নক’লো!
মেলিব নোৱাৰা চকুৰে মই কি দেখিলোঁ জানে বঙহৰদেউ?
বৰফুকন ডাঙৰীয়াই খাইছে অহমৰ কেঁচা তেজ!
হালি যোৱা দেহেৰে দেখিলোঁ,
বৰঘৰৰ চক্ৰান্ত! ষড়যন্ত্ৰ!
মই যে কৈছিলোঁ,
আপুনি এতিয়াই ধৰা নিদিব;
মই ঠিকেই কৰিলোঁ, বঙহৰদেউ ।
মই সেইদিনা পিতনিৰ বোকাৰে ধুইছিলোঁ,
দেহৰ কৰাল মৰা তেজ, চাওদাঙৰ পৰশ।
মোৰ দেহত থকা সন্তান টো,
ভালেই হ'ল মোৰ লগতে গুচি আহিলে,
বৰঘৰৰ অৱস্থা সি দেখিবলৈ নাপালে!
সেয়ে কও বঙহৰদেউ;
মই ভালেই কৰিলোঁ!
নগাৰ সাজত চকা মকাকৈ দেখোতে
চাওফাৰ সাজত বৰণ কৰিছিলোঁ।
এৰা, আপুনি চাওফা, আং!
নিশ্চয় আপোনাক বৰ সুন্দৰ দেখিছিল নহয়?
আৰু লাই - লেচাই!
সিহঁতৰ চাগে মোলৈ মনত পৰে নহয়?
মাদুৰিৰ পৰা আহিয়ে চাগে মোকে বিচাৰিছিল?
এতিয়া মই ভ্ৰমত!
জানিছিলোঁ আপুনি আহিব!
এই মাতিব,
জয়া,
কুঁৱৰী!!
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment